কাছাৰৰ কালাইনত পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰী

Rashmi April 06, 2026

ডিজিটেল ডেস্কঃ আজি কাছাৰ জিলাৰ কালাইনত এক  ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১০ বছৰীয়া এগৰাকী স্কুলছাত্ৰী গুৰুতৰভাৱে আহত হয়। 

আহত ছাত্ৰী পায়েল বৈষ্ণৱে ভৰ্তি পৰীক্ষাত অংশ ল’বলৈ গৈ থকা সময়ত এখন বেগী স্কুটীৰ খুন্দাত আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছতে স্কুটী চালকে ঘটনাস্থলিতে বাহনটো এৰি পলাই যায়, যাৰ ফলত স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

গুৰুতৰ অৱস্থাত প্ৰথমে তেওঁক কালাইন চিকিৎসালয়লৈ নিয়াৰ পিছত অৱস্থাৰ অৱনতি হোৱাত শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হয়। চিকিৎসকসকলৰ মতে, তেওঁৰ মূৰত গুৰুতৰ আঘাত লাগিছে আৰু বৰ্তমান অৱস্থা সংকটজনক। ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।

স্থানীয় লোকসকলৰ অভিযোগ মতে দ্ৰুতগতি আৰু অপ্ৰাপ্তবয়স্ক চালকৰ বাবে এনে দুৰ্ঘটনা দিনক দিন বৃদ্ধি পাইছে। তেওঁলোকে প্ৰশাসনিক হস্তক্ষেপ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।




উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This