দেশৰ ৮০খন চহৰত একে সময়তে মুক্তি পাব 'ৰৈ ৰৈ বিনালে'ই

dainik janambhumi October 27, 2025

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে'ই অসমীয়া চিনেমাৰ ইতিহাসত এনে কিছুমান বিৰল অভিলেখ কৰিবলৈ গৈ আছে, যিবোৰ হয়তো কেতিয়াও ভংগ কৰাটো সম্ভৱ নহ'বগৈ। আটাইতকৈ ডাঙৰ কথা এয়ে যে লক্ষ্ণৌ, ইন্দোৰ, গোৱা, কোচি আদি এনে কিছুমান চহৰৰ চিনেমা হলৰ পৰা এই চিনেমাখনৰ প্ৰদৰ্শনীৰ বাবে অনুৰোধ আহিছে,

যিবোৰ চহৰত কোনোদিন অসমীয়া চিনেমাই মুক্তিলাভ কৰাতো বাদেই, অসমীয়া চিনেমাৰ প্ৰদৰ্শনেই হোৱা নাছিল। এই কথা জানিবলৈ দি চিনেমাখনৰ বিতৰণৰ দায়িত্ব লাভ কৰা ইউ এফ অ' মভিছৰ মহাপ্ৰবন্ধক সৌৰভ দত্তই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৯০খন আৰু সমগ্র দেশৰ ৮০খন চহৰৰ ১৫০খনৰো অধিক স্ক্ৰীনত ৩১ অক্টোবৰত জুবিনৰ ৰৈ ৰৈ বিনালেই মুক্তিলাভ কৰিব।

 ইতিমধ্যেই চিনেমাখনৰ প্ৰথম চাৰি দিনৰ ৰাজ্যজুৰি সকলো টিকট বুক হৈ গৈছে। আটাইতকৈ ডাঙৰ কথা এয়ে যে অসমৰ চিনেমা হলসমূহত চিনেমাখনৰ আগতীয়া বুকিঙৰ টিকটৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই প্রতিক্ৰিয়াৰ পাছতে চিনেমাখনৰ টীমটো চিনেমা হলৰ স্বত্বাধিকাৰীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। এই বৈঠকত স্বত্বাধিকাৰীসকলে জানিবলৈ দিয়ে যে টিকটৰ অগ্রিম বুকিঙে যেতিয়া ৫০ শতাংশ আৰু ৮০ শতাংশ অতিক্রম কৰে, তেতিয়া ডায়নেমিক প্রাইচিং ব্যৱস্থাৰ অধীনত টিকটৰ মূল্য বৃদ্ধি পায়।

 'ৰৈ ৰৈ-বিনালে'ৰ টীমে চিনেমাখনৰ ক্ষেত্ৰত এই বর্ধিত মূল্য প্রযোজ্য নকৰিবৰ বাবে আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ মূল্যতে টিকট বিক্ৰী কৰাৰ সিদ্ধান্ত - গ্রহণ কৰিছে স্বত্বাধিকাৰীসকলে। ইফালে, ইউ এফ অ' মভিছৰ স্বত্বাধিকাৰী সৌৰভ দত্তই কয় যে এই চিনেমাখনে ৫০ কোটিৰ পৰা ১০০ কোটি পর্যন্ত ব্যৱসায় কৰাৰ সম্ভাৱনা আছে, যদিহে পাইৰেচি নহয়।

Share This