২,১৮০টা প'ষ্ট ডিলিট কৰালে জুবিন অনুৰাগীয়ে

dainik janambhumi November 03, 2025

ডিজিটেল ডেস্কঃ চতুৰ্থ দিনাও অব্যাহত আছে জুবিনৰ ৰৈ ৰৈ বিনালেৰ ছুনামি। এইবাৰ এই ছুনামি প্ৰৱেশ কৰিছেগৈ অসমৰ উপৰি মেঘালয়, নগালেণ্ড আৰু মিজোৰামত। জুবিনৰ শেষ চিনেমাখনে সৃষ্টি কৰিলে আন এক অভিলেখ। সেয়া হ'ল চিনেমাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কালিৰ পৰা মিজোৰামৰ ছবিঘৰত প্ৰদৰ্শিত হ'ল প্রথমখন অসমীয়া চিনেমা 'ৰৈ ৰৈ বিনালে'।

 জুবিন আচলেত জুবিনেই, জুবিনৰ বাবে সকলো কথাই সম্ভৱ। মেঘালয়ৰ চিনেমা হলত 'মায়াবিনী' গাই ৰৈ ৰৈ বিনালে চোৱাৰ কথা কল্পনা কৰিব পাৰেনে? জুবিনে সেয়াও সম্ভৱ কৰি তুলিলে।মেঘালয়ৰ চিনেমা হলত জুবিনৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গোৱাৰ পাছতহে প্রদর্শিত হ'ল চিনেমাখন। 

আনহাতে, আজিও জুবিনে চকুপানীৰে ৰাজ্যবাসীক বাট নেদেখা কৰি ৰাখিছে। আজিও  কান্দি কান্দি জুবিনক বিচাৰি ফুৰিছে হাজাৰ হাজাৰ মানুহে ৰাজ্যৰ প্ৰতিটো চিনেমাগৃহৰ প্ৰতিটো হাউছফুল শ্ব'ত। 

আন এক গুৰুত্বপূৰ্ণ কথা এয়ে যে 'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচী কৰাসকলৰ বিৰুদ্ধে প্ৰথম দিনাই জঁপিয়াই পৰিছিল জুবিন অনুৰাগীৰ এক বিশাল দল। সহস্রাধিক অনুৰাগীৰে গঠিত এই দলটোৱে ৩১ অক্টোবৰৰ দিনটোতেই চিনেমাখন ফে'চবুকত উলিয়াই দিয়া ৩ শতাধিক ফে'চবুক একাউণ্ট উৰাই দিছিল। আজি পর্যন্ত এই টামটোৱে ২১৮০টাকৈও অধিক ফে'চবুক প'ষ্ট ডিলিট কৰিবলৈ বাধ্য কৰাই দিছে। 

সমগ্ৰ উত্তৰ-পূর্বাঞ্চলেই যে জুবিনৰ ৰৈ ৰৈ বিনালেৰ জ্বৰত আক্ৰান্ত হৈ আছে সেয়া দেখিবলৈ পোৱা গ'ল, যেতিয়া ধেমাজিত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ধেমাজিৰ এটা চিনেমা হলত নিশা ১২ বজাৰ শ্ব'তহে চিনেমাখন চাবলৈ সুবিধা পালে।

Share This