অভিলেখ সৃষ্টি কৰি ছবিগৃহলৈ আহিল 'ৰৈ ৰৈ বিনালে', অসমত বাদ পৰি ৰ'ল আজি মুক্তি লাভ কৰা বাহুবলী ৩

Rashmi October 31, 2025

ডিজিটেল ডেস্ক : সৰ্বকালৰ অভিলেখ ভংগ কৰি আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'। জুবিন বিহীন জুবিন গাৰ্গৰ অন্তিমখন ছবি উপভোগ কৰিলে ৰাজ্য তথা দেশবাসীয়ে। 

আজি পুৱা ৪-২৫ বজাত প্ৰথম দৰ্শনী উপভোগ কৰিলে দৰ্শকে।  দেশৰ ছবি জগতৰ ইতিহাসত সম্ভৱতঃ বিৰল, য’ত পুৱতি নিশা এখন ছবিয়ে মুক্তি লাভ কৰিছে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। তাৰ সমান্তৰালকৈ আজি মুক্তি লাভ কৰিছিল বাহুবলী ৩। কিন্তু অসমত কেৱল চলি আছে জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'। অসমত বাহুবলী ৩ৰ নাই এটাও দৰ্শনী। অসমৰ প্ৰতিটো ছবিগৃহ কেৱল 'ৰৈ ৰৈ বিনালে'। যিসময়ত বাহুবলী ছবিখনে বক্স অফিচত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল তেনে সময়ত আজি নতুনকৈ মুক্তি লাভ কৰা বাহুবলী ৩ক  পিছ পেলালে অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'। ভাৰতৰ ছবিগৃহসমূহটো একান্তভাৱে চলি থাকিল 'ৰৈ ৰৈ বিনালে'। অসমত তথা ভাৰত সকলোতে আজিৰে পৰা অহৰহ চলিব 'ৰৈ ৰৈ বিনালে'। 

উল্লেখযোগ্য যে জুবিন গাৰ্গ বিহীন আজিৰ অসম। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। তেনে এগৰাকী মহান ব্যক্তিৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যবাসী।

Share This