ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু জয়ী

dainik janambhumi May 11, 2026

ডিজিটেল ডেস্ক: ক্রুনাল পাণ্ডিয়াৰ ৭৩ ৰানৰ জৰিয়তে আই পি এলৰ কালি আন এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাজিত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। প্রথমে বেট ধৰা মুম্বাইৰ ৭ উইকেটত ১৬৬ ৰানৰ প্ৰত্যুত্তৰত বেংগালুৰুৱে ৮ উইকেটত ১৬৭ ৰান কৰি জয়লাভ কৰে। অন্তিম বলত বেংগালুৰুৱে ২ উইকেটত জয়লাভ কৰি পইন্ট টেবুলৰ শীৰ্ষলৈ আগবাঢ়ে। 

আনহাতে মুম্বায়ে ১১ খন খেলত অষ্টমটো পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ আগেয়ে ভুৱনেশ্বৰ কুমাৰৰ (৪-২৩) আকর্ষণীয় বলিঙেৰে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত ১৬৬ ৰানত সীমিত ৰাখিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। 

পোনতে বেট ধৰা মুম্বায়ে এটা সময়ত তিনি অ'ভাৰত ২৮ ৰানত হেৰুৱাইছিল তিনিটা উইকেট। পিছে নমন ধীৰ (৪৭) আৰু তিলক বার্মাই (৫৭ ৰান) ৫৭টা বলত ৮২ ৰানৰ সংযোজন ঘটাই দলীয় ইনিংছ চম্ভালে। কিন্তু উভয়ৰে বিদায়ৰ পাছত মুম্বায়ে ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হয়। বেংগালুৰুৰ বলাৰে মুম্বাইৰ বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম হয়। তাৰ মাজতে ৰোহিত শৰ্মাই ২২ ৰানৰ অবদান যোগায়। ভুৱনেশ্বৰৰ উপৰি জুছ হেজলউড, ৰাছিখ ছালাম আৰু ৰোমাৰিঅ' শ্বেফার্ডে এটাকৈ উইকেট দখল কৰে।

Share This