উচ্ছেদক লৈ উত্তপ্ত চিৰাঙৰ ৰুণীখাটা, জ্বলালে বন কাৰ্যালয়, বনৰক্ষীৰ অস্ত্ৰ লুট

dainik janambhumi April 18, 2026

ডিজিটেল ডেস্ক: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটা সংৰক্ষিত বনাঞ্চলত বেদখলৰ অভিযোগত উচ্ছেদ চলোৱাক কেন্দ্ৰ কৰি কালি অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয়। তথ্য অনুসৰি কালি নিশাৰ ভাগত ৰুণীখাটা বন সংমণ্ডলৰ বিষয়াসকলে উচ্ছেদ অভিযানৰ সময়ত ২৫ জন আদিবাসী ব্যক্তিক আটক কৰি আনে। 

ইয়াৰে প্ৰতিক্রিয়া স্বৰূপে বহু মহিলাকে ধৰি স্থানীয় বাসিন্দাই ৰেঞ্জ অফিচত সমৱেত হৈ তেওঁলোকক শীঘ্রে মুক্তি দিবলৈ দাবী জনায়। ইয়াকে লৈ বনৰক্ষী জোৱান আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্র বাক্-বিতণ্ডাৰ সৃষ্টি হোৱাৰ পাছত পৰিস্থিতি উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে মহিলাসকলৰ ওপৰত নিৰ্যাতন চলায়। ফলত কেইবাগৰাকীও মহিলা আহত হয়। 

গুৰুতৰভাৱে আহত দুগৰাকী মহিলাক চিকিৎসাৰ বাবে কাজলগাঁওস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিশাৰ ভাগত পৰিস্থিতি শাম কাটে যদিও কালি পুৱাৰ ভাগত পুনৰ উত্তপ্ত হৈ পৰে ৰুণীখাটা। এই সন্দর্ভত সদৌ আদিবাসী ছাত্র সন্থা (আছা) আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃবৃন্দই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে নিশা ২৫গৰাকী আদিবাসী পুৰুষক আটক কৰি অনাৰ পাছত তেওঁলোকৰ পৰিবাৰসকলে আলোচনাৰ মাধ্যমেৰে মুক্তি বিচাৰি বন বিভাগৰ কার্যালয়লৈ আহিছিল। কিন্তু বন বিভাগৰ লোকে মহিলাসকলক এটা কোঠাত আবদ্ধ কৰি অমানুষিক অত্যাচাৰ কৰে। আনকি কেইবাগৰাকীও মহিলাৰ শ্লীলতা হানিৰ চেষ্টা চলায়। এই কথা প্ৰচাৰ হোৱাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ কালি পুৱাৰ ভাগত হাতে হাতে যাঠি-জোং লৈ ৰুণীখাটাৰ বন বিভাগৰ কার্যালয়ত উপস্থিত হয়। পাছত তেওঁলোকে কার্যালয় চৌহদত লংকাকাণ্ড চলায়। উত্তেজিত প্রতিবাদকাৰীসকলে বন বিভাগৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰাৰ লগতে কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰি ধ্বংস কৰে। 

উত্তেজনাৰ মাজতে বন বিভাগৰ অস্ত্র-শস্ত্র, গুলী লুট কৰি লৈ যায় একাংশ দুর্বৃত্তই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ উপৰি শূন্যলৈ গুলীচালনা কৰে। ইপিনে বন বিভাগৰ লোকে অভিযোগ কৰে যে ঘটনাস্থলীৰ পৰা ৰুণীখাটা থানাৰ দূৰত্ব মাত্র ৫০ মিটাৰ সত্ত্বেও সময়মতে ঘটনাস্থলীত উপস্থিত নহ'ল আৰক্ষী। আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতত কেইবাজনো আৰক্ষীৰ লোক আহত হয়। গৰুভাসা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াও এই সংঘর্ষত আহত হয়। শিলাবর্ষণত আঘাতপ্রাপ্ত আৰক্ষীৰ কেইবাজনো লোকক চিকিৎসাধীন কৰোৱা হয়। আনহাতে, কম-বেছি পৰিমাণে আঘাতপ্রাপ্ত কেইবাজনো প্রতিবাদকাৰীও চিকিৎসাধীন হৈছে। শেহতীয়াকৈ পৰিস্থিতি কিছু নিয়ন্ত্রণলৈ আহিছে। ইফালে পৰিস্থিতিৰ বুজ ল'বলৈ নামনি অসমৰ ডি আই জিৰ লগতে কোকৰাঝাৰ, বঙাইগাঁও, চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈছে। প্ৰতিবাদকাৰীৰে আলোচনাৰ অন্তত ওভতাই পঠিওৱা হয় আন একাংশ প্রতিবাদকাৰীক। 

আনহাতে এক নির্দিষ্ট দূৰত্বত অৱস্থান কৰিছে আন একাংশ প্রতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে চি আৰ পি এফৰ লোক। ঘটনা সন্দর্ভত ইতিমধ্যে ৪জন লোকক আটক কৰা বুলি জানিব পৰা গৈছে। ইপিনে স্থানীয় বাসিন্দাসকলে অসুৰক্ষিত ভূমিৰ দীৰ্ঘদিনীয়া সমস্যাৰ কথা আঙুলিয়াই দি কয় যে ১৯৯৬ আৰু ১৯৯৮ চনত নদীৰ খহনীয়া আৰু গোষ্ঠী সংঘাতৰ বাবে বহু আদিবাসী পৰিয়ালে নিজৰ মাটি হেৰুৱাইছিল, যাৰ ফলত তেওঁলোকে বনাঞ্চলৰ মাটিত বসতি স্থাপন কৰিবলৈ বাধ্য হৈছিল। আছা আৰু চাওতাল ছাত্র সন্থাই অভিযোগ কৰা মতে, একেখন বনাঞ্চলৰ মাটিত একাধিক সম্প্রদায়ে বাস কৰিলেও কর্তৃপক্ষৰ ৰোষৰ বলি হৈছে কেৱল আদিবাসীসকল। প্রতিবাদকাৰীসকলে মহিলাক শাৰীৰিক নির্যাতন চলোৱা আৰু শ্লীলতা হানি কৰা বন বিভাগৰ লোকৰ শাস্তি বিচাৰি ধ্বনি দিয়ে। 

শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত বিশেষকৈ সামাজিক মাধ্যমৰ অপব্যৱহাৰে যাতে পৰিস্থিতি অধিক উত্তেজনাপূর্ণ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে এক অধিসূচনাযোগে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ইন্টাৰনেট সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰু পৰৱৰ্তী জাননী নিদিয়াকৈয়ে কৰ্তন কৰিছে ।

Share This