ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ মে'ৰ পৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ কৰা হৈছিল যদিও পৰ্যটকৰ আগমৰ প্ৰতি লক্ষ্য ৰাখি ২৯ মে'লৈকে বৃদ্ধি কৰা হ'ল। বিভাগীয় সূত্রে জানিব পৰা মতে, বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত দেশ-বিদেশৰ পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ কৰা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে এক জাননীযোগে ঘোষণা কৰা মতে, ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙাত জীপ ছাফাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু পুনৰ এখন জাননীযোগে কাজিৰঙাত জীপ ছাফাৰী বৃদ্ধি কৰা হয়।
উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত জাননী নিদিয়া পর্যন্ত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত ছাফাৰী বন্ধ থাকিব। বাৰিষা নামি অহাৰ লগে লগে বৰষুণ হোৱাত পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰা বাট-পথ বোকাময় হৈ পৰে। ফলত জীপ ছাফাৰীৰ বাহন উদ্যানৰ পথত চলাচল কৰাত সমস্যাই দেখা দিয়ে। অন্যহাতে, বাৰিষা ঋতুত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বহু সংখ্যক বন্য প্রাণীৰ সংগম তথা বংশবৃদ্ধিৰ সময়ো হয়।
ইফালে, ঘাঁহনি পানীৰ তল যোৱাত বন্য প্রাণীয়ে ওখ ঠাই বিচাৰি পৰ্যটকে ছাফাৰী কৰা পথৰ ওপৰত আশ্রয় লয়। তেনে পৰিস্থিতিত জীপ ছাফাৰীৰ বাহন বা আন লোকৰ বিচৰণে বন্য প্রাণীৰ অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে উদ্যান কর্তৃপক্ষই জীপ ছাফাৰী বন্ধ কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে জীপ ছাফাৰী বন্ধ কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিফেন্ট ছাফাৰী বন্ধ কৰা হৈছিল।