সাংবাদিকৰ নিৰাপত্তা ক’ত?

Jyoti Borah August 05, 2023

ডিজিটেল ডিস্ক: গণতন্ত্ৰত সংবাদ মাধ্যমক চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয়৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক পৰিচালনা কৰা ব্যক্তিসকলেই হৈছে সাংবাদিক৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সাংবাদিকসকলে অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰে৷ সমাজত দেখা দিয়া জ্বলন্ত সমস্যাবোৰ ৰাইজৰ আগত দাঙি ধৰা আৰু এইবোৰ সমাধান কৰিবৰ বাবে শাসিত চৰকাৰখনক বিহিত ব্যৱস্থা ল’বৰ বাবে হেঁচা প্ৰয়োগ কৰাটোৱেই সংবাদ মাধ্যমৰ মূল কাম৷ সমাজত দেখা দিয়া অন্যায়-অনিয়ম,  দুৰ্নীতি- অপৰাধ আদি সংবাদ মাধ্যমে জনগণৰ আগত দাঙি ধৰে৷ কেতিয়াবা কিবা ৰাজহুৱা স্বাৰ্থজনিত বাতৰি পৰিৱেশন কৰিবলৈ গৈ সংবাদ কৰ্মীজন কোনোবা এজন নিৰ্দিষ্ট ব্যক্তিৰ বাবে শত্ৰু হৈ পৰে৷ এজন সংবাদকৰ্মীৰ কাৰোৰেই সৈতে ব্যক্তিগত শত্ৰুতা নাথাকে৷ সমাজত সত্য আৰু শুদ্ধ বাতৰি পৰিৱেশন কৰাৰ ফলত কাৰোবাৰ স্বাৰ্থত আঘাত লাগে আৰু তাৰ ফলত সাংবাদিকক হত্যা পৰ্যন্ত কৰা হয়৷ শ্বহীদ কমলা শইকীয়াকে ধৰি কেইবাগৰাকী শ্বহীদ সাংবাদিক ইয়াৰ জ্বলন্ত উদাহৰণ৷

নিজৰ জীৱনক তুচ্ছ কৰি এজন সংবাদকৰ্মীয়ে সংবাদ পৰিৱেশন কৰে৷ সি লাগিলে এবুকু পানীত নামি বানপানীৰ বাতৰি পৰিৱেশন কৰাই হওক নতুবা কোনোবা দুৰ্নীতিগ্ৰস্ত বিষয়া বা ঠিকাদাৰৰ দুৰ্নীতি ফাদিল কৰাই হওক৷ সংবাদকৰ্মীসকলে যাতে মুক্ত তথা স্বাধীন মনেৰে বাতৰি পৰিৱেশন কৰিব পাৰে, তাৰ বাবে চৰকাৰে সাংবাদিকসকলক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ কোনো সংবাদকৰ্মীক যাতে সাধাৰণ জনগণে শাৰীৰিক নিৰ্যাতন কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে কঠোৰ আইনৰ ব্যৱস্থা কৰিব লাগে৷ এই আইন ভংগ কৰা ব্যক্তিক কঠোৰতম শাস্তি দিব লাগে৷ নহ’লে শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশন কৰিবলৈ গৈ সংবাদকৰ্মীসকল নিগ্ৰহ হৈ থাকিব৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক পৰিচালনা কৰা সংবাদকৰ্মীসকলক মুক্তভাৱে কাম কৰা আৰু নিৰাপত্তা দিয়াটো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শাসনত থকা চৰকাৰখনে এটা প্ৰধান কৰ্তব্য বুলি  বিবেচনা কৰিব লাগে৷

Share This