ডিজিটেল ডেস্কঃ বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগী আছে বিশ্বৰ প্ৰতিটো কোণতে, যিয়ে অভিনেতাজনক অতিশয় ভাল পায়। সমগ্ৰ বিশ্বতে ছলমান খানৰ বাবে মানুহৰ মাজত উন্মাদনা দেখিবলৈ পোৱা যায় যদিও শেহতীয়াকৈ তেওঁ এনেকুৱা এটা কাম কৰিলে যাৰ বাবে তেওঁৰ অনুৰাগীসকল তেওঁৰ শত্ৰু হৈ পৰিছে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেশ্যন সেন্দূৰ আৰু ইমান দিনে ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধক লৈ মৌন হৈ থকা ছলমান খানে যোৱা নিশা টুইটাৰত এটা বিশেষ টুইট কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ বেয়াকৈ ট্ৰ’ল হ’বলৈ আৰম্ভ কৰিছে। কঠোৰ সমালোচনা আৰু ট্ৰ’লৰ সন্মুখীন হোৱা দেখি কিছু সময়ৰ পাছতে ছলমান খানে ডিলিট কৰি দিয়ে টুইটটো।
কালি ভাৰত পাকিস্তানৰ যুদ্ধ-বিৰতি ঘোষণা হোৱাৰ পাছতেই ছলমান খানে লিখিছিল- Thank god for the ceasefire.
পহলগাম কাণ্ড আৰু ভাৰত-পাকৰ যুদ্ধত এটা শব্দও নোকোৱা ছলমান খানে যেতিয়া যুদ্ধ-বিৰতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাকে দেখি মানুহৰ খং উঠিল। যুদ্ধ-বিৰতি হোৱা বাবে ভগৱানক ধন্যবাদ দিছিল ছলমান খানে।
ছলমান খানে এই পোষ্টটো দিয়াৰ লগে লগে তেওঁৰ পোষ্টটো ভাইৰেল হৈ পৰিল আৰু অনুৰাগী আৰু ইউজাৰৰ খঙো বাঢ়ি গ’ল। তেওঁলোকে ছলমান খানক বেয়াকৈ ট্ৰ’ল কৰিবলৈ ধৰিলে, তাকে দেখি ছলমান খানেও তেওঁৰ সেই টুইটটো ডিলিট কৰি দিয়ে। কিন্তু তেওঁৰ এই টুইটৰ স্ক্ৰীনশ্বট সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰাত ছলমান খান কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। অনুৰাগীসকলে কয় যে ছলমান খানে পহলগামৰ ঘটনা, অপাৰেশ্যন সেন্দূৰ, ভাৰত-পাকিস্তানৰ যুদ্ধৰ ওপৰতো এটাও পোষ্ট শ্বেয়াৰ কৰা নাছিল আৰু এতিয়া যুদ্ধ-বিৰতিৰ ক্ষেত্ৰত তেওঁ লগেলগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ছলমান খানৰ ওপৰত খং কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এই বলিউডৰ অভিনেতাসকলক নিয়ন্ত্ৰণ কৰে পাকিস্তানত থকা ডাউদ ইব্ৰাহিমে।” আনজনে ক'লে, "এতিয়ালৈকে কিয় নিমাত আছিল?" তৃতীয়জনে লিখিছে: "ছলমান খান আপুনি লাজ পোৱা উচিত।" চতুৰ্থজনে লিখিছে, "পাকিস্তানলৈ কিয় গুচি নাযায়?" আন এজনে লিখিছে: "তেওঁ হৃদয়ৰে পাকিস্তানী, থাকেহে ভাৰতত।"
এনেদৰেই নানা তিৰষ্কাৰৰ সন্মুখীন হৈছে বলিউডৰ ভাইজান ছলমান খান।
উৎস: প্ৰাগ নিউজ ডিজিটেল