ডি চি পি জয়ন্ত সাৰথি বৰাই জনালে মঠঘৰীয়াৰ দুৰ্ঘটনাৰ সবিশেষ, ৩ যুৱতীৰে ৰুদ্ৰাক্ষ মলত ১৯ হাজাৰ টকাৰ সুৰাপান কৰিছিল ছামিমে

dainik janambhumi April 29, 2026

ডিজিটেল ডেস্ক: আৰক্ষীৰ তদন্তত এটাৰ পাছত আন এটাকৈ পোহৰলৈ আহিছে গুৱাহাটীৰ মঠঘৰীয়াৰ শিহৰণকাৰী দুৰ্ঘটনাৰ আঁৰৰ কাহিনী। ৰাজ্য কঁপাই যোৱা দুর্ঘটনাটোত তিনি গৰাকীকৈ যুৱতীয়ে মৃত্যুক সাবটি লোৱাৰ পাছতে পলায়ন কৰা দুৰ্ঘটনা সংঘটিত কৰা ছুইফট বাহনখনৰ চালক ছামিম আহমেদ সোমবাৰে আৰক্ষীৰ জালত পৰাৰ পাছতেই দুৰ্ঘটনাৰ বহু তথ্য লাহে লাহে ফাদিল হোৱাৰ লগতে আৰক্ষীয়েও নিজাববীয়া তদন্তত আৰু বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 

দুর্ঘটনাগ্রস্ত বাহনখনত থকা জি পি এছৰ তথ্যই আৰক্ষীৰ তদন্ত প্রক্রিয়াত যথেষ্ট সহায় কৰিছে। তদুপৰি আৰক্ষীয়ে ২৫ এপ্ৰিলৰ নিশা ছামিমসহ ৩ যুৱতীৰ গতিবিধিৰ তথ্যও লাভ কৰিছে। মঠঘৰীয়াৰ দুৰ্ঘটনা সন্দৰ্ভত কালি গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ডি চি পি জয়ন্ত সাৰথি বৰাই নুনমাটি আৰক্ষী থানাত এখন সংবাদমেল সম্বোধন কৰি সমগ্ৰ তথ্য সদৰী কৰে। সংবাদমেলত জয়ন্ত সাৰথি বৰাই কয় যে কমেডি শ্ব' চাবলৈ যোৱা বুলি কোৱা নেহা, পূজা, আকাংক্ষা আৰু ছামিম সেইদিনা নিশা ১১ বজাত ভঙাগড়ত উপস্থিত হৈছিল। তাৰ পাছত আটাইকেইজন ৰুদ্রাক্ষ মলত থকা এক্স'ৰ' নামৰ বাৰখনত উপস্থিত হৈছিল। নিশা ১১ বজাৰ পৰা ৩ বজালৈকে জি এছ ৰোডৰ ৰুদ্ৰাক্ষ মলৰ পাৰ্কিঙত আছিল দুর্ঘটনাগ্রস্ত গাড়ীখন। বাৰত চাৰি ঘণ্টা ধৰি তেওঁলোকে সুৰাপান কৰিছিল। 
পুৱতি নিশা বাৰত সুৰা সেৱন কৰাৰ ১৯ হাজাৰ টকাৰ বিল আদায় দি ছামিমে বাৰৰ পৰা নামি আহি তিনি যুৱতীক লগত লৈ প্রতি ঘণ্টাত ১৩৫ কিঃ মিঃ বেগত গাড়ীখন চলাই বিভিন্ন ঠাইত আতংকৰ সৃষ্টি কৰিছিল। তাৰ পিছত জি এছ ৰোড, ভি আই পি ৰোড হৈ মাদাৰ টেৰেছা পথেৰে আহি গেট হস্পিটেলৰ সন্মুখত ৰৈ থকা ট্রাকখনত ৪ বাজি ৫ মিনিটমানত ছুইফট বাহনখনে প্রচণ্ড জোৰেৰে খুন্দা মাৰে। 

দুর্ঘটনাটো সংঘটিত কৰাৰ সময়ত বাহনখন প্রতি ঘণ্টাত ৯৬ কিঃ মিঃ বেগত চলাই থকা হৈছিল। দুর্ঘটনাত তিনি যুৱতী থিতাতে নিহত হোৱাৰ পিছতেই ছামিমে পলায়ন কৰে। ইফালে দুর্ঘটনাগ্রস্ত ছুইফট বাহনখনৰ সন্দৰ্ভত যান-বাহন আৰক্ষীৰ ডি চি পিগৰাকীয়ে জনোৱা অনুসৰি প্রতিষ্ঠিত ব্যবসায়ী তথা কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী ছামিম আহমেদে ২৫ তাৰিখে তিনিগৰাকী যুৱতীক লগত লৈ ঘূৰিবলৈ পৰিকল্পনা গ্রহণ কৰিছিল। সেই অনুসৰি ছামিমে আকাশ নামৰ তেওঁৰ এজন বন্ধুৰ সহায়ত এটা ট্রেভেল এজেঞ্চিৰ পৰা ছুইফট বাহনখন ভাৰাত লৈছিল। ছামিমে বাহনখন ট্রেভেল এজেঞ্চিটোৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাৰ পৰা ভাৰাত লৈছিল। 

ছুইফটখনৰ মালিক ধেমাজিৰ পংকজ কুমাৰ দত্তই এজেঞ্চিটোক ভাৰা হিচাপে দিছিল। তেওঁ লগতে কয় 'দুর্ঘটনা সংঘটিত হোৱাৰ দিনাই পুৱা ৮ বজাত ছামিমে ট্রেভেল এজেঞ্চিৰ মালিকক ফ'ন কৰি গাড়ীখন তেওঁ চলোৱা নাই বুলি জনাই নয়দাৰ এখন গাড়ী চালকৰ পঞ্জীয়ন পত্র জমা দিছিল। ইয়াৰ পাছতেই চালক ছামিমে গুৱাহাটীৰ পৰা পলায়ন কৰি মেঘালয়ৰ শ্বিলঙত আত্মগোপন কৰিছিল। আৰক্ষীৰ পৰা বাচিবলৈ ছামিমে শ্বিলঙত দাড়ি-চুলি কাটি নিজৰ বেশভূষা সলাই প্রথমতে এখন হোটেলত আশ্রয় গ্রহণ কৰে। এই তথ্য লাভ কৰি মহানগৰ আৰক্ষীয়ে শ্বিলঙত অভিযান চলোৱাৰ সময়তে অভিযুক্ত ছামিমে আৰক্ষী অহাৰ উমান পাই শ্বিলঙৰ পৰা পলাই আহি শিৱসাগৰত আশ্রয় গ্রহণ কৰে। এই তথ্য লাভ কৰাৰ পাছত মহানগৰ আৰক্ষীয়ে পুনৰ শিৱসাগৰত অভিযান চলায় যদিও আৰক্ষী অহাৰ উমান পাই ছামিমে ডিব্ৰুগড়লৈ পলায়ন কৰে। ইয়াৰ পাছত ছামিমে ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ পলায়নৰ চেষ্টা চলাইছিল। অগ্রিম জামিন নোপোৱালৈকে অৰুণাচলত আত্মগোপন কৰিবলৈ বিচাৰিছিল ছামিমে। কিন্তু আৰক্ষীয়ে ছামিমৰ ম'বাইল ফ'নৰ উৎসৰ ভিত্তিত ডিব্ৰুগড়ৰ লাহোৱাল হৈ অৰুণাচল অভিমুখে গৈ থকাৰ তথ্য লাভ কৰি লগে লগে ডিব্ৰুগড় আৰক্ষীক যোগাযোগ কৰাত ডিব্ৰুগড় আৰক্ষীয়ে লাহোৱালত অভিযান চলাই ছামিমক গ্ৰেপ্তাৰ কৰে। পাছত মহানগৰ আৰক্ষী নিশাই ডিব্ৰুগড়ত উপস্থিত হৈ ছামিমক নিজৰ জিম্মাত লৈ মঙলবাৰে গুৱাহাটীলৈ লৈ আহে। 

উল্লেখযোগ্য যে, ছামিমৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে থানাত ভাৰতীয় ন্যায় সংহিতাৰ ২৮১/১০৬ (১)/২৮৫/৩২৪ (৫)/২৩৮ (চি)/৩ (৫) আৰু মটৰ পৰিবহণ আইন ১৮৭ৰ অধীনত কেইবাটাও ধাৰা সন্নিবিষ্ট কৰি ৬৬/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। কালি ছামিম আহমেদক আৰক্ষীয়ে আদালতত হাজিৰ কৰায়। আদালতত হাজিৰ কৰাৰ সময়ত দুর্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছামিম আহমেদে। মুখ খুলি মাত্র 'দুর্ঘটনা' বুলি এটা শব্দই উচ্চাৰণ কৰি ছামিমে মৌনতা অৱলম্বন কৰে। আদালতত হাজিৰ কৰাৰ পাছত আদালতে ছামিম আহমেদক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। এতিয়া আৰক্ষীৰ তদন্তত আৰু কি তথ্য পোহৰলৈ আহে সেইটো সময়তহে জানিব পৰা যাব।

Share This