ডিজিটেল ডেস্ক: যোৰহাট জিলাত ৰাজহ ফাঁকি দি ব্ৰহ্মপুত্ৰ নদীৰ পলসৰ অবৈধ ছিণ্ডিকেট চলাই আহিছে বহুকেইগৰাকী ব্যৱসায়ীয়ে। যোৰহাট জিলা বন বিভাগৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দীর্ঘদিনৰ পৰা যোৰহাটৰ উপকণ্ঠ নিমাতীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত চলাই আহিছে অবৈধ পলসৰ ব্যৱসায়।
ব্ৰহ্মপুত্ৰৰ নিমাতী অঞ্চলত সময়ে সময়ে হৈ থকা ভয়াৱহ খহনীয়াই অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে যোৰহাটৰ একাংশ লোকে মাথোঁ ধনৰ লালসাতে অবৈধভাৱে নদীখনৰ কাষতে বালি তথা পলস খান্দি প্রতিদিনে ব্যৱসায় চলাই আহিছে। এক সমর্থিত সূত্রই জনোৱা অনুসৰি, নিমাতীৰ নতুন গোহাঁই গাঁৱৰ দুই নং স্পাৰৰ সমীপতে দৈনিক কেইজনমান লোকে বালি আৰু পলসৰ ব্যৱসায় কৰি আহিছে। নতুন গোহাঁই গাঁৱৰ মন, ৰাকেশ, দলপি, তিনপাল আৰু কালুৱে নাওবৈছা আৰু পটীয়াগাঁও অঞ্চলৰ কেইবাজনো মালিকৰ ডাম্পাৰ চলায়। সেই সুবাদতে এইকেইজন গাড়ী চালকে কাকো গুৰু-গোসাঁই নামানি নিজে চলোৱা ডাম্পাৰৰ জৰিয়তে অবৈধ ব্যৱসায় চলাই আহিছে।
লক্ষণীয় যে দুইনং স্পাৰৰ সমীপতে এই পাঁচগৰাকী লোকে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা দৈনিক বালি, পলস গাড়ীয়ে গাড়ীয়ে আনি বিক্ৰী কৰি আহিছে যদিও যোৰহাটৰ আঞ্চলিক বন বিভাগ তথা নিমাতী বিট অফিচৰ বন বিষয়াসকলে মাথোঁ নিধিৰাম চৰ্দাৰৰ ভূমিকাহে গ্রহণ কৰি আহিছে। জানিও নজনাৰ ভাও ধৰি কমিছনৰ অংকত অবৈধ বালি-পলসৰ ব্যৱসায় চলাবলৈ এৰি দিয়া বন বিষয়াসকলে নিমাতী অঞ্চলৰ পৰা কিয় অবৈধ ব্যৱসায়ত লিপ্ত হোৱা ডাম্পাৰ পাঁচখন জব্দ কৰিব পৰা নাই, সেই কথাই প্ৰমাণ কৰিছে যে বন বিভাগ এতিয়া অবৈধ বালিৰ ব্যৱসায়ীৰ হাতৰ পুতলা হৈ পৰিছে। পুৱা তিনি-চাৰি বজাতো ডাম্পাৰে বালি যোগান ধৰি অহাৰ পাছতো নিমাতী বন বিভাগৰ বিষয়া-কর্মীসকলে বালিভর্তি ডাম্পাৰসমূহ ধৰিব নোৱাৰাৰ কাৰণ কি? বালিৰ অবৈধ ব্যৱসায়ীৰ লগত বন বিভাগৰ লোকৰ মিতিৰালিৰ ফলতে নিমাতীৰ বৃহৎ ভৌগোলিক এলেকা ব্রহ্মপুত্রত জাহ গৈছে। এনেধৰণে য'তে-ত'তে বালি খন্দাৰ ফলতে দুই নং স্পাৰৰ অংশত বিগত বৰ্ষৰ পৰা খহনীয়া সৃষ্টি হৈ আহিছে। সেই খহনীয়া অংশত জলসম্পদ বিভাগে বাঁহৰ বুৰুজ দি খহনীয়া ৰোধৰ ব্যৱস্থাও কৰিছিল। এনেধৰণে নিমাতীলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তো এইকেইজন লোকে নিজৰ ঘৰ থকাৰ সুবাদতে দৈনিক বালি খান্দি আহিছে।
লক্ষণীয় যে জলসম্পদ বিভাগৰো এইক্ষেত্ৰত কৰণীয় আছে যদিও বিভাগটোৰ কৰ্মচাৰীসকলে এইবোৰ ঠাই পৰিদৰ্শনেই নকৰে। ব্ৰহ্মপুত্র নদীৰ এশ মিটাৰ ভিতৰত কোনো ধৰণেৰে বালি বা পলস খান্দিব নোৱাৰে। নদীখনৰ বাবে ভাবুকি অহা সকলো ধৰণৰ কাৰকৰ বিৰুদ্ধে জলসম্পদ বিভাগে গুৰুত্ব আৰোপ কৰিব লাগে। কিন্তু নদীখনৰ কাষৰে পৰা প্ৰতিদিনে বালি খান্দি নিয়াৰ পাছতো নিমাতীৰ দায়িত্বত থকা জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠা ইতিমধ্যে প্রমাণিত হৈছে। অতিকৈ পৰিতাপৰ কথা যে নিমাতীৰ যি ঠাইত বালি খান্দি অবৈধ ব্যৱসায় চলাই আহিছে সেই ঠাইতে আছে ৩৫নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ ঘৰ। নতুন গোহাঁই গাঁৱৰ সভানেত্ৰীগৰাকীৰ ঘৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ দূৰত্বত একেখন গাঁৱৰে পাঁচজনকৈ লোকে দৈনিক ডাম্পাৰে বালি কাটি ব্যৱসায় চলাই আছে যদিও সভানেত্ৰীগৰাকী নিমাতে আছে। ঘৰৰ সন্মুখেৰে দৈনিক বালি সৰবৰাহ হৈ থকাৰ পাছতো পঞ্চায়তখনৰ খোদ সভানেত্ৰীগৰাকীয়ে অবৈধ ব্যৱসায়ক প্রশ্রয় দিয়াটো অতি পৰিতাপৰ কথা হৈছে বুলি ৰাইজে প্ৰকাশ কৰিছে। অবৈধ বালি খননৰ জৰিয়তে ভৱিষ্যতে সমগ্ৰ উত্তৰ যোৰহাট অঞ্চলটোলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ সমস্যাত পেলোৱাৰ ইংগিত বহন কৰি আহিছে যদিও এইগৰাকী জনপ্রতিনিধিৰ অবৈধ ব্যৱসায়টো সমুলঞ্চে নাইকিয়া কৰাত আজিকোপতি মাত নমতাৰ অন্তৰালতো গভীৰ ৰহস্য লুকাই আছে বুলি ৰাইজে প্রকাশ কৰিছে।
উল্লেখযোগ্য যে এইগৰাকী বিজেপি দলৰ জনপ্রতিনিধিয়ে ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে খনন কৰা নতুন গোহাঁই গাঁৱৰ বাৰ্ড সদস্যা হিচাপে নির্বাচনত জয়ী হৈ পঞ্চায়তখনৰ সভানেত্ৰীৰ দায়িত্ব লাভ কৰিছিল। দীর্ঘদিন ধৰি চলি থকা এই ব্যৱসায়টো নির্মূল কৰিবলৈ পঞ্চায়তখনৰ সভানেত্ৰীগৰাকী বর্তমানলৈকে জিলা প্রশাসনকো এই বিষয়ে অৱগত কৰা নাই বুলি জানিব পৰা গৈছে। নিমাতীৰ অবৈধ বালি ছিণ্ডিকেটটো নির্মূল কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ যোৰহাট জিলা আয়ুক্তক ৰাইজে আহ্বান জনাইছে।