ডিজিটেল ডেস্ক: ৰাজ্যৰ অন্যতম সম্ভ্রান্ত বাতৰিকাকত 'দৈনিক জনমভূমি'ৰ মূখ্য সম্পাদক হিচাপে আছি দায়িত্ব গ্রহণে কৰে জেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে। কাকতখনৰ কাৰ্যবাহী সম্পাদক হিচাপে যোৱা তিনি বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ফুকনক নতুন দায়িত্ব কালি অর্পণ কৰি আন্তৰিক আদৰণি জনাই জনমভূমি আৰু প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে।
প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে ফুকনৰ নেতৃত্বত জনমভূমি আগুৱাই যাব বুলি উল্লেখ কৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে, জনমভূমি পৰিয়ালৰ সাংবাদিক-কর্মচাৰীসকলেও কাৰ্যবাহী সম্পাদকৰ পৰা উন্নীত হৈ মুখ্য সম্পাদকৰ দায়িত্ব লাভ কৰা ফুকনক গামোচা আৰু ফুলৰ তোৰাৰে অভিনন্দন জনায়। নতুন দায়িত্ব লাভ কৰাৰ পাছত ফুকনে কয়, 'আমাৰ লক্ষ্য হৈছে সততা আৰু নিষ্ঠাৰে কাম কৰি জনমভূমিক আগুৱাই নিয়া।' অসম আৰু অসমীয়াৰ স্বাৰ্থত জনমভূমিয়ে সদায়ে মাত মাতি যাব বুলি মত প্রকাশ কৰি তেওঁ লগতে জনায় যে জনমভূমি হৈছে জাতিৰ আৱেগ।
উল্লেখযোগ্য যে যোৱা কেইবাটাও দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা ফুকনে শিৱসাগৰৰ পৰা আহি ১৯৯৩ চনত গুৱাহাটীত 'আজিৰ অসম' কাকতৰ সম্পাদনা বিভাগত যোগ দি সাংবাদিক জীৱনৰ পাতনি মেলিছিল। দুটা বছৰ 'আজিৰ অসম'ত কাম কৰাৰ পাছত তেওঁ ১৯৯৫ চনত 'অসমীয়া প্রতিদিন' কাকতত যোগদান কৰে। কাকতখনৰ প্ৰতিষ্ঠালগ্নৰ কৰ্ণধাৰসকলৰ অন্যতম ফুকনে সুদীৰ্ঘ বছৰৰ সেৱাৰ অন্তত ২০১৩ চনত অধুনালুপ্ত 'প্রতিবিম্ব' কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। ইয়াৰ পাছত ২০১৪ চনত ক্রমে 'আজিৰ অসম' কাকতৰ সম্পাদক আৰু 'দি ছেন্টিনেল' কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কার্যনির্বাহ কৰা ফুকনে পৰৱৰ্তী সময়ত 'অসমীয়া প্রতিদিন' কাকতৰ সহযোগী সম্পাদক হিচাপে যোগ দিয়ে।
২০২৩ চনত 'দৈনিক জনমভূমি' কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে দায়িত্ব লোৱা ফুকনে সাংবাদিকতাৰ সমান্তৰালভাৱে সাহিত্য সাধনাও কৰি আহিছে। তেওঁৰ বহুসংখ্যক গল্প, প্রবন্ধ, কবিতা বিভিন্ন কাকত-আলোচনীত প্রকাশ পাইছে। অসম আন্দোলনৰ পটভূমিত ৰচনা কৰা 'এজাক অভিমন্যু' নামৰ ফুকনৰ উপন্যাসখনে পাঠকৰ বহুল সমাদৰ লাভ কৰিছে। আনহাতে, 'মানুহৰ শিপা' নামৰ তেওঁৰ আন এখন নিবন্ধ সংকলনৰ লগতে 'এজন মুক্তিযোদ্ধাৰ মুক্তিৰ সন্ধান' নামৰ এখন সম্পাদিত গ্রন্থও ইতিপূর্বে প্রকাশ পাইছে।
উল্লেখযোগ্য যে কেইবাটাও দশক ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা ফুকনে বহুকেইটা বঁটাও লাভ কৰিছে। তেওঁ ২০১৪ চনত নর্থ গুৱাহাটী জার্নেলিষ্ট ফ'ৰামে প্ৰদান কৰা স্বৰ্গীয় ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী বঁটা, ২০১৬ চনত আছাম স্প'র্টছ এণ্ড কালচাৰেল ফেষ্টিভেলে প্ৰদান কৰা শ্রেষ্ঠ সাংবাদিক সন্মান, ২০১৯ চনত সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীয়ে দিয়া হেমচন্দ্র গোস্বামী সোঁৱৰণী এনাজৰী বঁটা, ২০১৯ চনত সংবাদ প্ৰহৰীয়ে প্ৰদান কৰা সংবাদ প্ৰহৰী বঁটা, ২০২২ চনত সদৌ অসম সাংবাদিক সন্থাই দিয়া শ্বহীদ কমলা শইকীয়া সোঁৱৰণী বঁটা, ২০২৩ চনত বেচৰকাৰী সংস্থা 'খোজ'ৰ ৰংপুৰ গৌৰৱ বঁটা, দিছপুৰ প্ৰেছ ক্লাবে প্ৰদান কৰা সম্পাদক বঁটা-২০২৩ আৰু ২০২৪ চনত সদৌ অসম সাংবাদিক সন্থা (আজু)ৱে প্রদান কৰা সাংবাদিক ৰাধিকা মোহন ভাগৱতী সাংবাদিকতা বঁটা লাভ কৰিছিল।