নিউয়র্ক ফেশ্বন শ্ব'ত অসমীয়া মেখেলা চাদৰ, নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰেৰে সংযুক্তা দত্তৰ চমক

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক: অসমকন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই আকৌ এবাৰ গৌৰৱান্বিত কৰিলে অসম আৰু অসমীয়াক। যোৱা ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ আভিজাত্যৰ প্ৰতীক নিউয়র্ক ফেশ্বন শ্ব'ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বন, নতুন নতুন বস্ত্ৰ সম্ভাৰ। তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা-চাদৰৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। 

প্রখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্রদর্শনথলী নিউয়র্ক ফেশ্বন শ্ব'ত বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা-চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ 'কুঁৱলী-The Mist' শীর্ষক শিৰোনামেৰে 'নিউয়র্ক ফেশ্বন উইক-স্প্রিং ছামাৰ'ত প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰে। Coach, Sergio Hudson আৰু Norma Kamaliৰ দৰে বিখ্যাত ডিজাইনাৰৰ শ্ব'ৰ মাজত ফেশ্বনৰ ৰানৱে'ত উজলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন। 

ইতিমধ্যেই Anne Hathaway আৰু Gigi Hadid ৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেলিব্রিটিয়েও ইতিমধ্যে ফেশ্বন শ্ব'ৰ ৰানৱে'ত খোজ দিয়া দেখা পোৱা গৈছে। ইয়াৰ মাজতেই সংযুক্তা দত্তৰ ফেশ্বন শ্ব'ত অসমীয়া পৰম্পৰাগত তাঁতশালৰ কাপোৰেৰে নতুন নতুন ডিজাইনৰ বস্ত্ৰ আৰু নিজেও অসমীয়া সাজ-পোছাকৰ শিপা তথা পৰম্পৰা মেখেলা-চাদৰ পৰিধান কৰি অসমীয়াৰ গৌৰৱ সংযুক্তা দত্তই নিউয়র্কত উজলাই তুলিলে। ভাৰতীয় সময়মতে দেওবাৰৰ পুৱা নিউয়র্কত অনুষ্ঠিত বস্ত্ৰ সম্ভাৰ আৰু মেখেলা-চাদৰ প্ৰদৰ্শনত দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বনপ্রেমীসকল। সংযুক্তা দত্তৰ এই অনুষ্ঠানত ভাৰতীয় দূতাৱাসৰ সন্মানীয় বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অসমীয়া তথা ভাৰতীয় বস্ত্ৰশিল্পৰ ঐতিহ্য আৰু সৃষ্টিশীলতাৰ আন্তর্জাতিক স্বীকৃতিক অনন্য মাত্ৰা প্ৰদান কৰে। 

সংযুক্তা দত্তৰ ফেশ্বন শ্ব'ত উপস্থিত থাকি প্রশংসাৰে উচ্চসিত হৈ পৰে নিউয়র্কস্থিত উপ-কনচুল জেনেৰেল বিশাল জয়েশভাই হর্ষ। উল্লেখযোগ্য যে, নিউয়র্ক ফেশ্বন শ্ব'ৰ পিছত সংযুক্তা দত্তই নিজৰ ব্ৰেণ্ডক অসমীয়া হস্ততাঁত শিল্পৰ পৰম্পৰাক যাতে বিশ্বত এক সমুজ্জ্বল পৰিচয় দিব পাৰে তাৰ বাবে অধিক প্রয়াস চলাই যাব বুলি উল্লেখ কৰাৰ লগতে অনাগত দিনত তেওঁৰ এই বিশ্বমুখী যাত্রাত হস্ততাঁত শিল্পীসকলক কেৱল বোৱনী হিচাপে নহয়, বিশ্ব ফেশ্বনৰ জগতত শিল্পী হিচাপে দাঙি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে।

Share This