ডিজিটেল ডেস্কঃ এতিয়া মাঘ মাহ চলি আছে । মাঘ মাহৰ আৰম্ভণিৰে পৰা সকলোৰে মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৰস্বতী পূজাৰ বাবে বিভিন্ন জল্পনা-কল্পনা আৰু উৎকণ্ঠা আৰম্ভ হয় ।
মাঘ বা ফাগুন মাহৰ শ্রীপঞ্চমীত সকলোৱে সৰস্বতী মাক আৰাধনা কৰে।
সৰস্বতী পূজা শিক্ষানুষ্ঠানসমূহত অতি উলহ-মালহেৰে আয়োজন কৰা হয়। পূজাত প্ৰসাদৰ উপৰি খিচিৰ, পায়স আদি আয়োজন থাকে।
কিন্তু এইবাৰ সৰস্বতী পূজাক লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হৈছে।কোনোৱে সৰস্বতী পূজা দেওবাৰ আৰু কোনোৱে সৰস্বতী পূজা সোমবাৰে বুলি উল্লেখ কৰিছে।
কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা অনুসৰি ৩ ফেব্ৰুৱাৰীত পালন হ'ব সৰস্বতী পূজা।