ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ বিশেষজ্ঞসকল কালি আনন্দিত হৈ পৰিছে। কাৰণ উচ্চ প্রযুক্তিসম্পন্ন ছেটেলাইট ট্রেকিং ডিভাইছ সংযুক্ত কৰি এৰি দিয়া এটা কোমলখোল কাছৰ পৰা সফলভাৱে উপগ্রহীয় সংকেত লাভ কৰাক লৈ। গংগা প্রজাতিৰ এই কোমলখোলা কাছটো কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ কাঠনিবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু বৰগাং নদীৰ সংগমস্থলীৰ পৰা ডেৰাডুনস্থিত বন্যপ্রাণী প্রতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ সহযোগত ধৰি আনিছিল। যোৱা ২৮ এপ্রিলত কাছটোৰ দেহত ছেটেলাইট সংযুক্ত ডিভাইছ স্থাপন কৰি পুনৰ একে স্থানতে মুকলি কৰি দিয়া হয়। এই আধুনিক প্রযুক্তিৰ জৰিয়তে গৱেষকসকলে এতিয়া কাছটোৰ চলন-বলন, প্ৰব্ৰজন আৰু বাসস্থান সম্পর্কে বিস্তৃত তথ্য লাভ কৰিব পাৰিব, যি কাছৰ সংৰক্ষণ, গৱেষণা আদিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে। ভাৰতবৰ্ষত এইবিধ ছেটেলাইট সংযুক্ত কাছৰ পুনৰুদ্ধাৰ প্রকল্প প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰা হৈছে। এই প্রকল্পৰ নেতৃত্ব দিছে ড° অভিজিৎ দাসে। কালি বিশ্ব বিপন্ন প্রজাতি দিৱসৰ দিনাই এই সফল ছেটেলাইট সংকেত লাভ হোৱাত ঘটনাটোৱে ঐতিহাসিক ৰূপ লাভ কৰিছে।
অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এই সাফল্য উদ্যাপন কৰি কয় যে অসমৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। আমাৰ বনাঞ্চলৰ প্ৰতিটো প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সদায় প্রতিশ্রুতিবদ্ধ। ব্ৰহ্মপুত্ৰ উপত্যকা বিশ্বৰ অন্যতম গুৰুত্বপূর্ণ নদীমাতৃক কাছ সংৰক্ষণ অঞ্চল হিচাপে পৰিচিত। অসমত মুঠ ২১ বিধ কাছৰ প্ৰজাতি পোৱা যায়, যাৰ ফলত ৰাজ্যখন এক জৈৱ বৈচিত্র্যৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰতত পোৱা ৮টা কোমলখোল কাছ প্ৰজাতিৰ ভিতৰত ৫ টা কেৱল কাজিৰঙাতেই পোৱা যায়, যি কাজিৰঙাৰ বিশ্বজনীন গুৰুত্বক স্পষ্টকৈ প্রতিফলিত কৰে। ড° অভিজিৎ দাসে জনোৱা মতে, কোমলখোল কাছৰ ঋতুভিত্তিক প্ৰব্ৰজন, বাসস্থানৰ বিস্তৃতি আৰু প্রজনন ক্ষেত্র চিনাক্ত কৰাটো ব্ৰহ্মপুত্ৰ উপত্যকাত এই প্ৰজাতিৰ সক্রিয় সংৰক্ষণ ব্যৱস্থাপনৰ বাবে অত্যন্ত প্রয়োজনীয়। এই প্রকল্পটো ডেৰাডুনস্থিত ৱাইল্ডলাইফ ইনষ্টিটিউট অব ইণ্ডিয়াৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছে। ইয়াত সহযোগ আগবঢ়াইছে অসম বন বিভাগ, বন মন্ত্রালয় আৰু কাজিৰঙা কর্তৃপক্ষই। প্রকল্পটোক নেশ্যনেল কনজাৰভেশ্যন ৰাষ্ট্ৰীয় ভৌগোলিক সমিতিৰ আৰ্থিক সহায়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিশেষজ্ঞসকলে উপগ্ৰহৰ জৰিয়তে নিয়মীয়াকৈ কাছটোৰ চলাচল আৰু অৱস্থান পর্যবেক্ষণ কৰিব।
ইফালে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শুভেচ্ছা জনাই সামাজিক মাধ্যমত কয়, 'কাজিৰঙাৰ বুকুত ভাৰতৰ বন্যপ্রাণী সংৰক্ষণৰ ইতিহাসত সংযোজিত হ'ল আন এক গৌৰৱোজ্জ্বল অধ্যায়। দেশৰ প্ৰথমটি উপগ্রহ-টেগসংযুক্ত গংগা কাছ সফলতাৰে কাজিৰঙাত মুক্তি দিয়া হৈছে। এই পদক্ষেপে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ অৰণ্য কেৱল গঁড়, বাঘ বা হাতীৰেই নহয়, ই প্রতিটো জীৱৰ নিৰাপদ আশ্রয়স্থলী। জৈৱ-বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত অসমে সদায় আগভাগ লৈ আহিছে আৰু আগলৈও এই দায়বদ্ধতা অব্যাহত থাকিব।'