ডিজিটেল ডেস্ক : শিক্ষক নিযুক্তিৰ ধাৰাবাহিকতাও অব্যাহত আছে, আনফালে শিক্ষাৰ্থীৰ অভাৱত এফালৰ পৰা ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰি গৈছে ৰাজ্য চৰকাৰে। ৰাজ্যত ইতিমধ্যে ৮ হাজাৰৰ অধিক প্রাদেশীকৃত বিদ্যালয় বন্ধ কৰি ওচৰৰ কোনো এখন বিদ্যালয়ক মূল বিদ্যালয় হিচাপে লৈ চামিল কৰা হৈ গ'ল। ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰি দিয়া প্রক্রিয়া ইমানতে অন্ত পৰা নাই।
ৰাজ্যত শিক্ষাৰ্থীৰ অভাৱত আকৌ প্রাথমিক স্তৰৰ বিদ্যালয় বন্ধ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্রাথমিক শিক্ষা সঞ্চালকালয়ে। ৰাজহুৱা খণ্ডৰ বিদ্যালয় শিক্ষার্থীৰ অভাৱত বন্ধ কৰি ওচৰৰ মূল বিদ্যালয়ত শিক্ষার্থী, শিক্ষকসকলকো চামিল কৰাৰ পাছত শিক্ষকৰ সংখ্যাও বৃদ্ধি পায়। চৰকাৰী বিদ্যালয় এফালৰ পৰা বন্ধ কৰি যোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ চলিত কার্যকালত ৮০ হাজাৰ শিক্ষক নিযুক্তি দিয়াৰ প্রস্তুতিও আৰম্ভ হৈছে।
প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ কিমান প্রাথমিক বিদ্যালয় এইবাৰ বন্ধ কৰিব সেই সংখ্যা এতিয়াই ঠাৱৰ হোৱা নাই। ক'ত কিমান বিদ্যালয় বন্ধ কৰি আন বিদ্যালয়ৰ লগত চামিল বা একত্ৰীকৰণ কৰিব পৰা যাব তাৰ বাবে তালিকা বিচাৰিছে প্রাথমিক শিক্ষা সঞ্চালকালয়ে। বুধবাৰে প্রাথমিক শিক্ষা সঞ্চালকে জিলা প্রাথমিক শিক্ষা বিষয়াসকলৰ পৰা ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা প্রাথমিক বিদ্যালয়ৰ তালিকা বিচাৰি প্ৰেৰণ কৰা পত্ৰই স্পষ্ট কৰিছে যে ৰাজ্যত শিক্ষাৰ্থীৰ অভাৱত পুনৰ বিদ্যালয় বন্ধ হ'ব।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অ'ফিচ মেম'ৰেণ্ডাম নং এ এছই ৪৮১/২০১৬/১৬৪ তাৰিখ ৩-৮-২০২ৰ জৰিয়তে ২০২৪ চনৰ আগষ্ট মাহ পর্যন্ত ৰাজ্যত ২৬৪৩খন প্রাথমিক বিদ্যালয় বন্ধ কৰি ওচৰৰ প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হৈছিল। ১২০খন উচ্চ প্রাথমিক বিদ্যালয় বন্ধ কৰি আন উচ্চ প্রাথমিকৰ লগত আৰু ২৫৬৬খন প্রাথমিক বিদ্যালয় বন্ধ কৰি উচ্চ প্রাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হৈ গৈছে। অৰ্থাৎ, ৰাজ্যত যোৱা আগষ্ট ২০২৪ পর্যন্ত মুঠ ৫৩২৯খন নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হৈ গ'ল। মাধ্যমিক স্তৰকে ধৰি ৮ হাজাৰৰ অধিক বিদ্যালয় ইতিমধ্যে বন্ধ কৰি কাষৰীয়া বিদ্যালয়ৰ লগত চামিল কৰা হৈ গৈছে। বুধবাৰে প্রাথমিক শিক্ষা সঞ্চালকে জিলা প্রাথমিক শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা পত্ৰত সংলগ্ন কৰা ফর্মেটত প্রতিখন বিদ্যালয় পৰীক্ষা কৰি বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ প্ৰস্তাৱ বিচৰা হৈছে। শিক্ষা-সেতু পৰ্টেল অন্তর্ভুক্ত হোৱা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা যেনেঃ নামভর্তি, আন্তঃগাঁথনি, দূৰত্বৰ বাবে বিদ্যালয়সমূহৰ মাজৰ পথত যান-বাহনৰ যাতায়াতৰ বাবে থকা সমস্যা আদি দিশসমূহ পৰীক্ষা কৰি তথ্য প্ৰেৰণ কৰিব লাগিব। একত্ৰীকৰণ বা চামিল হ'ব লগীয়া বিদ্যালয়ৰ মাজত কোনখন বিদ্যালয় মূল বিদ্যালয় হ'ব এই সকলো তথ্য শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই তৎপৰতাৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে শিক্ষাৰ্থীৰ অভাৱত ৰাজহুৱা খণ্ডৰ প্ৰাথমিক বিদ্যালয় পুনৰ বন্ধ হ'ব।
এফালে শিক্ষার্থীৰ অভাৱত এফালৰ পৰা চৰকাৰী বিদ্যালয় বন্ধ কৰি ওচৰৰ বিদ্যালয়ক মূল বিদ্যালয় হিচাপে লৈ হাজাৰ হাজাৰ বিদ্যালয় একত্ৰীকৰণ কৰাৰ লগে লগে শিক্ষকসকলকো চামিল কৰা হৈছে। বিদ্যালয় বন্ধ কৰি শিক্ষক, শিক্ষার্থীক চামিল কৰাৰ পাছতো ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত শিক্ষকৰ নাটনি দূৰ হোৱা নাই। যাৰ বাবে বৰ্তমানৰ চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত পুনৰ প্ৰায় ৮০ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ'ব। কালি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্য চৰকাৰে যি দুই লাখ নিযুক্তি দিব তাৰ ভিতৰত ৪০ শতাংশই হ'ব শিক্ষক অর্থাৎ সেই হিচাপত ৮০ হাজাৰ নতুন শিক্ষক নিযুক্তি হ'ব।