ডিজিটেল ডেস্ক: ৰাজ্যৰ বিজ্ঞান ক্ষেত্ৰখনৰ বাবে সু-খবৰ। বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ দিশত এক সবল খোজ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ টেপেচীয়াত নির্মিত 'গুৱাহাটী বিজ্ঞান নগৰী' আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত এই নগৰী নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰীয়ে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত নিৰ্মাণ কৰা পাঁচটা জিলা বিজ্ঞান কেন্দ্রও ভার্চুৱেলি মুকলি কৰে।
উল্লেখযোগ্য যে এই অত্যাধুনিক বিজ্ঞান নগৰীৰ নির্মাণত ২৮৮.১৩ কোটি টকা ব্যয় কৰা হৈছে। বর্তমান বিজ্ঞান নগৰীখনত 'ইউৰেকা' আৰু 'স্পেচ অডিচী' শীর্ষক দুটা মুখ্য শাখা সম্পূর্ণ হৈ উঠাৰ বিপৰীতে অতি সোনকালে 'বিজ্ঞান আৱিষ্কাৰ' আৰু 'বিজ্ঞান উদ্যান' নামৰ আন দুটা নতুন শাখা ইয়াত সংযোগ কৰা হ'ব। আনহাতে, প্রায় ১৭৮.১৩ কোটি টকা ব্যয় সাপেক্ষে কালি উদ্বোধন কৰা বিজ্ঞান কেন্দ্রকেইটা নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰকেইটাৰ প্রতিটোতে বিজ্ঞান গেলেৰী, ৬৪জনীয়া আসনৰ ডিজিটেল প্লেনেটেৰিয়াম, অডিটৰিয়াম আদিৰ ব্যৱস্থা কৰা হৈছে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই বিজ্ঞান কেন্দ্ৰ মুকলিৰ জৰিয়তে অসমে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত আজি এক সবল খোজ পেলাবলৈ সক্ষম হৈছে। শৈশৱতে কলকাতাৰ বিজ্ঞান সংগ্ৰহালয় দৰ্শন কৰি লাভ কৰা অভিজ্ঞতাৰ পৰাই গুৱাহাটীত এনে এক বিশ্ব মানৰ বিজ্ঞান চহৰ নিৰ্মাণৰ সপোন দেখাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২৫০ বিঘা মাটিত নির্মিত এই বিজ্ঞান চহৰখন পৰিসৰৰ দিশৰ পৰা কলকাতাৰ বিজ্ঞান চহৰতকৈও বহুখিনি ডাঙৰ, কিয়নো কলকাতাৰ কেন্দ্ৰটো মাত্র ১২০ বিঘা মাটিতহে অৱস্থিত। মুখ্যমন্ত্ৰী গৰাকীৰ মতে, 'ৰাজ্য চৰকাৰে নৱ-প্ৰজন্মৰ বাবে হাতত লোৱা প্রকল্পসমূহৰ ভিতৰত এই প্রকল্পটো অন্যতম শ্রেষ্ঠ আৰু আকর্ষণীয়। ইয়াত স্থাপন কৰা অত্যাধুনিক 'স্পেচ ওডিচী', 'ইউৰেকা পেভিলিয়ন' আৰু 'ডিজিটেল প্লেনেটৰিয়াম'ৰ জৰিয়তে ছাত্র-ছাত্রীসকলে মহাকাশ ভ্ৰমণৰ পৰা আৰম্ভ কৰি চন্দ্ৰ অভিযান আৰু মিছন মঙল গ্ৰহৰ বাস্তৱধৰ্মী অভিজ্ঞতা লাভকৰিব পাৰিব। তেওঁ লগতে কয় যে এ আৰ (AR) আৰু ভি আৰ (VR) প্ৰযুক্তিৰ সহায়ত দর্শকে কাজিৰঙাৰ দৰে অভয়াৰণ্যৰ জীৱ-বৈচিত্র্যক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পাৰিব, যিটো কাজিৰঙালৈ গ'লেও হয়তো সম্ভৱ নহ'ব পাৰে। ড° শৰ্মাই স্পষ্ট কৰি কয় যে কেৱল আবেগেৰে কোনো দিনে একোটা শক্তিশালী জাতি নির্মাণ হ'ব নোৱাৰে; বৰঞ্চ জ্ঞান আৰু প্ৰজ্ঞাৰ চৰ্চাৰ জৰিয়তেহে সমাজ তথা জাতিটোক প্রকৃততে আগুৱাই নিব পৰা যায়। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বর্তমান সময়ত অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছে। তেওঁ আক্ষেপ কৰি কয় যে মেট্ৰিক পৰীক্ষাৰ পাছত বেছিভাগ ছাত্র-ছাত্রীয়েই কলা শাখাত নামভর্তি কৰে, যাৰ বাবে মেডিকেল বা ইঞ্জিনিয়াৰিং খণ্ডত অসমীয়া ল'ৰা-ছোৱালীৰ সংখ্যা ক্রমান্বয়ে হ্রাস পাইছে।
আমাৰ স্থানীয় সমস্যাসমূহৰ সমাধানৰ বাবে আমাক নিজাববীয়া বিজ্ঞানীৰ অত্যন্ত প্রয়োজন, কাৰণ চাহ উদ্যোগৰ সমস্যা বা এশিঙীয়া গঁড়ৰ গৱেষণা আমেৰিকাৰ বিজ্ঞানীয়ে আহি নকৰে।
ড° শর্মাই কয় যে আমাৰ উঠি অহা প্ৰজন্মই 'কোৰ ছায়েন্স' (Core Science) পঢ়াত অধিক গুৰুত্ব দিলেহে ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞানাগাৰসমূহ তথা ইছৰো (ISRO) বা ডি আৰ ডি অ'ৰ (DRDO) দৰে প্ৰতিষ্ঠানত অসমে উল্লেখযোগ্য অবদান আগবঢ়াব পাৰিব। ইফালে, বিজ্ঞানৰ জনপ্রিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যতে ৰাজ্যৰ প্রতিখন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰী উদ্যোগত বিজ্ঞান চহৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে অভিভাৱকসকলক নিজৰ সন্তানৰ জন্মদিনৰ দৰে পৱিত্ৰ দিনটো এই বিজ্ঞান চহৰত অতিবাহিত কৰিবলৈ আহ্বান জনায়। কিয়নো এয়া তেওঁলোকৰ বাবে শ্রেষ্ঠ শৈক্ষিক উপহাৰ হ'ব পাৰে। তেওঁ লগতে কয় যে আজিৰ যুগটো তথ্য-প্রযুক্তিৰ যুগ, সেয়েহে যুৱ-প্ৰজন্মই বিজ্ঞান চহৰৰ বিভিন্ন দিশ সামাজিক মাধ্যমত 'ৰীলছ' আদিৰ জৰিয়তে প্ৰচাৰ কৰি ইয়াৰ জনপ্রিয়তা বিশ্বজুৰি বৃদ্ধি কৰিব লাগে। অনাগত দিনত চন্দ্ৰপুৰত ইছৰোৰ (ISRO) কেন্দ্ৰ স্থাপনৰ জৰিয়তে অসমৰ মহাকাশ বিজ্ঞানৰ চৰ্চা আৰু অধিক শক্তিশালী হৈ উঠিব বুলিও তেওঁ জানিবলৈ দিয়ে।
অনুষ্ঠানত বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্ত, লোকনির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্রবর্তী, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক প্রধান অৰিজিত দত্ত চৌধুৰী, অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক তথা বিজ্ঞান নগৰী, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ড° জয়দ্বীপ বৰুৱা, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাশ শিক্ষার্থী উপস্থিত থাকে।