ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) জৰিয়তে দেশৰ ভূগৰ্ভত বিৰল খনিজ সম্পদৰ সন্ধান চলাব ভাৰতে। যি সময় বিশ্বৰ দেশসমূহৰ মাজত শূন্য সেউজ গৃহ গেছ নির্গমন সামগ্রী উৎপাদন, বৈদ্যুতিক সামগ্রী নির্মাণ আৰু প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ ক্ষেত্ৰত বিৰল খনিজ সম্পদ আহৰণৰ বাবে যুদ্ধ-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সময়ত ভাৰতে এ আইৰ জৰিয়তে দেশতে ইয়াৰ সন্ধান চলাব। ইতিমধ্যে এই বিষয়ক প্রায় সকলো প্রস্তুতি সম্পূর্ণ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মাইন মন্ত্ৰ্যালয়ৰ অন্তর্গত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (জি এছ আই) ১০০ কোটি টকাৰ এক অভিলাষী প্রকল্প হাতত লৈছে।
জি এছ আইৰ উদ্যোগত এ আইৰ জৰিয়তে খনিজ সম্পদৰ সন্ধান চলোৱাৰ বাবে বেংগালুৰুত ডাটা প্রচেছিং, ইণ্টাৰপ্রিটেশ্যন এণ্ড ইন্টেগ্রেশান চেন্টাৰ (ডি পি আই আই চি) আৰম্ভকৰাৰ প্ৰস্তুতি চলাই থকা হৈছে। এই কেন্দ্ৰটোৱেই হ'ব ভাৰতৰ খনিজ সম্পদৰ সন্ধানৰ মূল চালিকা শক্তি। দেশৰ ৮.৫ লাখ বর্গকিল'মিটাৰজোৰা অঞ্চলৰ ভূগৰ্ভত অহা ৫ বছৰত এই বিৰল খনিজ সম্পদৰ সন্ধান চলোৱা হ'ব। এই সন্ধান প্রক্রিয়া সফল হ'লে ভাৰত বিৰল খনিজ সম্পদৰ ক্ষেত্ৰত অগ্রণী দেশত পৰিণত হ'ব। দশক দশক ধৰি ভাৰতৰ খনিজ সম্পদৰ সন্ধান প্রক্রিয়া পৰম্পৰাগত ভূতাত্ত্বিক জৰীপ, ক্ষেত্র অধ্যয়ন আৰু ড্রিলিঙৰ জৰিয়তে চলি আহিছিল। এই প্রক্রিয়াৰেও দেশে বহু গুৰুত্বপূর্ণ খনিজ সম্পদৰ ভাণ্ডাৰৰ সন্ধান পাইছিল। কিন্তু পৰৱৰ্তী প্ৰজন্মৰ আৱিষ্কাৰসমূহ অধিক জটিল হৈ পৰিছে আৰু ইয়াৰ বাবে অত্যাধুনিক প্রযুক্তি জৰুৰী হৈ পৰিছে।
এনে এক সন্ধিক্ষণতেই ভাৰতে খনিজ সম্পদৰ সন্ধানত এ আই ব্যৱহাৰৰ সিদ্ধান্ত লৈছে। যাতে বিশ্বৰ আন দেশসমূহতকৈ এখোজ আগত থাকিব পৰা যায়। বেংগালুৰুত স্থাপন হ'ব লগা ডিপি আই আই চিয়ে দশক দশকৰ ভূতাত্ত্বিক, ভু-ৰাসায়নিক, ভূ-ভৌতিক আৰু কৃত্রিম উপগ্ৰহৰ তথ্যৰ উন্নত বিশ্লেষণ কৰি কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু মেচিন লার্নিং পদ্ধতিৰে বিৰল খনিজ সম্পদৰ উচ্চ সম্ভাৱনাপূর্ণ এলেকাসমূহ চিনাক্ত কৰিব। পৰম্পৰাগত সন্ধান পদ্ধতিত নিৰ্ভৰ নকৰি বিজ্ঞানীসকলে এটা অতি উৎপাদনশীল পদ্ধতিৰ জৰিয়তে খনিজ সম্পদৰ ভাণ্ডাৰৰ সন্ধান কৰি, নির্দিষ্ট নক্সা তৈয়াৰ কৰিব আৰু তাৰ পাছতেই ইয়াৰ খনন প্রক্রিয়া আৰম্ভ কৰিব। শেহতীয়াকৈ ভাৰতে ইলেক্ট্রি ক বাহন, পুনব নবীকৰণযোগ্য শক্তি প্রকল্প, ছেমিকণ্ডাক্টৰ উৎপাদন, দেশীয়ভাৱে প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত বিৰল খনিজ সম্পদৰ প্রয়োজনীয়তাও কৌশলগতভাবে বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতক দীর্ঘকালীন অর্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিকল্পনাৰ প্রয়োজন। গতিকে, এ আইৰ জৰিয়তে বিৰল খনিজ সম্পদৰ সন্ধানে সফলতা পালে ভাৰত বহু ক্ষেত্রতেই স্বনিৰ্ভৰশীল হোৱাৰ থল আছে।