পেপছিকো, ইউনিলিভাৰ, ডেননৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Dainik Janambhumi November 11, 2024

 

ডিজিটেল ডেস্কঃ পেপ্‌ছিকো, ইউনিলিভাৰ আৰু ডেননৰ দৰে বহুৰাষ্ট্ৰীয় কোম্পানীয়ে ভাৰতৰ লগতে আন দেশতো বিশাল ব্যৱসায় চলাই আছে৷ এই কোম্পানীবোৰৰ বিৰুদ্ধে শেহতীয়াকৈ এক গুৰুতৰ অভিযোগ উঠিছে৷ পেপছিকো, ইউনিলিভাৰ আৰু ডেননৰ দৰে কোম্পানীয়ে উন্নত দেশবোৰত উন্নত মানৰ সামগ্ৰী আৰু ভাৰতৰ দৰে দেশত নিম্নমানৰ সামগ্ৰী বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে৷ এই অভিযোগ উত্থাপন কৰিছে বেচৰকাৰী সংগঠন একছেছ টু নিউট্ৰিশ্যন ইনিচিয়েটিভৰ [এ টি এন আই] ইণ্ডেক্স প্ৰতিবেদনত৷ পেপ্‌ছিকোৱে ভাৰতত পেপ্‌ছি, ছেভেনআপ, শ্লাইচ, ষ্টিং-ৰ দৰে শীতল পানীয়, লে’জ চিপ্‌ছ, কুৰকুৰে আদি বিক্ৰী কৰে৷ ইউনিলিভাৰে হৰলিক্স, ৰেড লেভেল চাহ, তাজমহল চাহ, ক্ল’জআপ টুথপেষ্ট, ক্লিনিক প্লাছ শ্বেম্পু আৰু তেল, ডাব চাবোন, ছানছিল্ক শ্বেম্পু  আদি বিক্ৰী কৰে৷ আনহাতে, ডেননে ভাৰতত প্ৰটিনেক্সকে ধৰি শিশুৰ খাদ্য বিক্ৰী কৰে৷ এখন ইংৰাজী দৈনিকে এই বাতৰি দিয়ে৷ বাতৰিকাকতখনত প্ৰকাশ পোৱা অনুসৰি এ টি এন আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পেপ্‌ছিকো, ইউনিলিভাৰ আৰু ডেননৰ দৰে বহুৰাষ্ট্ৰীয় খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰা কোম্পানীবোৰে ভাৰত আৰু  কম আয়ৰ দেশত এনে ধৰণৰ সামগ্ৰী বিক্ৰী কৰি আছে, যিবোৰ নিম্নমানৰ৷ আনহাতে, উচ্ছ আয়ৰ দেশবোৰত বিক্ৰী কৰা সামগ্ৰীসমূহ অতি উচ্ছ মানৰ বুলি কোৱা হৈছে৷ এই সামগ্ৰীসমূহৰ ষ্টাৰ ৰেটিং উচ্ছ বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে৷ কোম্পানীবোৰে সামগ্ৰী বিক্ৰী কৰা নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ ভিতৰত ভাৰতৰ উপৰি ইথিউপিয়া, ঘানা, নাইজেৰিয়া, কেনিয়া, পাকিস্তান, ফিলিপাইন, তাঞ্জানিয়া আৰু ভিয়েটনামো আছে৷ পেপ্‌ছিকোৱে নিউট্ৰি স্ক’ৰ এযবি লাভ কৰা সামগ্ৰীহে বিক্ৰী কৰাত গুৰুত্ব আৰোপ কৰি আহিছে, কিন্তু এনে ধৰণ সামগ্ৰী বিক্ৰী কৰা হয় ইউৰোপতহে৷ উল্লেখযোগ্য যে নিউট্ৰি স্ক’ৰ এ  আৰু বি হ’ল সৰ্বোচচ পুষ্টিকৰ মূল্য থকা খাদ্য৷ আমেৰিকাৰ এ টি এন আই ইণ্ডেক্সৰ মতে, স্বাস্থ্য ষ্টাৰ ৰেটিং ব্যৱস্থা অনুসৰি যিবিলাক সমগ্ৰীয়ে ৩.প্ত-ৰ পৰা প্ত স্ক’ৰ লাভ কৰে সেইবিলাক স্বাস্থ্যৰ বাবে অতি উপযুক্ত বুলি কোৱা হয়৷ এই খাদ্যসমূহৰ মান উন্নত৷ নিম্ন আৰু মধ্য আয়ৰ দেশত এই কোম্পানীবোৰে বিক্ৰী কৰা সামগ্ৰীক ৰ.জ্জ্ব পইণ্টহে দিয়া হৈছে৷ উচচ আয়ৰ দেশবোৰত বিক্ৰী কৰা একে ধৰণৰ সামগ্ৰীত দিয়া হৈছে ২.৩ পইণ্ট৷

Share This