৭ বছৰৰ ভিতৰত চন্দ্ৰত নিৰ্মাণ হ’ব বসতিস্থলঃ ব্ৰিটিছ বৈজ্ঞানিকৰ দাবী

Jyoti Borah September 06, 2023

ডিজিটেল ডেস্কঃ পৃথিৱীত দিনক দিনে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ ফলত ধৰিত্ৰীত মানুহৰ কাৰণে স্থানৰ অভাৱ হ’বলৈ ধৰিছে৷ ইয়াৰ লগে লগে বৃদ্ধি পাইছে প্ৰদূষণ৷ পৃথিৱীৰ বৰ্ধিত তাপমাত্ৰায়ো সমস্যা বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত এতিয়া মানুহে চন্দ্ৰ তথা আন গ্ৰহত বসতিস্থল স্থাপনৰ কথা ভাবিবলৈ ধৰিছে৷ 

এতিয়া বৈজ্ঞানিকসকলে পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধান কৰাত ব্যস্ত হৈ পৰিছে৷ জীৱ থকা মানেই মানুহৰ বসবাসৰ উপযোগী বুলি বিবেচিত হ’ব৷ কিন্তু তেনেকুৱা গ্ৰহ এতিয়ালৈকে আৱিষ্কাৰ কৰিব পৰা নাই৷ এই দিশত শেহতীয়াকৈ আশাৰ বতৰা দিছে চন্দ্ৰই৷ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোত জীৱ নাই যদিও মানুহৰ বসতিস্থল স্থাপনৰ সুবিধা আছে৷ চন্দ্ৰযান-৩য়ে দিয়া তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে৷ এনে সময়তে এজন ব্ৰিটিছ বৈজ্ঞানিকে দাবী কৰিছে যে মাত্ৰ সাত বছৰৰ ভিতৰত মানুহে চন্দ্ৰত বসতিস্থল স্থাপন কৰিব৷ ব্ৰিটিছ বৈজ্ঞানিকসকলৰ মতে চন্দ্ৰত বসতিস্থল স্থাপনৰ কাৰণে পাৰমাণৱিক শক্তি উৎপাদনৰ কাম কৰি থকা হৈছে, যাৰ জৰিয়তে মানুহ চন্দ্ৰত দীৰ্ঘদিন থাকিব পাৰিব৷ অধ্যাপক ছাইমন মিডিলবাৰ্গৰ মতে, ৱেল্‌ছৰ বাংগৰ বিশ্ববিদ্যালয়ত এই ইন্ধন পৰীক্ষামূলকভাৱে প্ৰস্তুত কৰি থকা হৈছে৷ এই ইন্ধন উৎপাদনৰ কামত ব্যৱহাৰ কৰা পাৰমাণৱিক কণাবোৰক ত্ৰিছ’ফুৱেল বুলি কোৱা হয়৷ 

অধ্যাপক মিডিলবাৰ্গৰ মতে ২০৩০ চনৰ ভিতৰত মানুহে চন্দ্ৰত অট্টালিকা সাজিব৷ নাছাই চলাই থকা আঁচনিৰ ফল লাভ কৰিবলৈ মাজত মাত্ৰ কেইটামান বছৰ বাকী আছে৷ তেওঁৰ মতে এই ক্ষেত্ৰত মঙল গ্ৰহতকৈ চন্দ্ৰত বেছি সুযোগ-সুবিধা আছে৷ তেওঁৰ মতে মাত্ৰ সাত বছৰৰ ভিতৰত নাছাৰ আঁচনিয়ে কাৰ্যকৰী ৰূপ ল’বগৈ৷ পাৰমাণৱিক শক্তিৰ পৰীক্ষামূলক উৎপাদন কৰাৰ কাম কৰি থকা বাংগৰ বিশ্ববিদ্যালয়ৰ দলটো এই ক্ষেত্ৰত সকলোতকৈ আগত আছে৷ তেওঁলোকে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা, ব্ৰিটেইনৰ মহাকাশ সংস্থা আৰু ৰলছ ৰয়েচৰ সৈতে মিলি এই পৰীক্ষা কৰি আছে৷ 
 

Share This