ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয় একত্রীকৰণ বা চামিলকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মাজুলীত নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। প্রাথমিক শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ জাৰি কৰা এক নির্দেশনাত ৩০ জনতকৈ কম নামভর্তি থকা বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ প্ৰস্তাৱ বিচৰাৰ পাছতে মাজুলীত এই বিষয়ক লৈ ব্যাপক আলোচনা আৰম্ভ হৈছে।
ইতিমধ্যে যোৱা বৰ্ষত প্রস্তুত কৰা তালিকাত মাজুলীৰ ৩২ খন প্রাথমিক বিদ্যালয় একত্ৰীকৰণৰ আওতালৈ আহিছিল। নতুন নির্দেশনাই এই সংখ্যা আৰু বৃদ্ধি কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে শৈক্ষিক মহলে। ১০ জুনত প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে জাৰি কৰা নিৰ্দেশনাত ৩০ জনতকৈ কম নামভর্তি থকা বিদ্যালয়সমূহৰ অৱস্থা পর্যালোচনা কৰি একত্ৰীকৰণৰ প্ৰস্তাৱ দাখিল কৰিবলৈ জিলা প্রাথমিক শিক্ষা বিষয়াসকলক নির্দেশ দিয়ে। নির্দেশনাত বিদ্যালয়সমূহৰ নামভর্তি, আন্তঃগাঁথনি, বিদ্যালয়সমূহৰ মাজৰ দূৰত্ব, যোগাযোগ ব্যৱস্থা, শিক্ষাৰ্থীৰ স্থানান্তৰকৰণৰ সুবিধা আদি বিভিন্ন দিশ পৰীক্ষা কৰিবলৈ কোৱা হৈছে। এই নির্দেশনা প্রকাশ পোৱাৰ পাছতে মাজুলীৰ শিক্ষা ক্ষেত্ৰত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে মাজুলীত এসময়ত বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় সক্রিয় হৈ আছিল যদিও ধাৰাবাহিক একত্ৰীকৰণ আৰু নামভৰ্তি হ্ৰাসৰ ফলত সেই সংখ্যা ক্রমাৎ কমি আহিছে। বর্তমান জিলাখনত প্রায় প্রায় ৩৬৮ খন প্রাথমিক বিদ্যালয়, ৪৯ খন এম ই বিদ্যালয় আৰু ১৩ খন এম ভি বিদ্যালয় আছে। ইয়াৰে এখন এম ই বিদ্যালয় আৰু দুখন এম ভি বিদ্যালয়ত বর্তমান এজনো ছাত্র-ছাত্রী নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে মাজুলীত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া নতুন নহয়। যোৱা কেইবছৰত জিলাখনৰ ৭ খন উচ্চ মাধ্যমিক আৰু উচ্চ বিদ্যালয় চামিলকৰণৰ জৰিয়তে বন্ধ কৰা হৈছে। এতিয়া পুনৰ প্ৰাথমিক বিদ্যালয়সমূহক লক্ষ্য কৰি একত্ৰীকৰণৰ নতুন প্রচেষ্টা আৰম্ভ হোৱাত স্থানীয় ৰাইজ, অভিভাৱক, শিক্ষক আৰু বিভিন্ন সংগঠনে উদ্বেগ প্রকাশ কৰিছে। সচেতন মহলৰ মতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাৰ আঁৰত বহু কাৰণ আছে। বিশেষকৈ শিক্ষক নিযুক্তিৰ অভাৱ, বিষয়ভিত্তিক শিক্ষকৰ সংকট, আন্তঃগাঁথনিৰ দুৰ্বলতা, শিক্ষাৰ মানৰ অৱনতি আৰু আধুনিক শিক্ষাৰ সুবিধাৰ অভাৱেই বহু অভিভাৱকক ব্যক্তিগত বিদ্যালয়ৰ ফালে ঢাপলি মেলিবলৈ বাধ্য কৰিছে। ২০১৩ চনত প্রাদেশিকীকৰণ হোৱা বহু বিদ্যালয়ত শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পাছতো নতুন শিক্ষক নিযুক্তি নোহোৱাত শিক্ষাদান ব্যৱস্থা দুৰ্বল হৈ পৰিছে। ফলত বিদ্যালয়সমূহত নামভর্তি ধাৰাবাহিকভাৱে হ্রাস পাইছে। সেই অনুসৰি, নামনি মাজুলীৰ কুলিচাপৰিস্থিত ১৯৫১ চনত প্রতিষ্ঠিত আমগুৰি মজলীয়া বিদ্যালয়ৰ ঘটনাই এই বাস্তৱতাক স্পষ্টকৈ প্রতিফলিত কৰে। ৭৫ বছৰীয়া ঐতিহ্য বহন কৰা বিদ্যালয়খনত ডিজিটেল শ্রেণীকক্ষ থকাৰ পাছতো ছাত্ৰ-ছাত্ৰীৰ অভাৱত বিদ্যালয়খন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
স্থানীয় লোকসকলে অভিযোগ কৰা মতে, বিষয় শিক্ষকৰ অভাৱ আৰু শিক্ষাদানৰ সংকটৰ বাবেই অভিভাৱকসকলে সন্তানক বিদ্যালয়খনত নামভৰ্তি নকৰিলে। ইফালে, একাংশ সচেতন ব্যক্তিয়ে বিদ্যালয় বন্ধৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ দাবী জনাইছে। তেওঁলোকৰ মতে, জিলা বা বিধানসভা সমষ্টি ভিত্তিক নিৰপেক্ষ সমিতি গঠন কৰি বিদ্যালয়ভিত্তিক অধ্যয়ন কৰা উচিত। বহু ক্ষেত্রত শিক্ষক নিযুক্তি দিয়াৰ পাছত পুনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ উদাহৰণো আছে। সেয়েহে সমস্যাৰ মূল কাৰণ দূৰ নকৰি বিদ্যালয় বন্ধ কৰাটো কোনো স্থায়ী সমাধান নহয় বুলি তেওঁলোকে মন্তব্য কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনির্বাহক সদস্য ৰংগৰস মহন্তই কয় যে চৰকাৰী বিদ্যালয় বন্ধ হ'লে সর্বাধিক ক্ষতিগ্রস্ত হ'ব দৰিদ্ৰ আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল। চৰকাৰী শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ সলনি বিদ্যালয় বন্ধৰ পথ অনুসৰণ কৰাটো উদ্বেগজনক বুলিও তেওঁ মন্তব্য কৰে। ইফালে সচেতন মহলৰ অভিযোগ, চৰকাৰে এপিনে ব্যক্তিগত খণ্ডৰ শিক্ষাক উৎসাহিত কৰাৰ বিভিন্ন সিদ্ধান্ত গ্রহণ কৰি আছে, আনপিনে চৰকাৰী বিদ্যালয়সমূহৰ মৌলিক সমস্যাসমূহ সমাধান নকৰি একত্ৰীকৰণৰ নামত বিদ্যালয় বন্ধৰ নীতি অনুসৰণ কৰিছে। বহু বিদ্যালয় ৰাইজৰ দান, শ্রম আৰু ত্যাগৰ ফলস্বৰূপে প্রতিষ্ঠিত হৈছিল। এনে শিক্ষানুষ্ঠানসমূহ ক্রমাৎ বন্ধ হৈ যোৱাটো শিক্ষা ক্ষেত্ৰৰ বাবে অশনি সংকেত বুলি বহুতে মত প্রকাশ কৰিছে। বৰ্তমান তথ্য-প্রযুক্তিৰ যুগত চৰকাৰী বিদ্যালয়সমূহক অধিক আকর্ষণীয় আৰু গুণগত কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত শিক্ষাবিদসকলে গুৰুত্ব আৰোপ কৰিছে।
শিক্ষক সংকট দূৰীকৰণ, আন্তঃগাঁথনি উন্নয়ন, বিজ্ঞান আৰু গণিতৰ দৰে বিষয়ত পর্যাপ্ত শিক্ষক নিযুক্তি, আধুনিক শিক্ষাৰ পৰিৱেশ সৃষ্টি আৰু অভিভাৱকৰ আস্থা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে অধিক মনোযোগ দিব লাগে বুলি মত প্রকাশ কৰিছে। মাজুলীৰ দৰে নদীদ্বীপ অঞ্চলত বিদ্যালয়সমূহ কেৱল শিক্ষাৰ কেন্দ্ৰই নহয়, সামাজিক আৰু সাংস্কৃতিক জীৱনৰো এক অন্যতম আধাৰ। সেয়ে বিদ্যালয় একত্ৰীকৰণৰ নতুন নির্দেশনাই কেৱল শিক্ষা ক্ষেত্রতেই নহয়, সমগ্র সমাজ জীৱনতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি সচেতন মহলে আশংকা প্রকাশ কৰিছে। এতিয়া শিক্ষা বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে বাস্তৱ পৰিস্থিতি, শিক্ষক সংকট আৰু বিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ কিমান গুৰুত্বসহকাৰে বিবেচনা কৰে, সেয়াই লক্ষণীয় হ'ব।