ডিজিটেল ডেস্ক: বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত কালি বৰপেটা জিলা সত্ৰ সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূর্ণ কার্যনির্বাহক সভা অনুষ্ঠিত হয়। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্রতিষ্ঠা কৰা সুন্দৰীদিয়া সত্ৰৰ অতিথিশালাত অনুষ্ঠিত সভাখনত সুন্দৰীদিয়া আৰু পিড়লা-হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ বাপ দুজনাই অংশগ্ৰহণ কৰে।
সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ তথা বৰপেটা জিলা সত্ৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি নির্মল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মূলতঃ বৰপেটা জিলাত থকা গুৰুসকলৰ সত্ৰসমূহৰ উন্নয়ন সম্পর্কে আলোচনা অনুষ্ঠিত হয়। বৰপেটা জিলাত বিলুপ্তপ্রায় হৈ পৰা জাৰাবাঢ়ি সত্ৰ, শ্রীশ্রী পিড়লা সত্ৰ, কমলপুৰ সত্ৰ, পাহলা সত্র, বান্দালি চেংদি সত্ৰকে ধৰি জিলাখনৰ কেইবাখনো সত্ৰৰ অস্তিত্ব বিলুপ্ত হ'বলৈ আগবাঢ়িছে। উক্ত সত্রসমূহ কি দৰে উদ্ধাৰ আৰু সত্ৰকেইখনত গুৰুজনাৰ বন্তিগছি কিদৰে জ্বলাই ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়।
একেদৰে বৰপেটা জিলা সত্ৰ সমন্বয়ৰক্ষী সমিতিৰ ফালৰ পৰা আগন্তুক দিনত বৰপেটা জিলাৰ সত্ৰসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰা উচিত সেই বিষয়ে পৰামৰ্শ লোৱা হয়। বিলুপ্তিৰ পথত থকা ঐতিহাসিক সত্রসমূহক নতুনকৈ পুনৰ নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰক সমিতৰ ফালৰ পৰা কেনেধৰণে অৱগত কৰিব পৰা যায় তাৰ সভাত বিশদ আলোচনা অনুষ্ঠিত হয়।
তদুপৰি সত্ৰৰ ভূমি বেদখলৰ সমস্যা, সত্ৰৰ গাতে লাগি থকা গোচৰণীয়া পথাৰ আৰু জিলাখনৰ ঐতিহাসিক বিলসমূহ এতিয়াও সন্দেহজনক লোকৰ হাতত বেদখল হৈ থকাৰ বিষয়টো সম্পর্কেও সভাত উপস্থিত সদস্যসকলে আলোচনা কৰি মতামত ব্যক্ত কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সত্ৰৰ ভূমি, গোচৰণীয়া পথাৰ, বনাঞ্চল, অভয়াৰণ্য, জনজাতি আৱেষ্টনী আদি মুক্ত কৰাৰ বাবে কেইবাখনো জিলাত বেদখল উচ্ছেদ অভিযান অব্যাহত আছে যদিও বৰপেটা জিলাৰ দখলীকৃত ভূমি মুক্ত কৰাৰ বাবে চৰকাৰে আজিও কোনো পদক্ষেপ নোলোৱা বিষয়টোক লৈ সভাত আলোচনা কৰা হয়। সত্ৰৰ ভূমি, গো-চৰণীয়া পথাৰ, বিল, আদি কিদৰে বেদখলমুক্ত কৰিব পাৰি তাৰ বাবে চৰকাৰক দাবী জনাই সভাত প্রস্তাৱ গ্রহণ কৰা হয়। সভাত সত্ৰসমূহৰ সমস্যাৰ সমাধান আৰু সত্ৰসমূহে সম্মুখীন হৈ অহা ভাবুকি সম্পর্কে বিশদভাৱে পর্যালোচনা কৰা হয়। জিলাখনৰ ভাবুকিৰ সন্মুখীন হোৱা সত্ৰসমূহক কিদৰে আগবঢ়াই নিব পাৰি সেই সম্পর্কেও সভাত কেইবাজনো সদস্যই মতামত দাঙি ধৰে।
সুন্দৰীদিয়া সত্ৰৰ প্ৰাংগণত সভাখন অনুষ্ঠিত হয়। হৰিপুৰ সত্ৰ, পিড়লা সত্ৰৰ অধিকাৰ দিপেন্দ্রনাথ গোস্বামী আৰু ভৱানীপুৰ গোপাল আতা নে সত্ৰৰ সভাপতি ধীৰেন বর্মন উপস্থিত থকা সভাখন পৰিচালনা কৰে বৰপেটা জিলা সত্র সমন্বয়ৰক্ষী সে সমিতিৰ সাধাৰণ সম্পাদক অমিতাভ পাঠকে। সভাখনত জিলাৰ সত্ৰসমূহৰ উন্নয়ন, বেদখলমুক্ত কৰা আদি বিষয় সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়।