নাবালিকাক যৌন নিৰ্যাতন, অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড

Kakali Deka August 08, 2023

ডিজিটেল ডেস্ক: এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অনন্ত দাস নামৰ এটা অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড বিহিছে কামৰূপৰ পকছ’ আদালতে৷ কাৰাদণ্ডৰ লগতে ভুক্তভোগীৰ পৰিয়ালক এক লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবেও অভিযুক্তক আদালতে নিৰ্দেশ দিছে৷ উল্লেখযোগ্য যে ২০১৬ চনতে গুৱাহাটীত সংঘটিত হৈছিল এই কু-কৰ্ম৷ ঘটনা সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ থানাত ভুক্তভোগীৰ পৰিয়ালে গোচৰ ৰজু কৰিছিল৷ নৈৰ পাৰলৈ ফুৰাবলৈ নি অনন্ত দাসে নাবালিকাগৰাকীৰ সৈতে অসৎ কাৰ্যত লিপ্ত হৈছিল৷ শিশু নিৰ্যাতনৰ সৈতে জড়িত অভিযুক্তটোৱে এতিয়া ২০ বছৰ ধৰি কাৰাবাস খাটিব লাগিব৷

Share This