কানাডাৰ নাগৰিকত্ব ত্যাগ কৰিবলৈ সাজু, ভাৰতৰ জাৰ্ছীৰে খেলিবলৈ আগ্রহী শ্বান হুন্দাল

dainik janambhumi December 03, 2025

ডিজিটেল ডেস্ক : শেহতীয়াকৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে (এ আই এফ এফ) এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে। ভাৰতীয় মূলৰ দুই ফুটবলাৰ অভনীত ভাৰতী আৰু ৰিয়ান উইলিয়ামছক নীলা জাৰ্থীৰ শক্তি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষণ শিবিৰলৈ আমন্ত্রণ জনাইছিল। ইয়াৰ পাছত ভাৰতীয় বংশোদ্ভৱ আন এগৰাকী ফুটবলাৰো বিশ্ব ফুটবল মঞ্চত ব্লু টাইগাৰ্ছৰ জাৰ্জী পিন্ধিবলৈ সাজু হৈছে। কানাডিয়ান ষ্ট্ৰাইকাৰ শ্বান হুন্দালে ভাৰতৰ হৈ খেলিবলৈ আগ্রহী বুলি জানিবলৈ দিছে। 

সম্প্ৰতি তেওঁ কনাডাৰ প্রিমিয়াৰ লীগত য়র্ক ইউনাইটেড এফ চিৰ হৈ খেলি আছে। দুদিন পূর্বে ক্লাবটোৰ নাম সলনি কৰি ইণ্টাৰ টৰণ্টো এফ চি কৰা হৈছিল। কানাডাৰ লীগত তেওঁ দুৰন্ত ফৰ্মত আছে। ইয়াৰ উপৰি হুন্দালে ১৪ খন মেচত ৯ টা গ'ল দিয়াৰ লগতে দলৰ দুটা গ'লত সহযোগিতাও কৰিছে। তেওঁ ইচ্ছা কৰিলে কানাডাৰ ক্লাবটোৰে চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। তৎসত্ত্বেও ভাৰতৰ হৈ খেলিবলৈ আগ্রহী হুন্দাল। শেহতীয়া এক সাক্ষাৎকাৰত হুন্দালে প্রথমে নিজৰ শিপাৰ বিষয়ে কয়, 'মোৰ পিতৃ-মাতৃ, ককা-আইতা গোটেই পৰিয়ালটোৰ জন্ম পঞ্জাবত হৈছিল। তেওঁলোকে সদায় বিচাৰিছিল যে মই ভাৰতৰ হৈ খেলোঁ। মই জানো যে, পাছপ'ৰ্ট পোৱাটো যথেষ্ট কঠিন। তথাপি মই ভাৰতক প্রতিনিধিত্ব কৰিব বিচাৰোঁ।' ২৬ বছৰীয়া শ্বান সিং হুন্দালে ছয়বছৰ বয়সৰ পৰাই কেলেডন এছ চিত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। 

পৰৱৰ্তী পর্যায়ত তেওঁ ব্রাম্পটন য়ুথ এছ চি আৰু মিছিছাওগাত যোগ দিয়ে। অনূর্ধ্ব-১৪ আৰু অনূর্ধ্ব-১৫ বছৰ বয়সত অণ্টাৰিঅ' প্রাদেশিক দলৰো সদস্য আছিল। হুন্দালে জানিবলৈ দিয়া মতে তেওঁ ইতিমধ্যেই ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সৈতে যোগাযোগ কৰিছে। মন কৰিবলগীয়া যে, যোৱা ছিজনত শীতকালীন ট্রেন্সফাৰ পদ্ধতিৰ জৰিয়তে আই এছ এলত খেলাৰ বাবে মহমেদান স্প'র্টিং ক্লাবৰে তেওঁৰ কথা-বার্তা আগুৱালেও মূৰকত চুক্তি ভংগ হয়। ইয়াৰ ফলত তেওঁৰ ভাৰতলৈ অহাটো সম্ভৱ নহ'ল।

Share This