মুক্তি পালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ এটি নতুন গীত আন্‌মনা

Kakali Deka February 07, 2025

ডিজিটেল ডেস্কঃ শংকুৰাজ কোঁৱৰ অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক তথা কণ্ঠশিল্পী৷ অসমীয়া সংগীত জগতক আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ জনাজাত। তেওঁৰ দ্বিতীয়টি বিহুগীত ‘জয়মলা ২.০’ৰ পাছতেই আজি মুকলি হ’ল ‘আন্‌মনা’ শীৰ্ষক এটি নতুন গীত ৷

‘‘প্ৰাপ্তিৰো থাকে সমাপ্তি, 
সকলো সুকলমে চলি যায়
কিছুমান সৰু সৰু ভুলেই হৈ যায় বিচ্ছেদৰ কাৰণ
হৈ পৰে সকলো স্মৃতি…’’

কেতিয়াবা আৱেগবোৰ তীব্ৰতৰ হৈ পৰে, সুৰকাৰে নিজৰ হৃদয়খন ঢালি দিয়ে, গীতিকাৰে অনুভৱ কৰে তেওঁৰ এৰি থৈ যোৱা অসহ্যকৰ শূন্যতা৷ প্ৰতিটো টোকাই কঢ়িয়াই লৈ ফুৰে নি:সংগতাৰ ওজন ৷ প্ৰতিটো গীতৰ কথাই তেওঁৰ আকাংক্ষাৰ প্ৰতিধ্বনি দিয়ে। ‘আনমনা’ও সেই একে ধৰণৰ বিৱৰণ, য’ত আছে প্ৰেমৰ আৱৰণ ৷


TRP Production আৰু RM Entertainmentsৰ বেনাৰত নিৰ্মিত গীতটিৰ কথা পংকজ শইকীয়াৰ,সংগীত ব্যৱস্থাপনা কৰিছে হোমেন বৰা, শ্যামল ভূঞা আৰু প্ৰদ্যুত বৰুৱাই, গীটাৰ সংগত কৰিছে হোমেন বৰাই লগতে বাঁহী বজাইছে প্ৰীতম বৰপাত্ৰ গোহাঁই আৰু ভাস্কৰ কলিতাই ৷ আৱহ কণ্ঠ স্তুতি শৰ্মাৰ আৰু গীতটোৰ শব্দ সংমিশ্ৰণ কৰিছে ঋত্বিক ৰাজ পাঠকে। 

গীতটিৰ পৰিচালনা সোণমণি গোৱালাৰ ৷অভিনয় কৰিছে নীল তামুলী আৰু কাজল বৰাই। গীতটিৰ প্ৰযোজনা ইন্দুকল্প ভৰালীৰ ৷গ্ৰাফিক্স অনুভৱ দত্তৰ আৰু ভি এফ এক্স কৰিছে দীপাংকৰ চহৰীয়াই৷ সম্পাদনা মানস কাশ্যপৰ ৷ বৈদুৰ্য সেনাপতি আৰু জিতুল বৰুৱাই কৰিছে গীতটিৰ দৃশ্যগ্ৰহণৰ কাম ৷

Share This