মহিলা কৰ্মচাৰীক নির্যাতন, ৰাজ্যৰ প্ৰতিটো চৰকাৰী বিভাগত উপলব্ধ হ'ব 'শ্বি-বক্স'

dainik janambhumi March 08, 2026

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত এতিয়াৰ পৰা উপলব্ধ হ'ব এক অভিনৱ কিন্তু শক্তিশালী ব্যৱস্থা। এতিয়াৰ পৰা প্ৰতিটো বিভাগত থাকিব এটা বিশেষ বাকচ, যাৰ নাম শ্বি-বক্স (SHe-Box)। কোনো বিভাগত যদি কোনো মহিলা কৰ্মচাৰী নিৰ্যাতনৰ বলি হয়, তেনেহ'লে তেনে ভুক্তভোগী মহিলা কৰ্মচাৰীয়ে এই বাকচত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব। 

গুৰুত্বপূৰ্ণ কথা এয়ে যে নিজৰ পৰিচয় ৰাজহুৱা নোহোৱাকৈ ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিব পাৰিব এই বাকচটোত। 

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে বিভাগসমূহত শ্বি-বক্স ৰখাটো বাধ্যতামূলক কৰিছিল যদিও অসমত এই ব্যৱস্থা এতিয়ালৈকে নাছিল। ৰাজ্য চৰকাৰে এ চি এছ বিষয়া হেমাশ্রী হাজৰিকাক চি বক্সৰ তদাৰকৰ দায়িত্ব দিছে।

Share This