মেঘালয়লৈ ফুৰবিলৈ আহি সন্ধানহীন ইন্দোৰৰ এহাল পতি-পত্নী

Rashmi May 26, 2025

ডিজিটেল ডেস্কঃ মেঘালয় ভ্ৰমণ কৰিবলৈ আহি সন্ধানহীন ইন্দোৰৰ এহাল পতি-পত্নী৷ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে তেওঁলোক৷ দুয়োজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাইছে। দুয়োজনে দেওবাৰে ঘূৰিবলৈ দুচকীয়া বাহন ভাৰা কৰিছিল। ইয়াৰ পিছত তেওঁলোকে সোহৰাৰ উপত্যকা পৰিদৰ্শন কৰিবলৈ যায়। পৰিয়ালৰ লোকে দুয়োকে বাৰে বাৰে ফ'ন কৰি নোপোৱাত চিন্তিত হৈ পৰে৷  বহু দেৰিলৈকে তেওঁলোকৰ সৈতে ফ'নৰ সংযোগ নোহোৱাত ইন্দোৰত বাস কৰা পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক খবৰ দিয়ে।

শ্বিলঙত নিৰুদ্দেশ হৈছে ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী (২৯) আৰু তেওঁৰ পত্নী সোণম। তেওঁলোক দুৰ্ঘটনাত পতিত হোৱা বা কোনো অপৰাধৰ বলি হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে ফ'ন ছুইচ অফ হৈ থকাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোক অতি চিন্তিত হৈ পৰিছে। ৰাজা আৰু সোণমৰ সন্ধানত ইতিমধ্যে পৰিয়ালৰ লোক শ্বিলঙত উপস্থিত হৈছে।

শ্বিলং আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে এখন দুচকীয়া বাহন ভাৰা কৰি সোহৰা অঞ্চল অভিমুখে ৰাওনা হৈছিল। এই অঞ্চলত পাহাৰ আৰু খাদ আছে। আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰে। সোহৰাৰ পৰা ১৫ কিল'মিটাৰ দূৰত উদ্ধাৰ হয় ভাৰাতীয়া বাইকখন। দুয়োৰে নিৰুদ্দেশৰ কাৰণ জানিব পৰা হোৱা নাই।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This