মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ, দেশৰ বজাৰত কেঞ্চাৰৰ ঔষধৰ নাটনি

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত চলি থকা উত্তেজনাই অত্যাৱশ্যকীয় সামগ্ৰীত গভীৰ প্ৰভাৱ পেলাইছে। এতিয়া তেল আৰু প্ৰাকৃতিক গেছৰ লগতে ঔষধ আৰু আন শেহতীয়াকৈ লাভ কৰা তথ্য মতে, বজাৰৰ পৰা কেঞ্চাৰ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা দুবিধ ঔষধ বজাৰৰ পৰা নোহোৱা হৈ পৰে। যোৱা দুসপ্তাহত কেঞ্চাৰৰ চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ চিছপ্লেটিন আৰু কাৰ্ব'প্লেটিন নামৰ দুবিধ ঔষধৰ নাটনিয়ে দেখা দিয়ে আৰু দেশৰ ঔষধৰ দোকানসমূহত এই দুবিধ ঔষধ পোৱা নাই। 

কেম'থেৰাপিত এই দুয়োবিধ ঔষধ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ দামো কম। কেঞ্চাৰ বিশেষজ্ঞসকলে অর্থাৎ অনক'লজিষ্টসকলে এই ঔষধ দুবিধৰ নাটনিক লৈ উদ্বেগ প্রকাশ কৰিছে। ঔষধ উদ্যোগৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ মতে, ঔষধ দুবিধৰ নাটনিৰ প্ৰধান কাৰণ হ'ল কেঁচা মালৰ অভাৱ। কোম্পানীসমূহে উৎপাদন ব্যয় বৃদ্ধি কৰা সত্ত্বেও ইয়াৰ দাম বৃদ্ধি কৰিব পৰা নাই, কিয়নো দুয়োবিধ ঔষধ কেন্দ্ৰীয় চৰকাৰৰ ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ অধীনত আছে। ছাৰ গংগাৰাম হস্পিটেলৰ মেডিকেল অনক'লজীৰ অধ্যক্ষ ডাঃ শ্যাম আগৰৱালে কয় যে চিকিৎসালয়খনৰ ফার্মাচীত দুয়োবিধ ঔষধ শেষ হৈছে। 

ক্লিনিকলৈ অহা প্রতি দহজন ৰোগীৰ ভিতৰত প্ৰায় সাতজনক ইয়াৰে যিকোনো এবিধ ঔষধৰ প্ৰয়োজন হয়। এই ঔষধ দুবিধ মুখ, হাওঁফাওঁ, গর্ভাশয় গ্রীভা, অণ্ডাশয়, খাদ্য নলী আৰু স্তন কেঞ্চাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠানৰ (এইম্ছ) অনক'লজিষ্ট ডাঃ অভিষেক শংকৰে প্ৰকাশ কৰা মতে বিগত কমেও দুসপ্তাহে এই ঔষধ দুবিধৰ নাটনি হৈছে। আন এজন বিশেষজ্ঞৰ মতে কম 'ড'জ'ৰ ঔষধ দুবিধ ফার্মাচীসমূহত উপলব্ধ নহয়। মুম্বাইতো প্লেটিনামৰ পৰা তৈয়াৰ কৰা কেম'থেৰাপীত ব্যৱহাৰ কৰা সকলো ঔষধৰ নাটনি হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে সমগ্ৰ বিশ্বতে প্লেটিনামৰ দাম বৃহৎ হাৰত বৃদ্ধি পোৱাটো। 

প্লেটিনামৰ দাম ২০২৩ চনত প্রতি গ্রামত ২,৭০০ টকাৰ পৰা এতিয়া ৭,৮০০ টকাতকৈ অধিক হৈছে। ঔষধৰ পাইকাৰী ব্যৱসায়ী তথা ঔষধ জমা ৰখা ব্যৱসায়ীসকলৰ হাততো এতিয়া এই দুবিধ ঔষধ পাবলৈ নোহোৱা হৈছে। দিল্লীৰ এজন পাইকাৰী ব্যৱসায়ীয়ে জনোৱা মতে, বৰ্তমান দেশৰ কোনো এখন ফাৰ্মাচীতে এই ঔষধ দুবিধ পাবলৈ নোহোৱা হৈছে। অধিকাংশ পাইকাৰী ব্যৱসায়ৰ হাতত জমা থকা ঔষধ শেষ হৈছে। কেইখনমান প্রতিষ্ঠানৰ হাতত সামান্য অলপ বাকী আছে আৰু এইখিনি এতিয়া খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰাৰ পৰিৱৰ্তে পোনে পোনে ৰোগীক দিয়াৰ কথা বিবেচনা কৰি আছে।

Share This