অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হস্পিটেলৰ বিছনাৰ পৰাই গীত জুৰিলে শিল্পী চৈয়দ চাদুল্লাই

Rashmi June 24, 2025

ডিজিটেল ডেস্কঃ  "অহাৰ দৰেই উভতি আঁতৰি গ'লা"...হাস্পিটেলৰ বিছনাতে কালজয়ী গীত গালে শিল্পী চৈয়দ চাদুল্লাই। হৃদৰোগৰ অস্ত্ৰোপচাৰৰ  পিছতে এইদৰে নিজে সুৰ কৰা গীত গালে চৈয়দ চাদুল্লাই। অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হাস্পিটেলৰ বিছনাৰ পৰা সুৰ উজাই দিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

চিকিৎসাধীন চাদুল্লাৰ শৰীৰত মাত্ৰ চাৰি দিন পূৰ্বে সফলভাৱে পেচ মেকাৰ প্ৰতিস্থাপন কৰা হৈছে। তেওঁৰ পেচমেকাৰ ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল। এই কঠিন সময়তো সংগীতৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু আস্থাই হৃদয় স্পৰ্শ কৰিছে সকলোকে। হাস্পিটেলৰ বিছনাতে, নিজৰেই সুৰ আৰু কণ্ঠত এই জনপ্ৰিয় গীতটি আওৰাই থকা চৈয়দ চাদুল্লাই সকলোকে আপ্লুত কৰি তোলে। যি দৃশ্যই উপস্থিত সকলোৰে হৃদয় আন্দোলিত কৰি তুলিলে।

চৈয়দ চাদুল্লা বৰ্তমান আৰোগ্যৰ পথত আগবাঢ়ি আছে। সংগীতৰ জৰিয়তে মানসিক বল তেওঁ দৃঢ়ভাৱে ফুটাই তোলে এই সময়ছোৱাত।

উল্লেখযোগ্য যে সম্প্ৰচাৰ আৰু সংগীতৰ জগতখনৰ এগৰাকী কিংবদন্তি ব্যক্তি চাদুল্লা অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আছিল আৰু দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক, ডিস্কভাৰী চেনেলত ১০০খনতকৈও অধিক তথ্যচিত্ৰৰ ঘোষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। চৈয়দ চাদুল্লা এয়াৰৰ সৈতে জড়িত এজন ৰাষ্ট্ৰীয় প্ৰশংসিত গীতিকাৰ, গীটাৰিষ্ট, সংগীত ব্যৱস্থাপক আৰু নাট্যকাৰ।

ড° ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ, অনুপ জালোটা, আৰু পাৰবীন চুলতানাৰ দৰে আইকনৰ সৈতে সহযোগিতা কৰি চাদুল্লাই তথ্যচিত্ৰ আৰু ৰেডিঅ’ৰ কামৰ বাবে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
তেখেতৰ আশু আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This