ডিজিটেল ডেস্ক : পহলগামত সংঘটিত সন্ত্রাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমর্থন কৰা ব্যক্তিক দেশদ্রোহী হিচাপে গণ্য কৰি ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে। বিশেষভাৱে চোকা দৃষ্টি ৰাখিছে ছ'চিয়েল মিডিয়াৰ ওপৰত। এতিয়ালৈকে বিধায়ক আমিনুল ইছলামৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা পাঁচজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাজ্যজুৰি এই অভিযান চলি থকাৰ কথা ব্যক্ত কৰি শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুনৰ স্পষ্টকৈ কয় যে এনে দেশ-বিৰোধী কামত লিপ্ত থকাসকলক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্রোহিতা হিচাপে বিৱেচিত। আনহাতে, কালি গ্ৰেপ্তাৰ কৰা পাঁচজন লোকেই সামাজিক মাধ্যমত পাকিস্তানক প্রত্যক্ষ বা পৰোক্ষভাৱে সমর্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা বুলিও জনায় মুখ্যমন্ত্রীয়ে।
উল্লেখযোগ্য যে শুকুৰবাৰে অসম আৰক্ষীয়ে হাইলাকান্দিৰ জাবিৰ হুছেইন, শিলচৰৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মাজাহাৰ মিঞা ওৰফে মুজিহিৰুল ইছলাম, নগাঁৱৰ আমিনুল ইছলাম আৰু শিৱসাগৰৰ চাহিল আলীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে কালি নগাঁৱৰ পৰা এ আই ইউ ডি.এফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল।