স্মার্ট ঔষধে নিৰাময় কৰিব কেঞ্চাৰ ৰোগ

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক : কেঞ্চাৰৰ বিৰুদ্ধে যুঁজত চিকিৎসক, বিজ্ঞানী আৰু গৱেষকসকলে এক বৃহৎ সাফল্য লাভ কৰা বুলি দাবী কৰা হৈছে। স্মার্ট ঔষধৰ লগতে নিতৌ সেৱন কৰা ঔষধসহ এনেকুৱা প্রযুক্তি কৌশল উলিওৱা হৈছে যাৰ জৰিয়তে কেঞ্চাৰৰ চিকিৎসা বৃহৎ সাফল্য লাভ কৰা হৈছে। 

কেঞ্চাৰক লৈ শেহতীয়াকৈ কৰা এই গৱেষণাৰ বিষয়ে বিশ্বৰ সৰ্ববৃহৎ কেঞ্চাৰ সন্মিলন, আমেৰিকান ছ'চাইটি অব্ ক্লিনিকেল অনক'লজিত প্রকাশ কৰা হয়। ছিকাগোত অনুষ্ঠিত এই সন্মিলনত প্রায় ৪০ হাজাৰ স্বাস্থ্য কর্মীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াক দুই শতাধিক সত্র অনুষ্ঠিত হয়। ইয়াত চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলে প্ৰকাশ কৰা মতে জি আৰ ডব্লিউ ডি ৫৭৬৯ নামৰ এবিধ ঔষধে কেঞ্চাৰ টিউমাৰ নষ্ট কৰাত সহায় কৰে। এই ঔষধে কেঞ্চাৰ টিউমাৰক মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ পৰা বাছি থকাৰ ক্ষমতা নোহোৱা কৰি পেলায়। পূৰ্বতে ইমিনিউ থেৰাপীয়ে কাম নকৰা ৰোগীক এই টেবলেট আন ঔষধৰ সৈতে সেৱন কৰিবলৈ দিয়াৰ পাছত মুঠ ছবিধ টিউমাৰ ক্ৰমে গর্ভাশয়, ব্লাডাৰ, লিভাৰ, অন্ত্র, হাওঁফাওঁ, ডিঙি-খাদ্যনলীৰ কেঞ্চাৰৰ টিউমাৰ শুকুওৱাত সহায় কৰে। চিকিৎসকৰ মতে, এই ঔষধে ভৱিষ্যতে কেঞ্চাৰ ৰোগীৰ জীৱন বচাব পাৰে। ইয়াৰ লগতে আইভ 'নেছিনে নামৰ আন এবিধ ঔষধে হাওফাওৰ কেঞ্চাৰত ভোগা ৰোগীৰ জীৱনকাল গড়ে ১৫% বৃদ্ধি কৰিব পাৰে। 

আনহাতে, ওজেকিবাৰ্ট নামৰ ঔষধ ব্যৱহাৰ কৰি অন্ত্ৰৰ টিউমাৰ শুকুওৱাত সফলতা লাভ কৰা হৈছে। ছিকাগো সন্মিলনত আন এবিধ নতুন টেবলেটৰ বিষয়ে জনোৱা হয়। এই টেবলেট বিধে পেনক্রিয়াটিক কেঞ্চাৰ ৰোগী আয়ুস বৃদ্ধি কৰাত সহায় কৰিছে। সন্মিলনত নতুন ঔষধৰ লগতে এই কথাও জনোৱা হয় যে স্তন কেঞ্চাৰ হোৱা লাখ লাখ মহিলাক কেম'থেৰাপিৰ পৰা বচাব পাৰি। ব্রিটেইন, নৰৱে, ছুইডেনছ, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশত ৪০০০ মহিলাক লৈ পৰীক্ষা কৰা হৈছিল। ইয়াত অংশগ্ৰহণ কৰা মহিলাসকলৰ যিসিকলৰ জেন'মিক টেষ্ট ৰেংক কম পোৱা গৈছিল, তেওঁলোকক হৰমোন থেৰাপীয়ে সুৰক্ষিত চিকিৎসা কৰা হয় আৰু কেমো থেৰাপীৰ প্ৰয়োজন নহৈছিল। একেদৰে ব্লাডাৰ কেঞ্চাৰৰো নতুন ঔষধ আৱিষ্কাৰ কৰা হৈছে আৰু এই ঔষধ কেমো আৰু ৰেডিঅ'থেৰাপিৰ সৈতে ব্যৱহাৰ কৰিলে টিউমাৰ পুনৰ হোৱাৰ আশংকা হ্রাস পোৱাৰ লগতে ৰোগীত অস্ত্রোপচাৰৰ পৰাও বচাব পাৰি। ইফালে সন্মিলনত প্রকাশ কৰা তথ্য মতে, বিশ্বত কেঞ্চাৰ ৰোগীৰ সংখ্যা বছৰি ২১% হাৰত বৃদ্ধি পাব। এই হাৰ ২০২৫ চনত প্রতি এক লাখ লোকৰ ভিতৰত ১৬৫জনৰ পৰা বৃদ্ধি পাই ২০৫০ত প্রতি এক লাখত ২০০জনলৈ বৃদ্ধি পাব। 

বিশ্বত প্ৰতি বছৰে প্ৰায় ২ কোটি লোকৰ কেঞ্চাৰ হোৱাটো ধৰা পৰে। ২০৫০ চনলৈ এনে লোকৰ সংখ্যা ৩.৫৩ কোটিলৈ বৃদ্ধি পাব। আন কথাত প্রতিদিনে এক লাখ লোক নতুনকৈ কেন্সাৰ ৰোগত আক্রান্ত। ভাৰতত প্ৰতিবছৰে ১৪-১৬ লাখ লোক নতুনকৈ কেঞ্চাৰত আক্রান্ত হয়। ইফালে সন্মিলনত দিয়া তথ্য মতে, কম টোপনিৰ ফলত ৫০ বছৰতকৈ কম বয়সৰ লোক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সংখ্যা সমগ্র বিশ্বতে বৃদ্ধি পাইছে। ৩০-৪০ বছৰ বা তাতকৈ কম বয়সৰ লোকৰ কেঞ্চাৰ ৰোগীৰ মৃত্যুৰ হাৰ ৭% বৃদ্ধি পাইছে। আমেৰিকাত কৰা অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি কম টোপনিৰ ফলত কম বয়সতে অন্ত্র, স্তন আৰু গৰ্ভাশয়ৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক। ইফালে যোগাভ্যাসে কেঞ্চাৰ ৰোগীৰ মনোবল বৃদ্ধিত সহায় কৰে বুলিও জনা গৈছে। ইয়াৰ জৰিয়তে মানসিক উদ্বেগ, অৱসাদ, অশান্তি আৰু অনিদ্ৰাৰ দৰে সমস্যা দূৰ কৰিব পাৰি।

Share This