ম’বাইল আসক্তি, ভাৰ্চুৱেল জগত আৰু ইউনেস্ক’ৰ শেহতীয়া শংকা
Jyoti Borah
August 05, 2023
ডিজিটেল ডেস্ক :অলপতে সামাজিক মাধ্যমত এটা বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছিল৷ বিষয়টো হ’ল এগৰাকী কলেজীয়া ছাত্ৰীৰ ম’বাইল আসক্তি৷ সামাজিক মাধ্যমত চৰ্চা হোৱা মতে ছোৱালীজনীয়ে হেনো পুৱতি নিশা চ্ছ্ৰ মান বজালৈ ম’বাইল ফ’নত ব্যস্ত থাকে, দুপৰীয়া ৰ-২ বজাত শুই উঠে৷ দুপৰীয়া আহাৰ খাই আকৌ ম’বাইল চায়৷ কাৰো লগত কথা-বাৰ্তা নাপাতে৷ স্বভাৱতে তাই ৰুক্ষ হৈ পৰিছে আৰু ঘৰখনত সেই লৈ ব্যাপক অশান্তিৰ সৃষ্টি হৈছে৷ বিভিন্নজনে এই কথা নিজৰ নিজৰ ধৰণে বিশ্লেষণ কৰিছে৷ কিন্তু কেৱল সেই ছোৱালীজনীয়ে নহয়, বৰ্তমান সময়ত এইধৰণৰ ম’বাইল ফ’নজনিত সমস্যা বহু পৰিয়ালত দেখা গৈছে৷ বিশেষকৈ কভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত অনলাইন পাঠদান আৰম্ভ হোৱাৰ পৰা এই সমস্যা বেছি হৈছে৷ সন্দেহ নাই যে বৰ্তমান সময়ত ম’বাইল আৰু ইণ্টাৰনেট এক এৰাব নোৱৰা প্ৰয়োজন হৈ পৰিছে৷ কিন্তু কম বয়সীয়া ল’ৰা-ছোৱালীৰ হাতত
ম’বাইল আৰু ইণ্টাৰনেটৰ যোগেদি উন্মুক্ত হৈ পৰা এই ভাৰ্চুৱেল জগতখন অধিক বিপজ্জনকো হৈ পৰিছে৷
ইণ্টাৰনেটৰ জগতখনৰ কোনো সীমা নাই৷ ইয়াত উপলব্ধ তথ্য, খবৰ, মনোৰঞ্জন, বিষয়বস্তুৰ ভিন্নতা সকলো অসীম৷ যাৰ যি ৰুচি সেই অনুসাৰেই ইয়াত ভঁৰাল আছে৷ কেৱল বিচাৰিব জানিলেই হ’ল৷ সেয়েহে কিশোৰ-কিশোৰীৰ বাবে এই জগতখন একে সময়তে উত্তেজনা, বিস্ময়, নতুন আৱিষ্কাৰৰ চমকৰ লগতে মনোৰঞ্জনৰ বিশাল সম্ভাৰেৰে ভৰপূৰ৷ এই জগতখনত যিমানেই ভিতৰলৈ যোৱা যায় সিমানেই নতুন নতুন বিষয়ে ভুমুকি মাৰে৷ সিয়েই ইয়াত সময় অতিবাহিত কৰিবলৈ মানুহক লালায়িত কৰিবলৈ যথেষ্ট৷ তাৰ লগতে ইণ্টাৰনেটে সুচল কৰি তোলা বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে নিজকে ব্যস্ত ৰখাৰ অনেক উপাদানৰ মাজত কম বয়সীয়া ল’ৰা-ছোৱালীতো বাদেই, বহু প্ৰাপ্তবয়স্ক মানুহেও নিজকে হেৰুৱাই পেলায়৷
এই ইণ্টাৰনেটৰ জগতখনে চিনাকি কৰি দিয়া ভাৰ্চুৱেল পৃথিৱীখন অতি চকমকীয়া আৰু ই আমাক বাস্তৱতাৰ পৰা নিলগৰ এখন পৃথিৱীৰ ওচৰ চপাই নিয়াৰ চেষ্টা কৰে৷ যিয়ে এই দুইখন পৃথিৱীৰ মাজৰ পাৰ্থক্য বুজিব নোৱাৰে তেনে মানুহে এই পৃথিৱীখনৰ প্ৰতি অধিক আসক্ত হৈ নিজৰ প্ৰকৃত অৱস্থিতি পাহৰি গৈ ইয়াকে সঁচা বুলি ভুল কৰে৷ সেয়েহে সামাজিক মাধ্যমত ঠগ, প্ৰৱঞ্চনা, ইণ্টাৰনেটৰ যোগেদি অপৰাধ প্ৰৱণতাৰ কবলত পৰি বহু মানুহ সৰ্বস্বান্তও হ’ব লগীয়া হৈছে৷ ম’বাইল আৰু ইণ্টাৰনেটে মানুহৰ মাজৰ প্ৰত্যক্ষ যোগাযোগ হ্ৰাস কৰিছে, কথোপকথন নোহোৱা কৰিছে, মানুহৰ মাজৰ সম্পৰ্কৰ দূৰত্ব বৃদ্ধি কৰিছে৷ সামাজিক মাধ্যমত বন্ধুত্ব গঢ়ি তোলা বুলি ভাবি আমি যিমানেই আত্মতৃপ্ত হৈছোঁ সিমানেই কিন্তু আমি বাস্তৱতে
মানৱীয় সম্পৰ্কৰ পৰা ফালৰি কাটিছোঁ৷ ই আমাক সামাজিকভাৱে ক্ষতি কৰাৰ উপৰি আমাক শাৰীৰিক আৰু মানসিকভাৱেও ক্ষতি কৰিছে৷
আমাৰ ওপৰৰ বক্তব্যৰ অৰ্থ এইটো নহয় যে ইণ্টাৰনেট বা সামাজিক মাধ্যমৰ কোনো ভাল দিশ নায়েই৷ বৰং বহু ক্ষেত্ৰত ইয়াৰ ওলোটাটোহে সত্য হৈ পৰিছে৷ বিশ্বায়নৰ যুগত, অনলাইন মাধ্যমৰ আগ্ৰাসনৰ সময়ত, বজাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি মানুহৰ দৈনন্দিন জীৱনত ইণ্টাৰনেটে কিমান ধৰণে আমাক সহায় কৰিছে তাৰ হিচাপ নাই৷ ব্যৱসায়ৰ বিস্তাৰৰ পৰা নিজৰ দক্ষতা বিকাশলৈ, শিক্ষাৰ পৰা সমাজ সংস্কাৰলৈ ইণ্টাৰনেটে সকলো ফালৰ পৰা মানুহক সহায় কৰিছে৷ কিন্তু সেয়ে হ’লেও ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ কু-প্ৰভাৱখিনিও উলাই কৰিব পৰা বিধৰ নহয়৷
এই প্ৰসংগত ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্ক’ই শেহতীয়াভাৱে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ কথা ক’ব পাৰি৷ ‘শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কীয় বিশ্বজনীন পৰ্যৱেক্ষণ প্ৰতিবেদন’ হিচাপে নামকৰণ কৰা এই প্ৰতিবেদনত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৈছে যে শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰ ৰাষ্ট্ৰসমূহে নিয়ন্ত্ৰণ কৰা উচিত৷ কভিড মহামাৰীৰ সময়ৰ পৰা বিশ্বজুৰি আৰম্ভ হোৱা অনলাইন শিক্ষাৰ পয়োভৰ, বিশেষকৈ ম’বাইল ফ’নৰ ব্যৱহাৰে প্ৰকৃতাৰ্থত শিক্ষা ব্যৱস্থাত বৰ বেছি সহায়ক নোহোৱা বুলি ইয়াত উল্লেখ কৰা হৈছে৷ লগতে প্ৰযুক্তি বা ভাৰ্চুৱেল পদ্ধতিৰ শিক্ষাদান কেতিয়াও মানুহৰ প্ৰত্যক্ষ যোগাযোগত হোৱা শিক্ষাদানৰ বিকল্প হ’ব নোৱাৰে বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ প্ৰযুক্তিৰ অতিমাত্ৰা ব্যৱহাৰে শিক্ষাৰ্থীৰ ক্ষতি কৰাৰ আশংকা ব্যক্ত কৰি এই প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে সীমাহীন তথ্যৰ জগতৰ পৰা কি সমূহ গ্ৰহণ কৰিব লাগে আৰু কি সমূহ বৰ্জন কৰিব লাগে সেই শিক্ষাও শিক্ষাৰ্থীক দিয়া উচিত৷ শিক্ষাৰ্থীসকলক প্ৰযুক্তিৰ
সৈতে আৰু প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱাকৈও চলিবলৈ অভ্যস্ত কৰি তোলাৰ কথাও এই প্ৰতিবেদনত কোৱা হৈছে৷
সমগ্ৰ বিশ্বৰ শিক্ষাৰ শেহতীয়া ধাৰা অধ্যয়ন কৰি প্ৰস্তুত কৰা এই প্ৰতিবেদনে কাৰ্যতঃ প্ৰযুক্তিৰ অতিমাত্ৰা ব্যৱহাৰে কিদৰে শিক্ষা ব্যৱস্থাক প্ৰভাৱিত কৰিছে তাকেই প্ৰতিপন্ন কৰিছে ৷
শিক্ষাৰ চলেৰে ম’বাইল ফ’নৰ প্ৰতি আসক্ত হৈ পৰি পাছত ইয়াৰ কু-প্ৰভাৱৰ চিকাৰ হোৱাৰ অলেখ উদাহৰণ আমাৰ সমাজত আছে৷ সেয়েহে ম’বাইল ফ’ন আৰু ইয়াৰ যোগেদি ইণ্টাৰনেট বা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোৱে নিজকে সংযত কৰা উচিত৷ কেৱল যে কিশোৰ-কিশোৰীয়েই প্ৰযুক্তিৰ প্ৰতি আসক্ত হৈ পৰিছে তেনে নহয়, প্ৰাপ্তবয়স্কৰ মাজতো ম’বাইল বা সামাজিক মাধ্যমৰ প্ৰতি অত্যধিক আসক্তি এতিয়া যেন এক সামাজিক সমস্যাই হৈ পৰিছে৷ সেয়েহে সময় থাকোঁতেই সকলোৱে এই ক্ষেত্ৰত সজাগ হৈ ম’বাইল ফ’ন, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ সংযত আৰু সীমিত ব্যৱহাৰৰ চেষ্টা কৰাটো জৰুৰী৷ নহ’লে ই আমাৰ সমাজখনক অদূৰ ভৱিষ্যতে কি পৰ্যায়লৈ লৈ যায় সেয়া অনুমান কৰাও কঠিন হৈ পৰিব৷
Share This