ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডু অঞ্চলৰ শিঙৰি গাঁৱত পুনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ সন্দেহজনক টেংক শ্বেল সদৃশ বস্তু উদ্ধাৰ হৈছে। এই ঘটনাই স্থানীয় বাসিন্দাসকলৰ মাজত ভয়, উৎকণ্ঠা আৰু অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
স্থানীয় বাসিন্দা মহম্মদ ইছমাইলে নিজৰ দোকানৰ কাষত মাটি খনন কৰাৰ সময়তে এই ধাতব বস্তুটো লক্ষ্য কৰে। প্ৰথমতে, সাধাৰণ লোহাৰ টুকুৰা বুলি ভবা হৈছিল যদিও ইয়াৰ আকাৰ, গঠন আৰু ওজন দেখি সন্দেহ জন্মে যে এইটো কোনো বিস্ফোৰক সামগ্ৰী হ'ব পাৰে। মাটি খননত নিয়োজিত এজন শ্রমিকেও কয় যে খননৰ সময়ত হঠাতে এটা ডাঙৰ ধাতব বস্তু ওলাই আহে আৰু তেওঁলোকে প্রথমে গুৰুত্ব নিদিলেও পাছত ভয় অনুভৱ কৰে। স্থানীয় লোকে বিষয়টো তৎক্ষণাৎ আৰক্ষীক অৱগত কৰে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ এলেকাটো ঘেৰাও কৰি সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি তোলে।
সম্ভাব্য বিপদৰ কথা বিবেচনা কৰি ঘটনাস্থলীৰ চাৰিওফালে জনসমাগম সীমিত কৰা হয়। জনসাধাৰণক দূৰত থাকিবলৈ অনুৰোধ জনোৱা হয়। কোনো অপ্রত্যাশিত ঘটনা নঘটিবলৈ আৰক্ষীয়ে বিশেষ সাৱধানতা অৱলম্বন কৰিছে। প্রাথমিক তদন্তত উদ্ধাৰ হোৱা বস্তুটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ টেংক শ্বেল বা আর্টিলাৰী শ্বেল হ'ব পাৰে বুলি সন্দেহ প্রকাশ কৰা হৈছে। বোমা নিষ্ক্রিয়কৰণ বিশেষজ্ঞ দলকো বিষয়টো অৱগত কৰা হৈছে। বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈ আধুনিক যন্ত্রপাতিৰ সহায়ত পৰীক্ষা কৰি পৰৱৰ্তী ব্যৱস্থা গ্রহণ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে লিডু-লেখাপানী অঞ্চলটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ সামৰিক এলেকা হিচাপে পৰিগণিত হৈছিল। ১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধ ১৯৪৫ চনলৈ চলিছিল। এই সময়ছোৱাত বিশ্বৰ বিভিন্ন শক্তিৰ মাজত ভয়ংকৰ সংঘর্ষ হৈছিল। এছিয়া মহাদেশো এই যুদ্ধৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আছিল। ১৯৪২ চনত জাপানী বাহিনীয়ে বার্মা দখল কৰাৰ পাছত ভাৰত আৰু চীনৰ মাজৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। এই পৰিস্থিতিত আমেৰিকাৰ সেনাপতি Joseph Stilwell-নেতৃত্বত এক নতুন সামৰিক পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। এই পথটো হৈছে বিখ্যাত Stilwell Road, যি অসমৰ লিডুৰ পৰা আৰম্ভ হৈ ম্যানমাৰৰ জংঘলীয়া অঞ্চল অতিক্ৰম কৰি চীনলৈ সংযোগ স্থাপন কৰিছিল। এই পথ নির্মাণ এক অত্যন্ত কঠিন আৰু বিপজ্জনক প্রকল্প আছিল। ঘন জংঘল, পাহাৰীয়া ভূখণ্ড, অতিবৃষ্টি, ৰোগ, ব্যাধি আৰু যুদ্ধৰ ভয়- এই সকলো বাধা অতিক্রম কৰি হাজাৰ হাজাৰ শ্ৰমিক আৰু সৈন্যই এই পথ নিৰ্মাণ কৰিছিল। এই পথৰ জৰিয়তে মিত্র শক্তিয়ে যুদ্ধকালত অস্ত্র-শস্ত্র, খাদ্যসামগ্রী, ইন্ধন আৰু অন্যান্য সামগ্ৰী সৰবৰাহ কৰিছিল। লিডু-লেখাপানী অঞ্চলত সেই সময়ত বহু সামৰিক শিবিৰ, অস্ত্ৰাগাৰ আৰু পৰিবহণ ব্যৱস্থা স্থাপন কৰা হৈছিল। টেংক, আর্টিলাৰী, বোমা আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী ইয়াত ব্যৱহাৰ কৰা হৈছিল। যুদ্ধ শেষ হোৱাৰ পাছতো এইবোৰৰ বহু অংশ মাটিৰ তলত অৱশিষ্ট ৰূপে থাকি যায়। যিবোৰ মাজেসময়ে খননৰ কাম বা আন কাৰণত পুনৰ উদ্ধাৰ হয়। চলিত বৰ্ষৰ যোৱা ২৭ মাৰ্চত শিঙৰি গাঁৱৰ ওচৰৰ বমগাৰা অঞ্চলত এজন লোকে লেট্ৰিনৰ গাঁত খনন কৰাৰ সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা উদ্ধাৰ কৰিছিল। পাছত নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্রিত বিস্ফোৰণৰ জৰিয়তে সেই বিস্ফোৰকটো সফলভাৱে নিষ্ক্রিয় কৰে। এইদৰে একে অঞ্চলত বাৰে বাৰে বিস্ফোৰক সদৃশ বস্তু উদ্ধাৰ হোৱাত স্থানীয় লোকসকলে গভীৰ চিন্তা প্রকাশ কৰিছে। বহু লোকৰ মতে, এই অঞ্চলত এতিয়াও বহু অবিস্ফোৰিত বিস্ফোৰক মাটিৰ তলত লুকাই আছে।
আৰক্ষী সূত্রে জানিব পৰা মতে, উদ্ধাৰ হোৱা বস্তুটোৰ প্ৰকৃতি, ক্ষমতা আৰু উৎস সম্পর্কে পূর্ণাংগ তদন্ত অব্যাহত আছে। বিশেষজ্ঞৰ প্ৰতিবেদন অহাৰ পাছতহে ইয়াক কেনেকৈ নিষ্ক্রিয় কৰা হ'ব আৰু কিমান বিপজ্জনক সেই বিষয়ে স্পষ্ট সিদ্ধান্ত লোৱা হ'ব। এই ঘটনাই পুনৰ এবাৰ স্মৰণ কৰাই দিয়ে যে ইতিহাস কেতিয়াও সম্পূর্ণভাৱে শেষ নহয়। লিডু-লেখাপানী অঞ্চলত দ্বিতীয় বিশ্বযুদ্ধৰ ছাঁ আজিও মাটিৰ তলত লুকাই আছে। সেয়ে উন্নয়নমূলক কামত অধিক সতর্কতা আৰু প্ৰশাসনৰ সক্রিয় পদক্ষেপ অত্যন্ত জৰুৰী বুলি স্থানীয় লোকে মত প্রকাশ কৰিছে।