ছ’চিয়েল মিডিয়া আৰু শিশুৰ মানসিক অৱস্থাৰ সম্পৰ্ক নাইঃনৰৱে’ ইউনিভাৰ্ছিটি অব্‌ ছায়েন্স এণ্ড টেকন’লজী

Jyoti Borah August 29, 2023

ডিজিটেল ডেস্কঃ শিশুসকলৰ মাজত ম’বাইল আৰু ছ’চিয়েল মিডিয়া এতিয়া এক প্ৰকাৰৰ নিচাত পৰিণত হৈছে বুলি কোৱা হয়৷ ভালেমান মনোবিজ্ঞানীয়েও এই বিষয়ত তেওঁলোকৰ মতামত আগবঢ়াইছে৷ কিন্তু শিশুসকলে ছ’চিয়েল মিডিয়াত অধিক সময় কটালে তেওঁলোকৰ মানসিক স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ পৰেনে? যুৱ অৱস্থাত তেওঁলোকক ই মানসিক অৱসাদত ভোগাই নেকি? এই সম্পৰ্কে নৰৱে’ ইউনিভাৰ্ছিটি অব্‌ ছায়েন্স এণ্ড টেকন’লজীয়ে এটা অধ্যয়ন কৰছিল৷ 

এই অধ্যয়নটোৰ পৰা বিজ্ঞানীসকলে জানিব পাৰে যে শিশুসকলে ছ’চিয়েল মিডিয়াত অধিক সময় কটোৱাৰ সৈতে তেওঁলোকৰ বয়স বৃদ্ধি হৈ যুৱা অৱস্থা পালে মানসিক অৱসাদৰ দৰে সমস্যা বৃদ্ধি পোৱাৰ সৈতে স্পষ্টভাৱে কোনো সম্পৰ্ক নাই৷  বিশ্ববিদ্যালয়খনৰ অধ্যাপক ছিল্‌জে ষ্টেন্সবেকে কয় যে মানসিক উদ্বেগ আৰু  অৱসাদ দুয়োটাই এতিয়া বৃদ্ধি পাইছে৷ ইয়াৰ লগতে বৃদ্ধি পাইছে সমাজিক মাধ্যমৰ ব্যৱহাৰ৷ সেয়েহে ভালেমান লোকে এই বুলি মত প্ৰকাশ কৰিবলৈ লৈছে যে উভয়ৰ মাজত এটা সম্পৰ্ক আছে৷ তেওঁ আৰ্লি ছিকিউৰ ষ্টাডী ৰিছাৰ্চ প্ৰজেক্টৰ অধীনত প্ৰায় ৮০০ শিশুৰ ওপৰত ছবছৰ চকু ৰাখিছিল৷ ইয়াৰ জৰিয়তে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ সৈতে মানসিক বিকাৰৰ লক্ষণসমূহৰ বিকাশৰ কোনো ধৰণৰ সম্পৰ্ক আছে নেকি সেইটো জানিবলৈ বিচাৰিছিল৷ 

 ষ্টেন্সবেকে কয় যে তেওঁ আৰু তেওঁৰ সহযোগীসকলে দহ বছৰীয়া শিশু এটা ১৬ বছৰ নোহোৱালৈকে প্ৰতি দুবছৰৰ মূৰে মূৰে তথ্য সংগ্ৰহ কৰা হৈছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকে শিশু এটাৰ কিশোৰ তথা যুৱ অৱস্থালৈ যোৱাৰ সময়ত হোৱা মানসিক পৰিৱৰ্তনৰ বিষেয়ে জানিবলৈ চেষ্টা কৰিছিল৷
 

Share This