ডিজিটেল ডেস্ক : মহাকাশত সৃষ্টি হোৱা এজাক প্রবলসৌৰ ধুমুহাই সোমবাৰে নিশা আৰু মঙলবাৰে পৃথিৱীক চুই যাব। বিশ্বৰ বিজ্ঞানী মহলে এই তথ্য সদৰী কৰিছে। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি সূৰ্যত প্রচণ্ড বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা এই সৌৰ ধুমুহা ক্ৰমাৎ পৃথিৱীৰ দিশত অগ্ৰসৰ হৈছে।
এই সৌৰ ধুমুহাই পৃথিৱীত খুন্দিওৱাৰ ফলত বিশ্বৰ বিভিন্ন স্থানৰ পৰা আকাশত বিশেষ আলোকসজ্জা (অ'ৰোৰা) দেখা পোৱা যাব। উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চল আৰু ইউৰোপৰ কেইবাটাও অংশৰ পৰা অ'ৰোৰা স্পষ্টকৈ দেখা যাব।
উল্লেখযোগ্য যে সূর্যত হৈ থকা বিস্ফোৰণসমূহৰ ভিতৰত এই বিস্ফোৰণক চলিত বৰ্ষৰ সৰ্ববৃহৎ বিস্ফোৰণ হিচাপে অভিহিত কৰা হৈছে। এই বিস্ফোৰণৰ ফলত প্রতি ছেকেণ্ডত ১,৪০০ কিল'মিটাৰ বেগত পৃথিৱীৰ দিশত সৌৰ ধুমুহা আহি আছে।