শ্বিলঙত স্বামীক হত্যা কৰি  ধাবাত  প্ৰেমিকৰ সৈতে মচগুল সোনম ৰঘুবংশী 

Kakali Deka June 09, 2025

ডিজিটেল ডেস্কঃ অৱশেষত ১৭ দিনৰ অন্তত সন্ধান পালে সোনম ৰঘুবংশীৰ । হানীমুনৰ বাবে শ্বিলঙলৈ আহিছিল সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী । কিন্তু নাটকীয়ভাৱে স্বামীক ৩জন লোকৰ হতুৱাই হত্যা কৰি আত্মগোপন কৰি  থকা সোনমক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। বিয়াৰ এমাহ নৌহ‌ওঁতেই কিয় স্বামীক এনেদৰে  হত্যা কৰিলে সোনমে, সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী লোকৰ মনত সৃষ্টি হৈছে।


যোৱা  ১০ মেʼত ইন্দোৰত উলহ-মালহেৰে বিবাহপাশত আবদ্ধ হৈছিল সোনম আৰু ৰাজা ৰঘুবংশী। দুয়োঘৰৰ পৰিয়ালৰ সন্মতি আৰু দুয়োগৰাকীৰ মত সাপেক্ষেই  হৈছিল এই বিয়া । পাছত ২২ মে'ত তেওঁলোক হানীমুনৰ বাবে আহিছিল শ্বিলঙলৈ। শ্বিলঙৰ এটা হোম ষ্টেত আছিল দুয়ো। 

২৩ মে'ত চেৰাপুঞ্জীৰ সমীপৰ নৌগ্ৰীট গাঁৱলৈ ৰাওনা হৈছিল দুয়োজন। এখন স্কুটীৰে দুয়ো গৈছিল উক্ত স্থানলৈ। তাৰ পিছতে সন্ধানহীন হৈ পৰিছিল দুয়োগৰাকী। পাছত চেৰাপুঞ্জীৰ দ খাৱৈত উদ্ধাৰ হৈছিল সোনমে পিন্ধি থকা জাকেটটো। জাকেটত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ চেকুৰা । তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ ওপজিছিল।

ৰাজা আৰু সোনম ২৩ মে’ তাৰিখে শ্বিলঙত হানীমুনৰ শেষৰ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১-১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে,  ১২-৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল। পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফ'নযোগে কথা পাতিছিল।


সকলোৱে ভাবিছিল কোনো দুৰ্বৃ্ত্তই দুয়োজনকে  হত্যা কৰিলে। কিন্তু অৱশেষত ওলাল ঘটনাৰ বিপৰীত এখন ছবিহে । ৩ হত্যাকাৰীৰ সৈতে গাজিপুৰৰ ধাবাত পত্নী সোনমক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।  আৰক্ষীৰ সন্মুখত সোনমে লাহে লাহে মুখ খুলিছে।
সোনমে আৰক্ষীক কয় য়ে তেওঁৰ পৰিকল্পনাতে স্বামী ৰাজাক হত্যা কৰা হৈছে। এই ৩ হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিকজনো। প্ৰেমিকৰ সৈতে মিলিয়েই চেৰাপুঞ্জীত হত্যা কৰা হৈছিল স্বামী ৰাজাক। 

ইতিমধ্যে ৰাজাৰ হত্যাকাণ্ডৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে  সোধা-পোছা অব্যাহত ৰাখিছে ।

গ্ৰেপ্তাৰৰ সময়ত উক্ত কাশী ধাবাখনত একেলগে আছিল ৰাজ কুশৱাহা আৰু সোনম।  আৰক্ষীৰ সোধা-পোছাত আৰু অধিক তথ্য পোহৰলৈ আহিব

Share This