পুনৰ আৰম্ভ হ'ব ছোনিয়া গান্ধীৰ নাগৰিকত্বৰ গোচৰৰ শুনানি

Dainik Janambhumi September 23, 2026

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ নেত্রী ছোনিয়া গান্ধীৰ নাগৰিকত্ব-বিতৰ্কৰ গোচৰৰ শুনানি পুনৰ আৰম্ভ হ'ব। পূর্বে ন্যায়িক দণ্ডাধীশে গোচৰৰ শুনানিৰ প্ৰয়োজন নাই বুলি দিয়া ৰায়ক একাষৰীয়া কৰি দিল্লীৰ সত্ৰ ন্যায়াধীশে সোমবাৰে গোচৰৰ শুনানিৰ নিৰ্দেশ দিয়ে। 

উল্লেখযোগ্য যে ১৯৮৩ চনত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ তিনি বছৰৰ পূৰ্বেই তেওঁৰ নাম ভাৰতীয় ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল। ১৯৮০ চনৰ সংসদীয় নির্বাচনত তেওঁ ভোটদানো কৰিছিল। এই সন্দৰ্ভত পূর্বে তৰা গোচৰত ন্যায়িক দণ্ডাধীশে গোচৰৰ শুনানি ল'বলৈ অস্বীকাৰ কৰিছিল। 

পুনৰ বিকাশ ত্রিপাঠী নামৰ এজন জ্যেষ্ঠ অধিবক্তাৰ আৱেদনৰ ভিত্তিত বিশেষ ন্যায়াধীশ বিশাল গোজনেই গোচৰটোৰ শুনানিৰ সিদ্ধান্ত লয়। ন্যায়াধীশগৰাকীয়ে সোমবাৰে আৱেদনখন শুনানিৰ বাবে গ্রহণ কৰে আৰু দিল্লী আৰক্ষীক এই সন্দর্ভত প্রতিবেদন বিচাৰে। অহা ২৯ ছেপ্টেম্বৰত গোচৰটোৰ শুনানি আৰম্ভ হ'ব।

Share This