'২৭ৰ মাৰ্চত ১০০% সম্পূর্ণ হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : দেশৰ ভিতৰতে সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প হিচাপে বিবেচিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আঠটা ইউনিটৰ ভিতৰত বৰ্তমানলৈকে চাৰিটা ইউনিটৰ উৎপাদন আৰম্ভ হৈছে। কিন্তু চাৰিটা ইউনিটৰ উৎপাদন আৰম্ভ হওঁতেই নদীখনৰ নামনি অংশত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এনে অৱস্থাত দুই হাজাৰ মেগাৱাট শক্তিসম্পন্ন প্রকল্পটোৱে পূর্ণ পর্যায়ত বিদ্যুৎ উৎপাদন আৰম্ভ কৰিলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া সহজেই অনুমেয়। উল্লেখযোগ্য যে প্রকল্প ৰূপায়ণকাৰী সংস্থা এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অহা ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত এশ শতাংশ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। নদীবান্ধ-বিৰোধী আন্দোলন, পৰিৱেশগত বিতৰ্ক আৰু কাৰিকৰী জটিলতাৰ মাজেৰে আগবঢ়া এই প্রকল্পটোৰ এটা ইউনিটে ২৫০ মেগাৱাট শক্তি উৎপাদন কৰিব। সেই অনুসৰি সম্প্ৰতি চাৰিটা ইউনিটে এক হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰি আছে। প্রকল্পটোৰ পঞ্চমটো ইউনিট অহা আগষ্ট মাহত আৰম্ভ কৰা হ'ব। ইয়াৰ পাছত ষষ্ঠ ইউনিট অক্টোবৰ মাহত আৰু বাকী দুটা ইউনিট ডিচেম্বৰ আৰু মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

ইফালে বাৰিষা কালত সকলোকেইটা ইউনিটৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰাৰ বিপৰীতে এন এইচ পি চিয়ে খৰালি কালত দিনৰ ভাগত বান্ধত পানী জমা কৰি ৰাখি 'পিক অৱাৰা'ত বিদ্যুৎ উৎপাদন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত নদীখনৰ নামনি অংশ খৰালি কালত মৃত নদীলৈ পৰিণত হ'ব। বাৰিষা পানীৰে দুয়োপাৰ ওপচাই পেলোৱা সোৱণশিৰিৰ নামনিত খৰালি চিল চিলকৈহে পানী বৈ থাকিব। দিনৰ ভাগত শুকান হৈ থকা নদীখনে ৰাতিহে কিছু প্রাণ পাব। কিয়নো দিনৰ ভাগত অধিকাংশ ইউনিট সাময়িকভাৱে বন্ধ ৰাখি জলাধাৰত পানী সঞ্চয় কৰাৰ পাছত সন্ধিয়া ৫ বজাৰ পৰা ৰাতি ১০ বজালৈ (যি সময়ত বিদ্যুতৰ চাহিদা সর্বাধিক থাকে) বিদ্যুৎ উৎপাদন কৰা হ'ব।

প্রণিধানযোগ্য যে সম্প্ৰতি টার্বাইনৰ বাবে প্রয়োজনীয় পানী ব্যৱহাৰ হোৱাৰ পাছত বাকী থকা নদীখনত এৰি দিয়া হয়। ইয়াৰ উপৰি বান্ধৰ ৰিজাৰ্ভাৰত অতিৰিক্ত পানী জমা হ'লে এন এইচ পি চি কর্তৃপক্ষই দুখনকৈ গে'টৰ জৰিয়তে যিকোনো সময়তে পানী এৰি দিয়ে। আনহাতে নদীখনৰ উজনি অংশত শেহতীয়াকৈ হোৱা ধাৰাসাৰ বৰষুণ তথা ডাৱৰ বিস্ফোৰণৰ ফলত নদীখনত হাজাৰ হাজাৰ কাঠৰ টুকুৰা আৰু অন্যান্য জাবৰ-আৱৰ্জনা আহি বান্ধৰ ৰিজাৰ্ভাৰৰ সন্মুখভাগত জমা হৈছে। এই বৃহৎ আৱৰ্জনাক লৈ এতিয়া সংকটত পৰিছে এন এইচ পি চি কর্তৃপক্ষ। এনে পৰিস্থিতিত নদীখনত উঠি অহা কাঠ তথা আৱৰ্জনাসমূহ আঁতৰ কৰোৱা হৈছে যদিও এই আৱৰ্জনাই ভৱিষ্যতে বান্ধটো ক্ষতি কৰাৰো সম্ভাৱনাই দেখা দিছে।

Share This