অসমত সোমাল দক্ষিণ-পশ্চিম মৌচুমী বতাহ

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক : বিগত কিছুদিন ধৰি এৰা-ধৰাকৈ ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ চলি থকাৰ অন্তত অৱশেষত গ্রীষ্ম প্ৰৱাহৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিবলৈ দক্ষিণ-পশ্চিম মৌচুমী কালি অসম পালেহি।

কালি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রই জানিবলৈ দিয়া মতে, দক্ষিণ-পশ্চিম মৌচুমীয়ে কালি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক স্পৰ্শ কৰিছেহি। ইতিমধ্যেই কালি উজনিৰ কেইবাখনো জিলাত আৰম্ভ হৈছে প্ৰবল বৰষুণ। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ইয়াৰ পাছত মৌচুমী আগবাঢ়িব মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানাকে ধৰি দেশৰ কেইবাখনো আন ৰাজ্যলৈ।

Share This