ডিজিটেল ডেস্ক : বিশ্বকাপ সমাপ্ত হোৱাৰ পাছত ফিফাই প্রতিযোগিতাখনৰ শ্ৰেষ্ঠ একাদশ ঘোষণা কৰে। অনুৰাগীৰ মতদানৰ জৰিয়তে নির্বাচিত এই একাদশত স্পেইন আৰু ফ্ৰান্সৰ সর্বাধিক ৩গৰাকীকৈ খেলুৱৈয়ে স্থান লাভকৰিছে। ৰানাৰ আপ আর্জেন্টিনা দলৰ দুগৰাকীয়ে স্থান পাইছে। ইয়াৰ উপৰি ইংলেণ্ড, নৰৱে আৰু কেপ ভার্দেৰ এগৰাকীকৈ ফুটবলাৰক নির্বাচিত একাদশত অন্তর্ভুক্ত কৰা হৈছে।
লক্ষণীয়ভাৱে এই শ্রেষ্ঠ একাদশত ব্রাজিল অথবা স্পেইনৰ লামিনে য়ামালৰ নাম নাই। ৪-৩-৩ পদ্ধতিত সজোৱা এই দলটোত গ'লকীপাৰৰ দায়িত্ব লাভ কৰিছে কেপ ভার্দেৰ ভেজিনিয়াই। প্রথমবাৰ বিশ্বকাপত খেলা আফ্ৰিকাৰ দলটোৰ হৈ দুর্দান্ত প্ৰদৰ্শন কৰিছিল ভেজিনিয়াই। শ্রেষ্ঠ একাদশটোত স্থান পোৱা খেলুৱৈৰ ভিতৰত সবাতোকৈ অধিক ৩৯.৬ শতাংশ ভোট লাভ কৰে ভেজিনিয়াই। ৰক্ষণ বিভাগত স্থান পাইছে স্পেইনৰ মাৰ্ক কুকুৰেয়া আৰু পেড্রোবে, আর্জেন্টিনাৰ লিছান্দ্রো মার্টিনেজ আৰু ফ্ৰান্সৰ দায়ো উপামেকানোৱে। সমগ্র প্রতিযোগিতাখনৰ পৰা ১ মিনিটো আঁতৰি নথকা কুকুৰেয়াই দলৰ দুটা গ'লত সহযোগিতাও কৰিছিল। বিশ্বকাপৰ খিতাপ জয়ৰ পথত স্পেইনে মাথোঁ এটা গ'লহে হজম কৰিবলগীয়া হয়। মিডফিল্ডত স্থান পাইছে স্পেইনৰ ৰড্ৰি, ফ্ৰান্সৰ মাইকেল ওলিছ আৰু ইংলেণ্ডৰ জুডে বেলিংহামে। বিশ্ব চেম্পিয়ন স্পেইনৰ মিডফিল্ডত ত্রাণকর্তা আছিল ৰড্রি। বিশ্ব ফুটবলৰ মহাৰণখনত শ্রেষ্ঠ খেলুৱৈ হিচাপে তেওঁ গ'ল্ডেন বল লাভ কৰে। ইয়াৰ বিপৰীতে ছেমি ফাইনেল খেলা ফ্ৰান্সৰ হৈ ওলিছে দলৰ ৭টা গ'লত সহযোগিতা কৰিছিল। আনফালে, বেলিংহামে ইংলেণ্ডৰ হৈ দিয়ে ৭টা গ'ল।
ইফালে আক্রমণ বিভাগত আর্জেন্টিনাৰ লায়নেল মেছি, ফ্রান্সৰ কিলিয়ান এমবাপে আৰু নৰৱেৰ আর্লিং হালাণ্ডে স্থান লাভ কৰে। ১০টা গ'ল দি গ'ল্ডেন বুট পোৱা এমবাপেই প্রতিযোগিতাখনত দলৰ ৪টা গ'লত সহযোগিতাও কৰে। একেৰাহে দ্বিতীয়বাৰলৈ বিশ্বকাপত গ'ল্ডেন বুট জয় কৰাৰ পথত ফুটবলৰ বিশ্ব যুদ্ধখনত এতিয়া সর্বকালৰ সর্বাধিক গ'লদাতা এমবাপেই। অনুৰাগীৰ পৰা দ্বিতীয় সর্বাধিক ২৮.৬ শতাংশ ভোট লাভ কৰে এই ফৰাচী তাৰকাগৰাকীয়ে। আনহাতে, ৩৯ বছৰ বয়সতো আর্জেন্টিনাক ফাইনেললৈ তুলি নিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে মেছিয়ে। এইবাৰৰ প্ৰতিযোগিতাখনত নিজে ৮টা গ'ল দিয়াৰ উপৰি মেছিয়ে দলৰ ৪টা গ'লত সহযোগ কৰিছিল। ইয়াৰ উপৰি নৰৱেৰ বিশ্বকাপ যাত্রা অন্তিম ৮৩ থমকি ৰ'লেও তাৰ মাজতে ৭টা গ'ল দিছিল হালাণ্ডে।