ডিজিটেল ডেস্ক : চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ প্ৰয়োগেৰে বিশ্বৰ বিভিন্ন স্থানত চিকিৎসাৰ ক্ষেত্ৰত সফলতা লাভ কৰা দেখা গৈছে। ছুইডেনৰ গৱেষকসকলে স্তনৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে স্কেনিঙত এ আই ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে। কৰ্কটৰ চিনাক্তকৰণৰ বাবে এ আইৰ ব্যৱহাৰে দুটা ক্ষেত্রত বিশেষ সহায় কৰিছে।
প্রথমে ইয়াৰ দ্বাৰা প্ৰাথমিক পৰ্যায়তে স্তন কৰ্কট ধৰা পেলাই আৰোগ্যৰ সম্ভাৱনা বৃদ্ধি কৰা আৰু দ্বিতীয়তে ৰেডিঅ'লজিষ্টৰ কামৰ চাপ কিছু হ্রাস হৈছে। গৱেষকসকলে প্রকাশ কৰিছে যে স্তন কৰ্কটৰ স্কেনিঙৰ বাবে দুটা পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। প্ৰথমটো স্কেনিং পদ্ধতিত এ আই ব্যৱহাৰ কৰা বিপৰীতে দ্বিতীয়টোত ষ্টেণ্ডার্ড ইউৰোপীয় পদ্ধতি ব্যৱহাৰ কৰিছিল।
এ আই স্কেনিং পদ্ধতিত ৯ শতাংশ অধিক মহিলাৰ স্তন কৰ্কট ধৰা পৰে। প্ৰাথমিক অৱস্থাত ধৰা পৰাৰ বাবে তেওঁলোকৰ আৰোগ্যৰ সম্ভাৱনাও বৃদ্ধি পায়।