ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য, ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: বিজ্ঞানীসকলে বর্তমান ম'বাইল ফ'ন, টেলিভিছন, কম্পিউটাৰত ব্যস্ত হৈ পৰা জীৱন শৈলীত মানুহৰ মগজুক সুস্থ আৰু সতেজ কৰি ৰখাৰ বাবে বিজ্ঞানীসকলে নিচেই সহজ এক উপায় বিচাৰি উলিয়াইছে। ই মানুহৰ মগজুক নতুন জীৱন দিব পাৰে বুলি কোৱা হৈছে। 

বিজ্ঞানীসকলৰ মতে, মাত্র দুঘণ্টাৰ বাবে ম'বাইল বা আন ডিজিটেল সঁজুলি বন্ধ কৰি দিব লাগে আৰু শান্তিৰে বহিব লাগে। স্নায়ু বিজ্ঞানীসকলৰ মতে, দুঘণ্টা সম্পূর্ণরূপে শান্ত হৈ বহি থাকিলে মগজুৰ কোষসমুহ সক্রিয় হৈ উঠে। এই প্রক্রিয়াটোৱে মগজুক ইমানেই শক্তিশালী কৰি তোলে যে ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে দৈনন্দিন মানুহৰ চিন্তা-ভাৱনাসমূহো সন্তুলিত কৰি ৰাখে। 

ম'বাইল, টিভি, কম্পিউটাৰকে ধৰি ডিজিটেল জগতখনত অনৱৰতে সামাজিক মাধ্যম, মেছেজিং এপ, বিভিন্ন ৱেবছাইট তথা অনলাইন প্লেটফর্মত ব্যস্ত হৈ থকা তথা ইয়াৰ পৰা ওলোৱা তথা দাঁতি-কাষৰীয়া পৰিৱেশত সৃষ্টি হোৱা শব্দই মানুহৰ স্নায়ুতন্ত্ৰক অৱশ কৰি তোলে। ইয়াৰ কাৰণ হ'ল মগজুবে অনৱৰতে ছেনছৰী ইনফর্মেশ্যন প্রচেছ কৰি থাকে। এনে অৱস্থাত এনে সঁজুলিসমূহ বন্ধ কৰি সম্পূৰ্ণৰূপে শান্তিৰ পৰিৱেশত থাকিলে মগজুৱে আৰাম পায়। এনেধৰণৰ শান্তিৰ পৰিৱেশত একন্তামনে বহি থাকিলে শৰীৰ সকলো শক্তি মগজুৰ ভিতৰত থকা হিপ্পোকেম্পাছ নামৰ অংশটোলৈ যায়। ইয়াতে মগজুৰ নতুন কোষৰ সৃষ্টি হয়। শান্তিয়ে এই নতুন কোষবোৰক পুষ্টিৰ যোগান ধৰে, যাতে অধিক সময় জীৱিত হৈ থাকে আৰু পুৰণি স্নায়ুৰ সৈতে জড়িত হৈ পৰে। ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে অলপতে কৰা এটা অধয়নৰ পৰা এই কথা পোহৰলৈ আহে। 

অধ্যয়নটোৰ পৰা জানিব পৰা মতে, মাত্র সম্পূর্ণ শান্তিত থকা দুঘণ্টা সময়ে মগজুত গভীৰ পৰিৱৰ্তন আনে। এই সময়ছোৱাত মগজুৱে সকলো শক্তি হিপ্পোকেম্পাছলৈ প্ৰেৰণ কৰে। ইয়াত দ্রুতগতিত নতুন কোষৰ সৃষ্টি হয়। হুলস্থুলীয়া পৰিৱেশত এই কোষবোৰ মৰি যায়, কিন্তু শান্তিয়ে সুৰক্ষিত কৰি ৰাখে। নতুন কোষ সৃষ্টিৰ এই প্ৰক্ৰিয়াটোক নিউৰ'জেনেছিছ বুলি কোৱা হয়। ইয়াৰ ফলত দীঘলীয়া স্মৃতি শক্তিক শক্তিশালী কৰি তোলে আৰু চিন্তা-ভাৱনাক নিয়ন্ত্রিত কৰে। যেতিয়া আমি বেকগ্রাউণ্ড মিউজিক বা হুলস্থূল শুনি থাকোঁ, তেতিয়া মগজু সাময়িকভাৱে উত্তেজিত হয়, কিন্তু প্রকৃত লাভ নহয়। শান্তিয়ে নতুন কোষবোৰক সুৰক্ষিত কৰে, কোষৰ ক্ষতি প্ৰতিৰোধ কৰে। 

শান্তিক এক প্রাকৃতিক 'ৰিছেট' বুটাম বুলি কোৱা হয়। ই মানুহৰ চিন্তা-ভাৱনা কৰাৰ শক্তি বৃদ্ধি কৰে। মানসিক শক্তি বৃদ্ধি কৰে। এই শান্তি লাভ কৰিবলৈ হ'লে প্রতিদিনে কমেও দুঘণ্টা ম'বাইল, টিভি, কম্পিউটাৰ বন্ধ কৰি ৰাখিব লাগে। কোঠা এটাত এনেদৰে বহি থাকিব লাগে যাতে কোনো ধৰণৰ শব্দৰ সৃষ্টি নহয়। প্ৰথম অৱস্থাত এনেদৰে থাকিবলৈ অলপ কঠিন যেন লাগে, কিন্তু লাহে লাগে ই অভ্যাসত পৰিণত হ'ব। বিজ্ঞানীসকলৰ মতে, এই সামান্য অভ্যাসে দীঘলীয়া সময়ৰ বাবে মানুহৰ মগজুক শক্তিশালী তথা স্বাস্থ্যৱান কৰি ৰাখে।

Share This