ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত

Rashmi April 30, 2026

ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত এক জনপ্ৰিয় পাচলি ভাত কেৰালা। ভাত কেৰেলা খাই আপুনি কেনে পায়? এই পাচলিবিধ খাই বেয়া পোৱা মানুহো আছে, কিন্তু ইয়াৰ নানা উপকাৰিতাৰ বিষয়ে জানিলে বেয়া পোৱা সকলেও খাবলৈ বাধ্য হ’ব। ভাত কেৰেলা বহুত উপকাৰী আৰু শক্তিশালী পাচলি। ই মানৱ শৰীৰত বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। এই পাচলিৰ ইমান গুণ আছে যে মাত্ৰ কেইদিনমান খালেই আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ উঠিব।

ইয়াৰ ইংৰাজী নাম Spiny Gourd। ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিলে ই আমাৰ শৰীৰৰ আন আন উপাদানৰ লগতে ফাইবাৰৰ অভাৱো পূৰ্ণ কৰে।  এই পাচলিবিধ সুস্বাদু হোৱাৰ লগতে প্ৰ’টিনসমৃদ্ধও হয়। সেইবাবে ভাত কেৰেলাক স্বাস্থ্যকৰ পাচলি বুলি গণ্য কৰা হয়। ভাত কেৰেলা ভাজি, দাইলত দি খাব পাৰি। ভাত কেৰালাৰ থুপথুপীয়া ব্যঞ্জনো ৰান্ধিব পাৰি। ভাত কেৰালাৰ পিটিকা, পূৰ দিয়া ভাত কেৰালা খাবলৈ অতি সোৱাদ।  

ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ই এণ্টিঅক্সিডেণ্টসমৃদ্ধ পাচলি। ভাতকেৰেলাত পোৱা যায় অধিক প্ৰটিন- বিশেষ প্ৰতিদিন অনুসৰি, মাংসতকৈও ভাতকেৰেলাত অধিক শক্তি আৰু প্ৰটিন পোৱা যায়। যি ৫০গুণ বেছি। ভাতকেৰেলাত থকা ফাইটোকেমিকেলবোৰে সু-স্বাস্থ্যৰ বাবে যথেষ্ট প্ৰয়োজনীয়।


ভাতকেৰেলাৰ ঔষধি গুণসমূহ-

১) যদি কোনোবাই ওজন হ্রাস কৰিব বিচাৰে তেন্তে ভাত কেৰেলা খাওক। ওজন হ্ৰাস কৰাৰ বাবে ভিটামিন ‘C’ আৰু কম কেলৰি থকা খাদ্য অতি বেছি প্ৰয়োজনীয় আৰু ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ আকৌ ভাত কেৰেলাত অতি কম পৰিমাণৰ কেলৰি থাকে। গতিকে ওজন হ্ৰাস কৰিব বিচৰা লোকসকলৰ বাবে এইটো এটা ভাল বিকল্প। 

২) ই প্ৰটিন আৰু লো সমৃদ্ধ আৰু ইয়াত কেলৰি কম থাকে। আঁহ আৰু এণ্টিঅক্সিডেণ্টো থাকে। সেয়হে ভাতকেৰেলা খোৱাৰ ফলত কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ হয়।

৩) এই পাচলিয়ে বাৰিষাৰ সময়ত হোৱা নানান সংক্ৰমণ হ্ৰাস কৰাতো সহায়ক হয়। 

৪) উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ভাতকেৰেলা যথেষ্ট উপকাৰী হয়। সতেজ ভাতকেৰেলাৰ ৰস উলিয়াই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায়তা কৰে। 

৫) ছালত সতেজ ভাতকেৰেলাৰ ৰস প্ৰয়োগ কৰিলে মুখৰ শালমইনা সমস্যাৰ পৰা মুক্ত হব পাৰি। 

৬) ভাত কেৰেলাত থকা লুইটেইনৰ (Lutein) দৰে কেৰোটোনইডবোৰে বিভিন্ন চকুৰ ৰোগ, হৃদৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৭) হজম উন্নত কৰাতো ভাত কেৰেলাই ভাল ভূমিকা পালন কৰে। আয়ুৰ্বেদত, ইয়াক এক ঔষধ বুলি গণ্য কৰা হয়, যাক বহুতো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

৮) এই পাচলিয়ে মল আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাই দিয়ে। ইয়াৰ ফলত শৰীৰ সতেজ আৰু শক্তিশালী হৈ থাকে। ই দীৰ্ঘদিনীয়া ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। লগতে উচ্চ ৰক্তচাপ ,মধুমেহ (ডায়েবেটিছ) নিয়ন্ত্ৰণত সহায় কৰে ভাত কেৰেলাই।

৯) ভাত কেৰেলাই মানসিক স্থিৰতা বজাই ৰাখে। নতুন জীৱন আৰম্ভ কৰা দম্পতীৰ বাবে মানসিক শান্তি অতি প্ৰয়োজনীয়। সেই বাবে বিশেষজ্ঞসকলে ভাত কেৰেলাক খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে।

গতিকে প্ৰতিদিনে নহ’লেও মাজে সময়ে ইয়াক খালে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰিব।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This