এন আৰ চিত বাদ পৰা লোকৰ আপীল প্রক্রিয়া, চৰকাৰলৈ ৰাজ্য-কেন্দ্ৰীয় উচ্চতম ন্যায়ালয়ৰ জাননী

dainik janambhumi July 22, 2026

ডিজিটেল ডেস্ক : দীর্ঘদিন ধৰি স্থবিৰ হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম পুনৰ আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে। অসমৰ চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ পৰা বাদ পৰা লোকসকলৰ বাবে আপিল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবীত দাখিল কৰা এখন আৱেদনৰ শুনানি গ্রহণ কৰি কালি উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষলৈ জাননী জৰি কৰে। 

অসম ৰাজ্যিক জমিয়ত উলামাই দাখিল কৰা উক্ত আৱেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰ খণ্ডপীঠে সমগ্ৰ বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰে। আৱেদনকাৰী পক্ষৰ অধিবক্তাই আদালতত কয় যে এন আৰ চিৰ পৰা বাদ পৰা ব্যক্তিসকলৰ বাবে আইনত আপিলৰ ব্যৱস্থা থাকিলেও আজিলৈকে সেই প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা নাই। যাৰ ফলত বহু লোকে আজিও শংকাত দিন কটাব লগীয়া হৈছে। একেধৰণৰ বিষয় উত্থাপন কৰা এখন পৃথক আবেদনো উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰি আৱেদনকাৰীয়ে কয় যে এই ক্ষেত্ৰত চৰকাৰে সোনকালে এটা সিদ্ধান্ত গ্রহণ কৰক। ইয়াৰ পাছতে আদালতে পূৰ্বতে দাখিল হোৱা একে ধৰণৰ আনখন আবেদনো সংলগ্ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যিক সমন্বয়ক কার্যালয় আৰু অন্যান্যসকলক শপতনামা দাখিল কৰিবলৈ কয়। 

উল্লেখযোগ্য যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিত মুঠ ৩.৩০ কোটি আৱেদনকাৰীৰ ভিতৰত ৩.১১ কোটি লোকৰ নাম অন্তর্ভুক্ত হৈছিল। আনহাতে ১৯,০৬,৬৫৭জন লোকৰ নাম তালিকাৰ পৰা বাদ পৰে। কিন্তু এই বাদ পৰা লোকসকলৰ বাবে বিদেশী ন্যায়াধিকৰণত আপিল দাখিলৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। 

ইফালে অসম ৰাজ্যিক জমিয়ত উলামাই নিজৰ আৱেদনত অসমত প্রকাশিত চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হোৱা সকলো ব্যক্তিক ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ ততালিকে প্রদান কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছে। এনে পৰিস্থিতিত অনাগত দিনত আদালতে এন আৰ চিক লৈ কি নির্দেশ দিয়ে সেয়া হ'ব অত্যন্ত লক্ষণীয়।

Share This