মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰদেশ কংগ্ৰেছ!

Jyoti Borah September 23, 2023

ডিজিটেল ডেস্কঃ ১৮ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ বিদিশা জিলাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মধ্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কমল নাথক উদ্দেশ্যি কৰা এক বিশেষ মন্তব্যই এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীত জোকাৰণি তুলিছে৷ মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্যক গোষ্ঠীগত তাচ্ছিল্য বুলি অভিহিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে৷ 

উল্লেখযোগ্য যে উক্ত নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল– ‘মই কমল নাথক প্ৰত্যাহ্বান জনাই কৈছোঁ যদিহে তেওঁ প্ৰকৃত হনুমান ভক্ত হয়, তেনেহ’লে হনুমানে লংকা জ্বলোৱাৰ দৰে তেওঁ ১০ জনপথ জ্বলোৱাৰ প্ৰয়োজন’৷ মুখ্যমন্ত্ৰীজনৰ এই মন্তব্যৰ বাবেই আজি প্ৰদেশ কমিটীৰ লগতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়ায়ো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কমল নাথলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে৷ এই পত্ৰখনত ভূপেন বৰাই উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত কৰা এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়৷ কাৰণ প্ৰত্যেক হিন্দুৱে এই কথা জানে যে ৰাৱণে সীতাক লংকালৈ হৰণ কৰি আনিছিল৷ গতিকে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ দ্বাৰা কি বুজাব খুজিছে বুলি উল্লেখ কৰি ভূপেন বৰাই কৈছে যে ১০ জনপথৰ বাসিন্দা কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীয়ে তাত কাৰোবাক অপহৰণ কৰি আনি ৰাখিছে বুলি হিমন্ত বিশ্ব শৰ্মাই বুজাব খুজিছে নেকি? সেয়েহে মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্যৰ বিৰুদ্ধে মধ্য প্ৰদেশ কংগ্ৰেছৰ আইন কোষে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কমল নাথক ভূপেন বৰাই অনুৰোধ জনাইছে৷ ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উঠিছে৷ এই অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তেওঁ দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা ৪০ ঘণ্টাৰো অধিক সময় পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে এই অভিযোগ পঞ্জীয়ন কৰা নাই৷ তেওঁ লগতে এইবুলিও কয় যে জনহিতাৰ্থে সেৱাৰ শপত লোৱা অসম আৰক্ষীয়ে প্ৰকৃততে শাসকীয় দলৰ নেতাৰহে সেৱা কৰিছে৷ 

সেয়েহে শাসকীয় দলৰ নেতাই আইন অমান্য কৰিলেও পুলিচে চকু মুদা কুলিৰ ভাও জোৰে৷ শইকীয়াই কয় যে শেহতীয়াকৈ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে ৰায় দান কৰি কৈছে যে কোনোবাই এনেদৰে বৰ্ণবিদ্বেষী বা জাতিগত বিদ্বেষপূৰ্ণ মন্তব্য কৰিলে আৰক্ষীয়ে শ্ব’ মট’ কেছ ল’ব পাৰে৷
 

Share This