দেশত এল পি জিৰ উৎপাদন বৃদ্ধিৰ বাবে তৎপৰ কেন্দ্ৰ, ৰন্ধন গেছৰ ক'লা বজাৰৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক'লা বজাৰ আৰম্ভ কৰিলেই অসাধু চক্ৰক গ্ৰেপ্তাৰ কৰাৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। কোনো চক্রই অতিৰিক্ত চিলিণ্ডাৰ ক্ৰয় কৰি যাতে ক'লা বজাৰ চলাব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। লগতে পৰিস্থিতিৰ সুযোগ লৈ অসাধু চক্রই ক'লা বজাৰ গঢ়িব নোৱাৰে, তাৰ ব্যৱস্থা কৰিবলৈ বাবে কালি ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকললৈ নির্দেশনা জাৰি কৰে মুখ্যমন্ত্রীজনে। তেওঁ কালি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে চিলিণ্ডাৰ বুকিঙৰ সময়সীমা কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে। কোনো ঠাইত প্রয়োজনতকৈ অধিক চিলিণ্ডাৰ কোনোবাই ক্ৰয় কৰিছে নেকি সেয়া লক্ষ্য ৰাখিবলৈ বুধবাৰে মুখ্য সচিবে প্রতিখন জিলাৰ আয়ুক্তক নির্দেশ দিছিল। একে প্রসংগত আজি মুখ্যমন্ত্রীজনেও সকলো জিলা আয়ুক্তৰ সৈতে বৈঠকত মিলিত হ'ব বুলি তেওঁ প্রকাশ কৰে। 

ক'লা বজাৰ গঢ়ি উঠিলে সাধাৰণ জনতাই ফল ভোগ কৰিব লাগিব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে বুধবাৰৰ পৰাই চৰকাৰে এই দিশত কাম কৰি আছে বুলি কয়। 

উল্লেখযোগ্য যে মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ইন্ধনৰ বজাৰখনত ভয়ংকৰ কু-প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত প্রথমেই ৰন্ধন গেছৰ নাটনিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশ্বৰ অন্য দেশৰ লগতে ভাৰততো ৰন্ধন গেছৰ নাটনিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ প্ৰভাৱ অসমতো পৰিছে। বুকিং পৰ্টেলৰ ফ'ন নম্বৰ বিকল, ছাৰ্ভাৰ ডাউন আদিৰ সমস্যাৰ বাবে ৰাজ্যবাসীয়ে বিগত একাধিক দিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। 

আনহাতে, এটা চিলিণ্ডাৰৰ বাবে গেছ এজেঞ্চিত দীঘলীয়া শাৰী পাতিও বিমুখ হ'বলগীয়া হৈছে সৰ্বসাধাৰণ। এনে পৰিস্থিতিত ৰাজ্যবাসীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রণিধানযোগ্য যে যোৱা ১০ মাৰ্চত চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি কৰি এটা চিলিণ্ডাৰ লাভ কৰাৰ পাছত পৰৱৰ্তী চিলিণ্ডাৰটো বুকিঙৰ সময় দুগুণলৈ বৃদ্ধি কৰিছে। ইতিমধ্যে গেছ এজেঞ্চিৰ ছফটৱেৰ আপডেট কৰি এই নিয়ম কাৰ্যকৰী কৰা হৈছে। কিন্তু বাস্তৱ ক্ষেত্রত অসমত ২৫ দিনৰ মূৰতো চিলিণ্ডাৰ বুকিং কৰিবলৈ হাবাথুৰি খাব লগা হৈছে গ্রাহকে। 

চিলিণ্ডাৰ বুকিঙৰ বাবে মুকলি কৰা তিনিটা প্রধান প্ৰতিষ্ঠানৰ ফ'ন নম্বৰত গ্ৰাহকে যোগাযোগেই কৰিব নোৱৰা অৱস্থা হৈছে। অসমত চিলিণ্ডাৰৰ ব্যৱসায় কৰা প্ৰধান তিনি প্রতিষ্ঠান ইণ্ডেন গেছ, ভাৰত গেছৰ লগতে এইচ পি গেছৰ সকলো ফ'ন নম্বৰ এতিয়া বিকল হৈ আছে। ইফালে, বুধবাৰে তিনিওটা ইন্ধন প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে ৰাজ্যৰ মুখ্য সচিব ৰৱি কোটাই এক বৈঠকত মিলিত হয়। এই বৈঠকত প্রতিষ্ঠানকেইটাৰ কর্তৃপক্ষই অসমত এতিয়াও পর্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চিলিণ্ডাৰ ভৰ্তি কৰা প্ৰতিষ্ঠানৰ হাতত ইন্ধন মজুত থকা বুলি অৱগত কৰে। এতিয়া চিলিণ্ডাৰৰ অভাৱ নোহোৱাৰ লগতে আগন্তুক বেছ কিছুদিনলৈয়ো অভাৱ নহয় বুলিও প্রতিষ্ঠানকেইটাৰ কর্তৃপক্ষই মুখ্য সচিবজনক অৱগত কৰিছিল। তাৰ পাছতে মুখ্য সচিবজনে এক জাননী জাৰি কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অভাৱ হোৱাৰ উৰা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে প্রশাসনে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰাৰ সকীয়নি দিয়ে। তেওঁৰ নিৰ্দেশৰ পাছতে কালি অসম আৰক্ষীয়েও সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্রল আৰু অন্যান্য পেট্রলিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতর্কবাণী জাৰি কৰে। 

দুষ্ট চক্ৰই বিভ্রান্তিৰ সৃষ্টিৰ বাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা এনেধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্ৰতিও আৰক্ষীয়ে অনুৰোধ জনায়। কিন্তু ৰাজ্য প্রশাসন আৰু অসম আৰক্ষীয়ে সাৱধানবাণী জাৰি কৰিলেও বাস্তৱত ইয়াৰ ওলোটা ছবিহে প্রতিফলিত হৈছে। 

গুৱাহাটীৰ ভিন্ন স্থানৰ গেছ এজেঞ্চিত একপ্ৰকাৰৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে গ্রাহকে। ছাৰ্ভাৰ ডাউন হোৱাৰ বাবেই এনে অসুবিধাৰ সৃষ্টি হৈছে বুলি গেছ এজেঞ্চিসমূহে গ্রাহকক বুজাবলৈ চেষ্টা কৰিছে। ইফালে, সুযোগৰ সদ্ব্যৱহাৰ কৰি ৰাজ্যত চিলিণ্ডাৰৰ ক'লা বজাৰে গ্ৰাস কৰিছে। ক'লা বজাৰত সম্প্রতি একো একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২০০০ টকা পর্যন্ত বৃদ্ধি পাইছে।

Share This