ডিজিটেল ডেস্ক : উগ্রপন্থী সংগঠনৰ বিৰুদ্ধে দ্বিতীয়টো কার্যকালত কঠোৰ পদক্ষেপ গ্রহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমৰ জৰিয়তে কালি নাম উল্লেখ নকৰাকৈ উগ্রপন্থী সংগঠনৰ গোট বা নেতাৰ বিৰুদ্ধে হুংকাৰ দিছে মুখ্যমন্ত্রী ড° শৰ্মাই।
তেওঁ কালি সামাজিক মাধ্যমত উল্লেখ কৰে যে 'আমি কোনো গোট বা ব্যক্তিক আমাৰ যুৱ প্ৰজন্মক প্ৰৰোচিত বা বিভ্রান্ত কৰি উগ্ৰপন্থাৰ দিশে ঠেলি নি তেওঁলোকৰ ভৱিষ্যৎ নষ্ট কৰিবলৈ সুবিধা নিদিওঁ। অসমে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ চৰকাৰ আগবাঢ়িছে।'
উল্লেখযোগ্য যে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল আৰু ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন প্রথমখন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ শাসনত এটাৰ পাছত এটাকৈ উগ্রপন্থী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰি সদস্যসকলে মূলসুঁতিলৈ উভতি আহি স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ কৰে। সংযুক্ত মুক্তি বাহিনী, অসমৰ (স্বাধীন) গোটটোহে সশস্ত্র সংগ্রামত এই পর্যন্ত বিশ্বাসী হৈ আছে। মুখ্যমন্ত্রী ড° শর্মাই কোনো উগ্রপন্থী সংগঠনৰ নাম লোৱা নাই যদিও পৰেশ বৰুৱা নেতৃত্বাধীন আলফাকে (স্বাধীন) ইংগিত কৰি ৰাজ্য চৰকাৰৰ স্থিতি প্রকাশ কৰিছে সেই কথা স্পষ্ট।
উল্লেখযোগ্য যে ষষ্ঠদশ অসম বিধানসভাৰ চলি থকা আৰম্ভণী অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই শান্তি প্ৰক্ৰিয়াৰ বাহিৰত থকা একমাত্র প্রধান উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ (স্বাধীন) প্রতি আহ্বান জনাই ভাষণত উল্লেখ কৰিছিল যে 'মই আহ্বান জনাইছোঁ যে তেওঁলোক মূলসুঁতিলৈ ঘূৰি আহি অসমৰ বিকাশ আৰু উন্নয়নত অৰিহণা যোগওক।' এটা সময়ত অসমত সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন কাৰ্যকৰী হৈ আছিল যদিও বিশেষকৈ যোৱা দহটা বছৰত চৰকাৰে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত লাভ কৰিছিল। যাৰ ফলত এখনৰ পাছত এখন জিলাৰ পৰা এই বিশেষ ক্ষমতা আইন প্রত্যাহাৰ হৈছিল।
বর্তমানে ৰাজ্যৰ তিনিখন জিলা ক্রমে তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি আন জিলাসমূহৰ পৰা এই সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন প্রত্যাহাৰ হৈছে। অসমৰ ৰাজ্যপালে আলফাক (স্বাধীন) মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনোৱাৰ দুদিনৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে নাম উল্লেখ নকৰাকৈ আলফা স্বাধীনকে ইংগিত কৰিছে সেই কথা স্পষ্ট হৈ পৰিছে।