ধনৰ অভাৱত বাতিল নিবিদা, ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল'ব ৰাজ্য চৰকাৰে

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচন প্রক্রিয়া চলি থকাৰ সময়তো চৰকাৰে আৰ্থিক সংকটৰ পৰা ৰক্ষা পোৱাৰ বাবে পুনৰ বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চৰকাৰে ইতিমধ্যে ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তথ্য পোৱা গৈছে। 

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক ধন বিলাই সর্বস্বান্ত হৈ ভয়ংকৰ আৰ্থিক সংকটত পৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ নিয়মীয়া কাম-কাজ স্থগিত ৰাখিবলৈ বাধ্য হৈছে। আনকি পুঁজিৰ অভাৱৰ বাবেই নিবিদা প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছতো কাম কৰিব নোৱাৰি নিবিদা বাতিল কৰিবলগীয়া হৈছে। এই আর্থিক সংকটৰ জোৰা-টাপলি মাৰিবলৈকে অহা ২৮ এপ্রিলত ১০০০ কোটি টকাৰ ঋণ ল'বলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। 

ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজার্ভ বেংকক এই ঋণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ আগবঢ়োৱা বুলিও জানিব পৰা গৈছে। প্রাপ্ত তথ্য অনুসৰি, ৰাজ্য চৰকাৰে পুঁজিৰ অভাৱৰ বাবে নিয়মীয়া কাম-কাজ স্থগিত ৰাখিবলগীয়া হৈছে। বাৰিষাৰ আৰম্ভণিতে মাত্ৰ এজাক বৰষুণতে কেইদিনমান পূর্বে গুৱাহাটীত তিনিদিন ধৰি কৃত্রিম বানে স্বাভাৱিক জীৱনযাত্রা স্থবিৰ কৰি তুলিছিল। বছৰটোৰ প্ৰথমটো কৃত্রিম বানতে গুৱাহাটীত চাৰিজন লোকৰ সলিল সমাধি ঘটাৰ পাছত চৰকাৰৰ ভিতৰ মহলত হাহাকাৰ লাগিছিল। তাৰ পাছতে গুৱাহাটীৰ নলা-নর্দমাৰ বোকা তৎকালীনভাৱে নিষ্কাশন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। 

লোকনির্মাণ বিভাগে নিশাটোৰ ভিতৰতে ইয়াৰ বাবে নিবিদাও আহ্বান কৰে। যোৱা ১৭ এপ্রিলত এই নিবিদা আহ্বান কৰি জাননী জাৰি কৰা হৈছিল। কিন্তু এই কামৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱৰ বাবে বিভাগটোৱে নিবিদা জাৰি কৰিও সেয়া বাতিল কৰিবলৈ বাধ্য হয়। পুঁজিৰ অভাৱৰ বাবে এনে একাধিক কাম কৰিব নোৱাৰাৰ পাছতে আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে চৰকাৰে ৰিজার্ভ বেংকৰ পৰা এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

অহা ২৮ এপ্রিলত ইয়াৰ বাবে আনুষ্ঠানিকতা পূৰণ কৰা হ'ব। প্রাপ্ত তথ্য অনুসৰি চৰকাৰে এই ঋণ লোৱাৰ বাবে ২০ বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থোৱাৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰৰ বিত্ত বিভাগে এই ঋণৰ বাবে যোৱা ২৪ এপ্ৰিলত ৰিজার্ভ বেংকত প্রস্তাৱ দাখিল কৰিছে। প্রণিধানযোগ্য যে ৰাজ্য চৰকাৰে বিগত জানুৱাৰীৰ পৰা মার্চ মাহলৈ ১০,৮০০ কোটি টকাৰ ঋণ লৈছিল।

Share This