ডিজিটেল ডেস্ক : হাতীত পৰিণত হৈছে ৰাজ্যৰ জলসিঞ্চন বিভাগটো। যি সময়ত ৰাজ্যত খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেই সময়ত জলসিঞ্চন বিভাগটোৱে প্রায় ৮৪ শতাংশ ভূমিতে পানী যোগান ধৰিব পৰা নাই। অথচ প্রতিবছৰে জলসিঞ্চনৰ নামত কোটি কোটি টকা ব্যয় কৰা হয়। খোদ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই অসমৰ সৰ্বমুঠ খেতি কৰা মাটিৰ পৰিমাণ ৩৪.৮৮ লাখ হেক্টৰ। ইয়াৰ ভিতৰত বছৰি খেতি কৰা ভূমিৰ পৰিমাণ হ'ল ২৮.৬২ লাখ হেক্টৰ। কিন্তু জলসিঞ্চন বিভাগৰ আঁচনিয়ে মাত্র ১১.০৩ লাখ হেক্টৰ কৃষিভূমিহে জলসিঞ্চনৰ আওতালৈ আনিবলৈ সক্ষম হৈছে। ইয়াৰে আকৌ মাত্র ৫.৫০ লাখ হেক্টৰ কৃষিভূমিতহে জলসিঞ্চন বিভাগৰ আঁচনিৰ জৰিয়তে যোগান ধৰা হয়।
বাকী অঞ্চলত আঁচনি থাকিলেও কৃষকে পানী নাপায়। তথ্য অনুসৰি ৰাজ্যত জলসিঞ্চন বিভাগৰ মুঠ ৩,৯১৩খন প্রকল্প আঁচনি আছে যদিও ইয়াৰে ১,৫৮৫খন আঁচনিয়েই অকামিলা হৈ আছে। সকলোতকৈ ডাঙৰ কথা যে অসমত ১৯৭৪ চনতে গঠন কৰা হৈছিল জলসিঞ্চন বিভাগটো। কিন্তু ৫০ বছৰ অতিক্ৰম কৰিও বিভাগটোৱে ১৫ শতাংশ কৃষি ভূমিতো পানী যোগানৰ ব্যৱস্থা কৰিব নোৱাৰিলে। কেন্দ্ৰীয় কৃষি মন্ত্র্যালয়ে প্রকাশ কৰা ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন অনুসৰি অসমৰ মাত্র ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰ বিপৰীতে পঞ্জাবত ৯৮.১ শতাংশ, হাৰিয়ানাত ৮৭.৬ শতাংশ, অন্ধ প্রদেশত ৬৩.৯ শতাংশ, বিহাৰত ৬৩.৪ শতাংশ, তামিলনাডুত ৬৩.১ শতাংশ, পশ্চিম বংগত ৪৮.২ শতাংশ, গুজৰাটত ৪৪.৭ শতাংশ, মধ্য প্রদেশত ৪৪.৫ শতাংশ, উত্তৰাখণ্ডত ৪২ শতাংশ আৰু ওড়িশাত ৩৩.৬ শতাংশ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে।
ইফালে, জলসিঞ্চনৰ সুব্যৱস্থা থকাৰ বাবেই পঞ্জাবে দেশৰ মুঠ উৎপাদিত ধানৰ ১১.৬ শতাংশ উৎপাদন কৰাৰ বিপৰীতে অসমে উৎপাদন কৰে মাত্র ১.৭ শতাংশ ধানহে। এনে পৰিস্থিতিত চলিত বৰ্ষত যদি ৰাজ্যত খৰাং পৰিস্থিতি অব্যাহত থাকে, তেনেহ'লে সাধাৰণ কৃষকৰ কি গতি হ'ব সেয়া সহজে অনুমেয়। কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰিয়েই যোৱা ডেৰ মাহত অসমত স্বাভাৱিক বৰষুণৰ পৰিমাণতকৈ ৩৯ শতাংশ বৰষুণ হ্রাস পাইছে। কিন্তু দুর্ভাগ্যৰ কথা যে চৰকাৰী হিতাধিকাৰী আঁচনি ৰূপায়ণত গুৰুত্ব দিয়া ৰাজ্য চৰকাৰখনে খেতিপথাৰত পানী দিয়াৰ কথা চিন্তা কৰিবলৈকে সময় নোপোৱা হৈছে।