লাখ লাখ শিক্ষার্থী কমিছে চৰকাৰী স্কুলত

dainik janambhumi May 19, 2025

ডিজিটেল ডেস্ক : দেশৰ চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত নামভর্তি বৃহৎ হাৰত হ্রাস পোৱাত উদ্বেগ প্রকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৪-২৫ শৈক্ষিক বৰ্ষত দেশৰ ৩৩খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত প্রদেশত প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা বৃহৎ হাৰত হ্রাস পাইছে। কেন্দ্রীয় শিক্ষা মন্ত্ৰ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃহৎ হাৰত হ্রাস পোৱাৰ কাৰণ কি সেই সম্পৰ্কে অনুসন্ধান কৰাৰ লগতে প্ৰতিকাৰমূলক কৰ্ম আঁচনি প্রস্তুত কৰিবলৈ সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহক নির্দেশ দিয়ে। এখন ইংৰাজী দৈনিকে প্রকাশ কৰা এটা বাতৰিত এই কথা প্রকাশ পাইছে।

বাতৰিকাকতখনত প্ৰকাশ পোৱা মতে, অলপতে শিক্ষা মন্ত্র্যালয়ে ৩৩খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পি এম-পোষণ আঁচনিৰ অধীনত প্ৰদৰ্শন, আঁচনি আৰু বাজেট সম্পর্কে আলোচনা কৰা হয়। এই বৈঠকত ২৩খন ৰাজ্যত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্রাস পোৱাৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ ভিতৰত ৮খন ৰাজ্যত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা এক লাখতকৈ অধিক। উত্তৰ প্ৰদেশ নামভর্তি হ্রাস পোৱা ৰাজ্যৰ তালিকাত শীৰ্ষত আছে। ৰাজ্যখনত যোৱা বছৰৰ তুলনাত চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২১.৮৩ লাখ হ্রাস পাইছে। আনহাতে, বিহাৰত ৬.১৪ লাখ, ৰাজস্থানত ৫.৬৩ লাখ আৰু পশ্চিম বংগত যোৱা বছৰৰ তুলনাত নামভৰ্তিৰ সংখ্যা ৪.০১ লাখ হ্রাস পায়। উল্লেখযোগ্য যে পি এম-পোষণ অর্থাৎ প্রধানমন্ত্রী পোষণ শক্তি নিৰ্মাণ (পূৰ্বৰ মধ্যাহ্ন ভোজন) আঁচনিয়ে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত স্কুলৰ অষ্টম শ্রেণীলৈকে ছাত্র-ছাত্ৰীক সামৰি লয়। প্রাক-প্রাথমিকৰ পৰা অষ্টম শ্রেণীলৈকে ছাত্র-ছাত্রীক পুষ্টিকৰ আহাৰৰ যোগান ধৰা তিনি দশকৰ আগতে আৰম্ভ কৰা এই আঁচনিৰ বাবে ৬০% পুঁজি কেন্দ্ৰীয় চৰকাৰে আৰু বাকী ৪০% পুঁজি ৰাজ্য চৰকাৰে যোগান ধৰে। জানিব পৰা মতে, চৰকাৰী আৰু চৰকাৰী খণ্ডৰ স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০২৩-২৪ বৰ্ষৰ তুলনাত ২০২৪-২৫ বর্ষত কর্ণাটকত প্রায় ২ লাখ, অসমত ১.৬৮ লাখ, তামিলনাডুত ১.৬৫ লাখ আৰু দিল্লীত ১.০৫ লাখ হ্রাস পাইছে। চৰকাৰী স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাৰ প্ৰৱণতাক লৈ শিক্ষা মন্ত্ৰ্যালয়ৰ স্কুল শিক্ষা সচিবে উদ্বেগ প্রকাশ কৰে আৰু ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহক ইয়াৰ কাৰণ চিনাক্ত কৰি ৩০ জুনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ পৰামৰ্শ দিয়ে। 

উল্লেখযোগ্য যে চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা হ্রাস পোৱাৰ তথ্য প্রথমে পোহৰলৈ আহিছিল ২০২৩-২৪ বৰ্ষৰ বাবে 'ইউডাইজ+'-এ প্রকাশ কৰা এখন প্রতিবেদনত। উক্ত প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বর্ষত গড় হিচাপত চৰকাৰী স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১.৫ কোটি হ্রাস পাইছিল। পি এম-পোষণৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই প্ৰৱণতা ২০২৪-২৫ বর্ষতো অব্যাহত আছে। সেয়েহে চৰকাৰ এতিয়া এই প্রৱণতাক লৈ উদ্বিগ্ন হৈ পৰিছে। নাম প্রকাশত অনিচ্ছুক শিক্ষা মন্ত্র্যালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি, চৰকাৰী স্কুলত নামভৰ্তি হ্রাস পোৱাৰ দুটা কাৰণ হ'ব পাৰে। ইয়াৰে প্ৰথমটো হ'ল তথ্য সংগ্ৰহ প্ৰণালীৰ পৰিৱৰ্তন-স্কুল ভিত্তিক প্রতিবেদনৰ (কেৱল মুঠ সংখ্যা) পৰা ছাত্ৰ ভিত্তিত তথ্যৰ প্ৰতিবেদন। ছাত্ৰ-ভিত্তিক তথ্যৰ প্ৰতিবেদনত এতিয়া ছাত্র-ছাত্ৰীৰ নাম, ঠিকনা, পিতৃ-মাতৃৰ নাম তথা আধাৰ নম্বৰো উল্লেখ কৰা হয়। এই নতুন ব্যৱস্থাৰ ফলত বৃহৎসংখ্যক ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম এতিয়া চৰকাৰী স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ তালিকাৰ পৰা বাদ পৰিছে। আনহাতে, দ্বিতীয়টো কাৰণ হ'ল কভিড মহামাৰীৰ পাছত চৰকাৰী স্কুলৰ পৰা ব্যক্তিগত খণ্ডৰ স্কুলত নামভৰ্তি কৰোৱাটো। কেইবাখনো ৰাজ্যই এই মত প্রকাশ কৰিছে যে কভিড মহামাৰীৰ সময়ৰ পৰাই চৰকাৰী স্কুলৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। বৈঠকত এই তথ্যও জানিব পৰা হয় যে চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা হ্রাস পোৱাৰ লগে লগে পি এম-পোষণ আঁচনিয়ে সামৰি লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও হ্রাস পাইছে। দিল্লীত ২০২৩-২৪ বৰ্ষৰ তুলনাত এই আঁচনিয়ে সামৰি লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৯৭ হাজাৰ হ্রাস পাইছে। ইয়াৰ উপৰি এই আঁচনিয়ে সামৰি লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৰাজস্থানত ৩.২৭ লাখ, পশ্চিম বংগত ৮.০৪ লাখ হ্রাস পাইছে। বিষয়াসকলে লগতে এই কথাও প্রকাশ কৰে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে আজিকালি নিজাকৈ টিফিন লৈ আহে আৰু ইয়াৰ ফলতো আঁচনিখনে উপকৃত কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস কৰিছে। শিক্ষা মন্ত্র্যালয়ে এতিয়া ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত যোগান ধৰা খাদ্যৰ মান পৰীক্ষা কৰা আৰু গুণগত মান সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে।

Share This